--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক কেইবছৰমানত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে। অনাগত দশকত এনে অস্ত্ৰ ব্যৱহাৰ কৰাৰ আশংকা অধিক প্ৰবল হোৱাৰ আশংকা কৰা হৈছে। সোমবাৰে ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদনখনত এই মুহূৰ্তত ৰাছিয়াৰ হাতত অধিক পাৰমাণৱিক অস্ত্ৰ মজুত থকা বুলিও প্ৰকাশ পাইছে।

চিপিআৰৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা সামান্য হ্ৰাস পাইছে। কিন্তু ইউক্ৰেইনত ৰাছিয়াৰ অভিযান আৰু কিয়েভৰ প্ৰতি পশ্চিমীয়া সমৰ্থনক লৈ বিশ্বৰ ৯খন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। পাৰমাণৱিক শক্তিসমূহ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিশ্বত পাৰমাণৱিক অস্ত্ৰ উদ্ভাৱনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব।

স্মৰ্তব্য যে, বিগত ২৪ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন-ৰাছিয়াৰ মহাসমৰ আৰম্ভ হৈছিল। ইয়াৰ ৩দিন পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰৰ দায়িত্বত থকা দেশসমূহক সংকেত দিছিল বুলিও খবৰ ওলাইছিল। আনকি, ৰাছিয়াৰ এই অভিযানত যিসমূহ দেশে বাধাৰ সৃষ্টি কৰিব তেওঁলোকক সকীয়াই দিছিল পুতিনে।

এই অধ্যয়ন অনুসৰি, বৰ্তমান ৰাছিয়াত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে। দেশখনত ৫,৯৭৭টা পাৰমাণৱিক অস্ত্ৰ আছে, আমেৰিকাৰ তুলনাত ৫৫০টা বেছি পাৰমাণৱিক অস্ত্ৰ আছে ৰাছিয়াৰ কোষাগাৰত। এই বিষয়টো এতিয়া চিন্তাৰ কাৰণ হৈ পৰা দেখা গৈছে সকলোৰে বাবে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ