--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক কেইবছৰমানত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা অভিলেখ সৃষ্টি কৰাৰ সম্ভাৱনা আছে বুলি প্ৰকাশ পাইছে। অনাগত দশকত এনে অস্ত্ৰ ব্যৱহাৰ কৰাৰ আশংকা অধিক প্ৰবল হোৱাৰ আশংকা কৰা হৈছে। সোমবাৰে ষ্টকহ’ম আন্তঃৰাষ্ট্ৰীয় শান্তি গৱেষণা প্ৰতিষ্ঠানে প্ৰকাশ কৰা এক গৱেষণা প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য। প্ৰতিবেদনখনত এই মুহূৰ্তত ৰাছিয়াৰ হাতত অধিক পাৰমাণৱিক অস্ত্ৰ মজুত থকা বুলিও প্ৰকাশ পাইছে।

চিপিআৰৰ প্ৰতিবেদন অনুসৰি, ২০২১ চনৰ জানুৱাৰীৰ পৰা ২০২২ চনৰ জানুৱাৰীৰ ভিতৰত বিশ্বত পাৰমাণৱিক অস্ত্ৰৰ সংখ্যা সামান্য হ্ৰাস পাইছে। কিন্তু ইউক্ৰেইনত ৰাছিয়াৰ অভিযান আৰু কিয়েভৰ প্ৰতি পশ্চিমীয়া সমৰ্থনক লৈ বিশ্বৰ ৯খন পাৰমাণৱিক অস্ত্ৰধাৰী দেশৰ মাজত উত্তেজনা পুনৰ বৃদ্ধি পাইছে। পাৰমাণৱিক শক্তিসমূহ তৎক্ষণাত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে বিশ্বত পাৰমাণৱিক অস্ত্ৰ উদ্ভাৱনৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাব।

স্মৰ্তব্য যে, বিগত ২৪ ফেব্ৰুৱাৰী মাহত ইউক্ৰেইন-ৰাছিয়াৰ মহাসমৰ আৰম্ভ হৈছিল। ইয়াৰ ৩দিন পাছতে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে পাৰমাণৱিক অস্ত্ৰৰ দায়িত্বত থকা দেশসমূহক সংকেত দিছিল বুলিও খবৰ ওলাইছিল। আনকি, ৰাছিয়াৰ এই অভিযানত যিসমূহ দেশে বাধাৰ সৃষ্টি কৰিব তেওঁলোকক সকীয়াই দিছিল পুতিনে।

এই অধ্যয়ন অনুসৰি, বৰ্তমান ৰাছিয়াত সৰ্বাধিক পাৰমাণৱিক অস্ত্ৰৰ মজুত আছে। দেশখনত ৫,৯৭৭টা পাৰমাণৱিক অস্ত্ৰ আছে, আমেৰিকাৰ তুলনাত ৫৫০টা বেছি পাৰমাণৱিক অস্ত্ৰ আছে ৰাছিয়াৰ কোষাগাৰত। এই বিষয়টো এতিয়া চিন্তাৰ কাৰণ হৈ পৰা দেখা গৈছে সকলোৰে বাবে!

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ