--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কৰ্মৰ জ্যোতিৰে উজলি উঠিল এগৰাকী অসমীয়া। এইবাৰ শিক্ষাদানৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে স্বীকৃতি লাভ কৰিছে এগৰাকী অসমীয়া মূলৰ মাৰ্কিন শিক্ষয়িত্ৰীয়ে। প্ৰখ্যাত ‘টাইম’ আলোচনীৰ ১০গৰাকী ‘ইন’ভেটিভ টিচাৰ্ছ’ অৰ্থাৎ উদ্ভাৱনী প্ৰতিভাসম্পন্ন শিক্ষয়িত্ৰীৰ তালিকাত স্থান লাভ কৰিছে এইগৰাকী অসমীয়া মূলৰ মাৰ্কিন মহিলাই। বুধবাৰে এই তালিকা প্ৰকাশ কৰিছে বিশ্ববিখ্যাত আলোচনীখনে।

এইগৰাকী শিক্ষয়িত্ৰী হৈছে ৰাস্না নাথ। চান্দলাৰ আৰিজোনাৰ বাসিন্দা এইগৰাকী ৰাস্না নাথে এচিপি হাইস্কুলত শিক্ষকতা কৰি আহিছে। তেওঁ এই বছৰৰ অন্যতম এগৰাকী উদ্ভাৱনী প্ৰতিভাসম্পন্ন শিক্ষয়িত্ৰীৰ স্বীকৃতি লাভ কৰিছে। ড্ৰীম ৰিচাৰ্ছ ইনোভেট প্ৰবলেম/ প্ৰজেক্ট বেছড লাৰ্নিং শীৰ্ষক কাৰ্যসূচীৰ বাবে তেওঁ এই স্বীকৃতি লাভ কৰে। তেওঁ সমালোচনাত্মক চিন্তা-চৰ্চাৰ উদগনি দিয়া, সমস্যা সমাধান আৰু গৱেষণা কৌশলৰ বিকাশ ঘটোৱা আদিৰ দৰে বিষয়ৰ প্ৰশিক্ষণ দি আহিছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ দি আহিছে শিক্ষয়িত্ৰীগৰাকীয়ে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক পেটেণ্ট প্ৰতিষ্ঠা কৰাৰ বাবে উদগনি যোগোৱা তথা নৱম শ্ৰেণীতেই নিজৰ একোটাকৈ কোম্পানীৰ বাবে আবেদন কৰাৰ বাবেও উদগনি দি আহিছে। তেওঁক এই স্বীকৃতি প্ৰদান কৰি ‘টাইম’ আলোচনীয়ে লিখিছে, ‘তেওঁ এগৰাকী ‘হানী বী’ বিজ্ঞানী, উদ্ভাৱক আৰু উদ্যমী। তেওঁ চান্দলাৰ পাব্লিক স্কুলত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আহিছে আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক শিক্ষা প্ৰদানৰ এক একক, ব্যতিক্ৰমী আৰু নতুন আৰ্হিৰ সৃষ্টি কৰিছে।’

উল্লেখ্য যে, ৰাস্না নাথে গুৱাহাটীৰ ছেইণ্ট মেৰীজ ইংলিছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত বিবাহসূত্ৰে আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ কটন কলেজত সাবিত্ৰী গগৈৰ সৈতে গৱেষণাৰ কাম কৰি আছিল। ৰাস্না নাথৰ এই সাফল্য আৰু তেওঁলৈ অহা এই গুৰুত্বপূৰ্ণ স্বীকৃতি সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ