--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ মৰিচাছত কৰ্মৰত অৱস্থাত বাংলাদেশৰ এজন যুৱকে এগৰাকী যুৱতীৰ প্ৰেমত পৰে। সেই প্ৰেমেৰ পৰিণতি যে এনেকোৱা হ’ব, সেয়া কোনেও সপোনতে ভবা নাছিল। কিন্তু কল্পনাতকৈ বাস্তৱ যে অধিক আশ্চৰ্যকৰ!  সেয়ে, ৰূপকথাৰ দৰে দুয়োৰে বিবাহ সম্পন্ন হয় যথাসময়ত। বিবাহৰ ডেৰ বছৰ পিছত মৰিচাছৰ পৰা বাংলাদেশৰ শহুৰেকৰ ঘৰলৈ আহিছে মুস্তাকিনৰ কইনা। চলিত বৰ্ষৰ ৪ জুনত মুস্তাকিনে পত্নী বিবি সোহেলাৰ সৈতে ঘৰলৈ উভতিছে। বোৱাৰীক কাষতে পাই এতিয়া উলাহে নধৰা হিয়া মুস্তাকিনৰ পৰিয়ালত।

খবৰ অনুসৰি, বাংলাদেশৰ ফৰিদপুৰৰ বাসিন্দা মুস্তাকিনৰ জন্ম হৈছিল এটা কৃষক পৰিয়ালত। তেওঁ মৰিচাছৰ এটা নিৰ্মাণ কোম্পানীত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। তাতেই বিবি সোহেলাৰ সৈতে তেওঁৰ পৰিচয়। বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈ আছিল। মুস্তাকিনৰ লগত চিনাকি হোৱাৰ পিছত দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক । দুবছৰৰ পিছত দুয়ো বিবাহ পাশতো আবদ্ধ হয়। একে একে দুই হোৱা আজি ডেৰটা বছৰ পাৰ হৈ গ’ল৷ চলিত মাহৰ আৰম্ভণিতে পত্নীৰ সৈতে ঘৰলৈ উভতে মুস্তাকিন।

বিগত শনিবাৰে পুৱা মৰিচাছৰ পৰা ঢাকাৰ শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিবি সোহেলা। পিছত স্বামী মুস্তাকিনে পত্নীক নিজৰ গাঁৱৰ ঘৰলৈ লৈ যায়। বিদেশী কইনাৰ আগমনৰ খবৰ পাই মুস্তাকিনৰ ঘৰত সমবেত হৈছে ওচৰ চুবুৰীয়া। মৰিচাছৰ ৰাজধানী প’ৰ্ট লুইছৰ এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সোহেলাই। গতিকে ধৰ্মই তেওঁলোকৰ জীৱনত বাটৰ কাঁইট হৈ থিয় নিদিলে। মুস্তাকিনৰ পিতৃ খাবীৰ ফকিৰে জনোৱা মতে, ল’ৰাজনে পূৰ্বেই তেওঁলোকক সম্পৰ্ক আৰু বিবাহৰ বিষয়ে জনাইছিল। পিছত তেওঁলোকে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে বিমানবন্দৰলৈ গৈ বোৱাৰী সোহেলাক গ্ৰহণ কৰে। মুস্তাকিন ফকিৰৰ মতে, এমাহৰ ছুটীত তেওঁৰ পত্নী বাংলাদেশলৈ আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ