--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পুনৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ কৰ্মৰ জ্যোতিৰে উজলি উঠিল এগৰাকী অসমীয়া। এইবাৰ শিক্ষাদানৰ ক্ষেত্ৰত দেখুওৱা পাৰদৰ্শিতাৰ বাবে স্বীকৃতি লাভ কৰিছে এগৰাকী অসমীয়া মূলৰ মাৰ্কিন শিক্ষয়িত্ৰীয়ে। প্ৰখ্যাত ‘টাইম’ আলোচনীৰ ১০গৰাকী ‘ইন’ভেটিভ টিচাৰ্ছ’ অৰ্থাৎ উদ্ভাৱনী প্ৰতিভাসম্পন্ন শিক্ষয়িত্ৰীৰ তালিকাত স্থান লাভ কৰিছে এইগৰাকী অসমীয়া মূলৰ মাৰ্কিন মহিলাই। বুধবাৰে এই তালিকা প্ৰকাশ কৰিছে বিশ্ববিখ্যাত আলোচনীখনে।

এইগৰাকী শিক্ষয়িত্ৰী হৈছে ৰাস্না নাথ। চান্দলাৰ আৰিজোনাৰ বাসিন্দা এইগৰাকী ৰাস্না নাথে এচিপি হাইস্কুলত শিক্ষকতা কৰি আহিছে। তেওঁ এই বছৰৰ অন্যতম এগৰাকী উদ্ভাৱনী প্ৰতিভাসম্পন্ন শিক্ষয়িত্ৰীৰ স্বীকৃতি লাভ কৰিছে। ড্ৰীম ৰিচাৰ্ছ ইনোভেট প্ৰবলেম/ প্ৰজেক্ট বেছড লাৰ্নিং শীৰ্ষক কাৰ্যসূচীৰ বাবে তেওঁ এই স্বীকৃতি লাভ কৰে। তেওঁ সমালোচনাত্মক চিন্তা-চৰ্চাৰ উদগনি দিয়া, সমস্যা সমাধান আৰু গৱেষণা কৌশলৰ বিকাশ ঘটোৱা আদিৰ দৰে বিষয়ৰ প্ৰশিক্ষণ দি আহিছে। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ শিক্ষাৰ্থীসকলক এই প্ৰশিক্ষণ দি আহিছে শিক্ষয়িত্ৰীগৰাকীয়ে।

তেওঁ লগতে ছাত্ৰ-ছাত্ৰীসকলক পেটেণ্ট প্ৰতিষ্ঠা কৰাৰ বাবে উদগনি যোগোৱা তথা নৱম শ্ৰেণীতেই নিজৰ একোটাকৈ কোম্পানীৰ বাবে আবেদন কৰাৰ বাবেও উদগনি দি আহিছে। তেওঁক এই স্বীকৃতি প্ৰদান কৰি ‘টাইম’ আলোচনীয়ে লিখিছে, ‘তেওঁ এগৰাকী ‘হানী বী’ বিজ্ঞানী, উদ্ভাৱক আৰু উদ্যমী। তেওঁ চান্দলাৰ পাব্লিক স্কুলত এগৰাকী শিক্ষয়িত্ৰী হিচাপে কাম কৰি আহিছে আৰু উচ্চ মাধ্যমিক বিদ্যালয়ক শিক্ষা প্ৰদানৰ এক একক, ব্যতিক্ৰমী আৰু নতুন আৰ্হিৰ সৃষ্টি কৰিছে।’

উল্লেখ্য যে, ৰাস্না নাথে গুৱাহাটীৰ ছেইণ্ট মেৰীজ ইংলিছ হাইস্কুলৰ পৰা স্কুলীয়া শিক্ষা গ্ৰহণ কৰিছিল। ২০০৩ চনত বিবাহসূত্ৰে আমেৰিকালৈ যোৱাৰ পূৰ্বে তেওঁ কটন কলেজত সাবিত্ৰী গগৈৰ সৈতে গৱেষণাৰ কাম কৰি আছিল। ৰাস্না নাথৰ এই সাফল্য আৰু তেওঁলৈ অহা এই গুৰুত্বপূৰ্ণ স্বীকৃতি সকলোৰে বাবে প্ৰেৰণাৰ উৎস হৈ পৰিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ