--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ মৃত্যুৰ ভাবুকি পালে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে। আৰক্ষীয়ে জনোৱা অনুসৰি উদ্যোগপতিগৰাকীক  ই-মেইলৰ জড়িয়তে ধন দাবী কৰা হৈছে আৰু সেই ধন আদায় নিদিলে তেওঁক হত্যাৰ  ভাবুকি দিয়া হৈছে। দুৰ্বৃত্তই আম্বানীক ২০ কোটি টকা দাবী কৰা বুলি জানিব পৰা গৈছে। 

আৰক্ষীয়ে জনোৱা অনুসৰি মুকেশ আম্বানীয়ে এই সপ্তাহৰ আৰম্ভণিতে এনে ধৰণৰ ভাবুকিপূৰ্ণ  এটা ইমেইল পাইছিল।ই-মেইলত কোৱা হৈছে  "যদি আপুনি ২০  কোটি টকা পৰিশোধ নকৰে, আপোনাক হত্যা কৰা হ'ব,"। ঘটনাটোৰ ঠিক পিছতে আম্বানীৰ ঘৰৰ নিৰাপত্তাৰ দৈায়িত্বতত থকা  বিষয়াসকলে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে। আৰক্ষীয়ে ইতিমধ্যে  ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে।  আৰক্ষীয়ে অনুসন্ধান চলাই জানিব পাৰিছে যে  ভাবুকিটো ২৭ অক্টোবৰত শাদাব খান নামৰ এজন ব্যক্তিৰ পৰা আহিছিল। এই ভাবুকিৰ আঁৰত এটা ডাঙৰ দল আছে নেকি সেয়াও অনুসন্ধান কৰা হৈছে।

 যোৱা বছৰো ৰিলায়েন্সৰ অধ্যক্ষগৰাকীক  মৃত্যুৰ ভাবুকি দিয়া হৈছিল। যোৱা বছৰ ফোন কলৰ জড়িয়তে মুকেশ আম্বানীক ভাবুকি দিয়া হৈছিল । ফোনত কোৱা হৈছিল যে তেওঁৰ এইচএন ৰিলায়েন্স ফাউণ্ডেচন হস্পিটেল আৰু দক্ষিণ মুম্বাইত থকা বাসভৱন  'এণ্টিলিয়া' উৰুৱাই দিয়া হ'ব। আনকিআম্বানীৰ ঘৰৰ বাহিৰত বোমাও ৰখা হৈছিল।

 ঘটনাটোৱে আতংকৰ সৃষ্টি কৰিছিল। সেই সময়ৰে পৰাই আম্বানীৰ ঘৰৰ নিৰাপত্তাও বৃদ্ধি কৰা হৈছিল। ফোনত ভাবুকি দিয়া অভিযুক্তজনক অৱশেষত বিহাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছিল। এতিয়া আম্বানীয়ে ২০ কোটি টকা আদায় দিয়াৰ   ভাবুকি দি প্ৰেৰণ কৰা এটা ই-মেইল পাইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ