--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আফ্ৰিকাৰ মৰিচাছত কৰ্মৰত অৱস্থাত বাংলাদেশৰ এজন যুৱকে এগৰাকী যুৱতীৰ প্ৰেমত পৰে। সেই প্ৰেমেৰ পৰিণতি যে এনেকোৱা হ’ব, সেয়া কোনেও সপোনতে ভবা নাছিল। কিন্তু কল্পনাতকৈ বাস্তৱ যে অধিক আশ্চৰ্যকৰ!  সেয়ে, ৰূপকথাৰ দৰে দুয়োৰে বিবাহ সম্পন্ন হয় যথাসময়ত। বিবাহৰ ডেৰ বছৰ পিছত মৰিচাছৰ পৰা বাংলাদেশৰ শহুৰেকৰ ঘৰলৈ আহিছে মুস্তাকিনৰ কইনা। চলিত বৰ্ষৰ ৪ জুনত মুস্তাকিনে পত্নী বিবি সোহেলাৰ সৈতে ঘৰলৈ উভতিছে। বোৱাৰীক কাষতে পাই এতিয়া উলাহে নধৰা হিয়া মুস্তাকিনৰ পৰিয়ালত।

খবৰ অনুসৰি, বাংলাদেশৰ ফৰিদপুৰৰ বাসিন্দা মুস্তাকিনৰ জন্ম হৈছিল এটা কৃষক পৰিয়ালত। তেওঁ মৰিচাছৰ এটা নিৰ্মাণ কোম্পানীত ৰাজমিস্ত্ৰী হিচাপে কাম কৰিছিল। তাতেই বিবি সোহেলাৰ সৈতে তেওঁৰ পৰিচয়। বিশ্ববিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰি এটা ব্যক্তিগত কোম্পানীত নিয়োজিত হৈ আছিল। মুস্তাকিনৰ লগত চিনাকি হোৱাৰ পিছত দুয়োৰে মাজত গঢ় লৈ উঠে প্ৰেমৰ সম্পৰ্ক । দুবছৰৰ পিছত দুয়ো বিবাহ পাশতো আবদ্ধ হয়। একে একে দুই হোৱা আজি ডেৰটা বছৰ পাৰ হৈ গ’ল৷ চলিত মাহৰ আৰম্ভণিতে পত্নীৰ সৈতে ঘৰলৈ উভতে মুস্তাকিন।

বিগত শনিবাৰে পুৱা মৰিচাছৰ পৰা ঢাকাৰ শ্বাহজালাল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত উপস্থিত হয় বিবি সোহেলা। পিছত স্বামী মুস্তাকিনে পত্নীক নিজৰ গাঁৱৰ ঘৰলৈ লৈ যায়। বিদেশী কইনাৰ আগমনৰ খবৰ পাই মুস্তাকিনৰ ঘৰত সমবেত হৈছে ওচৰ চুবুৰীয়া। মৰিচাছৰ ৰাজধানী প’ৰ্ট লুইছৰ এটা মুছলমান পৰিয়ালত জন্মগ্ৰহণ কৰিছিল সোহেলাই। গতিকে ধৰ্মই তেওঁলোকৰ জীৱনত বাটৰ কাঁইট হৈ থিয় নিদিলে। মুস্তাকিনৰ পিতৃ খাবীৰ ফকিৰে জনোৱা মতে, ল’ৰাজনে পূৰ্বেই তেওঁলোকক সম্পৰ্ক আৰু বিবাহৰ বিষয়ে জনাইছিল। পিছত তেওঁলোকে আৰু তেওঁলোকৰ পৰিয়ালৰ লোকে বিমানবন্দৰলৈ গৈ বোৱাৰী সোহেলাক গ্ৰহণ কৰে। মুস্তাকিন ফকিৰৰ মতে, এমাহৰ ছুটীত তেওঁৰ পত্নী বাংলাদেশলৈ আহিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ