--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: “লাউ সদায় পাতৰ তলত”- পুৰুষতকৈ নাৰীক দুৰ্বল বুজাবলৈ এই বাক্যশাৰী সততে উচ্চাৰিত হয়। আমাৰ সমাজত একবিংশ শতিকাৰ এই যুগতো নাৰীক এনেদৰেই সংজ্ঞায়িত কৰা হয়। ভাৰতীয় প্ৰচলিত সমাজ ব্যৱস্থাত নাৰীৰ স্থান কেৱল ঘৰৰ ভিতৰত। প্ৰাক: বিবাহ কালত এগৰাকী নাৰী কেৱল কাৰোবাৰ ভংগ্নী বা সন্তান, আৰু বিবাহোত্তৰ সময়চোৱাত নাৰী গৰাকী কাৰোবাৰ পত্নী বা মাতৃ। ইমানতে সীমাৱদ্ধ নাৰীৰ সংজ্ঞা। 

এনে প্ৰাচীৰ ভাঙি সমাজৰ কিছুসংখ্যক মহিলাই নিজকে যিকোনো কৰ্মক্ষেত্ৰতে শক্তিশালী ৰূপত দাঙি ধৰিছে যদিও এই মুষ্টিমেয় নাৰীৰ সংখ্যাই নাৰী স্বতন্ত্ৰতাৰ ধাৰণাটোক যথাৰ্থ ৰূপত তুলি ধৰিছে বুলি ক’ব নোৱাৰি। নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন নামত কেৱল নাৰী দিৱসতে সীমিত নহয়, নাৰীৰ স্বতন্ত্ৰতা বা অধিকাৰৰ প্ৰতি চৰ্তহীন সন্মানেহে এই ধাৰণাটোক যথাযথ ৰূপত তুলি ধৰে।

পিছে নাৰী স্বতন্ত্ৰতা কেৱল যে সংজ্ঞাতে সীমাবদ্ধ সেই কথা পুনৰ এবাৰ প্ৰকাশ কৰিছে এগৰাকী ৰাজনৈতিক নেতাই। এটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতিৰ আসনত বহি থকা এই নেতাগৰাকীয়ে ভাৰতীয় প্ৰচলিত সামাজিক ধাৰণাক হুবহু প্ৰকাশ কৰি চূড়ান্ত নাৰীবিদ্বেষী মন্তব্যৰে আক্ৰমণ কৰিছে আন এটা ৰাজনৈতিক দলৰ এগৰাকী নেত্ৰীক।

মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে এনচিপিৰ নেত্ৰী সুপ্ৰিয়া সূলেক উদ্দেশ্যি কৰিছে এই লজ্জাজনক নাৰী বিদ্বেষী মন্তব্য। সূলেক পৰামৰ্শ আগবঢ়াই পাটিলে কয়, “ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক”।
বুধবাৰে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) বাবে সংৰক্ষণৰ দাবীত মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিজেপি গোটে কৰা প্ৰতিবাদৰ সময়ত এই মন্তব্য কৰে পাটিলে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ মধ্য প্ৰদেশৰ স্থানীয় সংস্থাৰ নিৰ্বাচনত অ'বিচিৰ বাবে সংৰক্ষণৰ অনুমতি দিছিল। ইয়াৰ পিছতে সূলেই মন্তব্য কৰিছিল যে, দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিশেষ কাৰোবাৰ সৈতে মিলিত হৈছিল। ইয়াৰ দুদিন পিছতে মধ্য প্ৰদেশত সংৰক্ষণৰ অনুমতি দিয়া হয়। ইমান সোনকালে সংৰক্ষণৰ বাবে সন্মতি আদায় কিদৰে কৰিবলৈ সক্ষম হ’ল সেই লৈ সন্দেহ প্ৰকাশ কৰিছিল সূলেই।

সূলেৰ এই মন্তব্যৰ বাবেই পাটিলে তেওঁক আক্ৰমণ কৰি এই নাৰী বিদ্বেষী মন্তব্য কৰে।

আনহাতে পাটিলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনচিপিৰ ৰাজ্যিক মহিলা শাখাৰ সভাপতি বিদ্যা চৱনে পাটিলক তীব্ৰ আক্ৰমণ কৰে। তেওঁ কয়, “আমি জানো আপুনি মনুস্মৃতিত বিশ্বাস কৰে, কিন্তু আমি আৰু নীৰৱ হৈ নাথাকিম।" 

সুপ্ৰিয়া চুলেৰ স্বামী সদানন্দ সূলেও এক ছ'চিয়েল মিডিয়া পোষ্টত পাটিলৰ মন্তব্যক সমালোচনা কৰি কয়, "এয়া মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিয়ে এগৰাকী নাৰীৰ বিষয়ে কৈছে। মই সদায় কৈ আহিছো যে বিজেপি সদায়ে মহিলা বিদ্বেষী আৰু সুযোগ পালেই মহিলাসকলক অৱমাননা কৰে।"

পাটিলৰ এই মন্তব্য সমগ্ৰ মহিলাৰ বাবেই অপমানজনক বুলি মন্তব্য কৰি সদানন্দ সূলেই নিজ পত্নীক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি