--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মৃত্যুৰ ভাবুকি পালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি উদ্যোগপতিগৰাকীক  ই-মেইলৰ জড়িয়তে ধন দাবী কৰা হৈছে আৰু সেই ধন আদায় নিদিলে তেওঁক হত্যাৰ  ভাবুকি দিয়া হৈছে। দুৰ্বৃত্তই আম্বানীক ২০ কোটি টকা দাবী কৰা বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি মুকেশ আম্বানীয়ে এই সপ্তাহৰ আৰম্ভণিতে এনে ধৰণৰ ভাবুকিপূৰ্ণ  এটা ইমেইল পাইছিল।ই-মেইলত কোৱা হৈছে  "যদি আপুনি ২০  কোটি টকা পৰিশোধ নকৰে, আপোনাক হত্যা কৰা হ'ব,"। ঘটনাটোৰ ঠিক পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দৈায়িত্বতত থকা  বিষয়াসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে  ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।  আৰক্ষীয়ে অনুসন্ধান চলাই জানিব পাৰিছে যে  ভাবুকিটো ২৭ অক্টোবৰত শাদাব খান নামৰ এজন ব্যক্তিৰ পৰা আহিছিল। এই ভাবুকিৰ আঁৰত এটা ডাঙৰ দল আছে নেকি সেয়াও অনুসন্ধান কৰা হৈছে।

 যোৱা বছৰো ৰিলায়েন্সৰ অধ্যক্ষগৰাকীক  মৃত্যুৰ ভাবুকি দিয়া হৈছিল। যোৱা বছৰ ফোন কলৰ জড়িয়তে মুকেশ আম্বানীক ভাবুকি দিয়া হৈছিল । ফোনত কোৱা হৈছিল যে তেওঁৰ এইচএন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেল আৰু দক্ষিণ মুম্বাইত থকা বাসভৱন  'এণ্টিলিয়া' উৰুৱাই দিয়া হ'ব। আনকিআম্বানীৰ ঘৰৰ বাহিৰত বোমাও ৰখা হৈছিল।

 ঘটনাটোৱে আতংকৰ সৃষ্টি কৰিছিল। সেই সময়ৰে পৰাই আম্বানীৰ ঘৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছিল। ফোনত ভাবুকি দিয়া অভিযুক্তজনক অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া আম্বানীয়ে ২০ কোটি টকা আদায় দিয়াৰ   ভাবুকি দি প্ৰেৰণ কৰা এটা ই-মেইল পাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ