--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: “লাউ সদায় পাতৰ তলত”- পুৰুষতকৈ নাৰীক দুৰ্বল বুজাবলৈ এই বাক্যশাৰী সততে উচ্চাৰিত হয়। আমাৰ সমাজত একবিংশ শতিকাৰ এই যুগতো নাৰীক এনেদৰেই সংজ্ঞায়িত কৰা হয়। ভাৰতীয় প্ৰচলিত সমাজ ব্যৱস্থাত নাৰীৰ স্থান কেৱল ঘৰৰ ভিতৰত। প্ৰাক: বিবাহ কালত এগৰাকী নাৰী কেৱল কাৰোবাৰ ভংগ্নী বা সন্তান, আৰু বিবাহোত্তৰ সময়চোৱাত নাৰী গৰাকী কাৰোবাৰ পত্নী বা মাতৃ। ইমানতে সীমাৱদ্ধ নাৰীৰ সংজ্ঞা। 

এনে প্ৰাচীৰ ভাঙি সমাজৰ কিছুসংখ্যক মহিলাই নিজকে যিকোনো কৰ্মক্ষেত্ৰতে শক্তিশালী ৰূপত দাঙি ধৰিছে যদিও এই মুষ্টিমেয় নাৰীৰ সংখ্যাই নাৰী স্বতন্ত্ৰতাৰ ধাৰণাটোক যথাৰ্থ ৰূপত তুলি ধৰিছে বুলি ক’ব নোৱাৰি। নাৰীৰ প্ৰতি সন্মান প্ৰদৰ্শন নামত কেৱল নাৰী দিৱসতে সীমিত নহয়, নাৰীৰ স্বতন্ত্ৰতা বা অধিকাৰৰ প্ৰতি চৰ্তহীন সন্মানেহে এই ধাৰণাটোক যথাযথ ৰূপত তুলি ধৰে।

পিছে নাৰী স্বতন্ত্ৰতা কেৱল যে সংজ্ঞাতে সীমাবদ্ধ সেই কথা পুনৰ এবাৰ প্ৰকাশ কৰিছে এগৰাকী ৰাজনৈতিক নেতাই। এটা ৰাজনৈতিক দলৰ ৰাজ্যিক সভাপতিৰ আসনত বহি থকা এই নেতাগৰাকীয়ে ভাৰতীয় প্ৰচলিত সামাজিক ধাৰণাক হুবহু প্ৰকাশ কৰি চূড়ান্ত নাৰীবিদ্বেষী মন্তব্যৰে আক্ৰমণ কৰিছে আন এটা ৰাজনৈতিক দলৰ এগৰাকী নেত্ৰীক।

মহাৰাষ্ট্ৰ বিজেপিৰ ৰাজ্যিক বিজেপিৰ সভাপতি চন্দ্ৰকান্ত পাটিলে এনচিপিৰ নেত্ৰী সুপ্ৰিয়া সূলেক উদ্দেশ্যি কৰিছে এই লজ্জাজনক নাৰী বিদ্বেষী মন্তব্য। সূলেক পৰামৰ্শ আগবঢ়াই পাটিলে কয়, “ৰাজনীতি বাদ দি ঘৰত ৰন্ধাবঢ়া কৰক”।
বুধবাৰে অন্যান্য পিছপৰা শ্ৰেণীৰ (অ'বিচি) বাবে সংৰক্ষণৰ দাবীত মহাৰাষ্ট্ৰৰ ৰাজ্যিক বিজেপি গোটে কৰা প্ৰতিবাদৰ সময়ত এই মন্তব্য কৰে পাটিলে।
উল্লেখ্য যে উচ্চতম ন্যায়ালয়ে শেহতীয়াকৈ মধ্য প্ৰদেশৰ স্থানীয় সংস্থাৰ নিৰ্বাচনত অ'বিচিৰ বাবে সংৰক্ষণৰ অনুমতি দিছিল। ইয়াৰ পিছতে সূলেই মন্তব্য কৰিছিল যে, দিল্লী ভ্ৰমণৰ সময়ত মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে বিশেষ কাৰোবাৰ সৈতে মিলিত হৈছিল। ইয়াৰ দুদিন পিছতে মধ্য প্ৰদেশত সংৰক্ষণৰ অনুমতি দিয়া হয়। ইমান সোনকালে সংৰক্ষণৰ বাবে সন্মতি আদায় কিদৰে কৰিবলৈ সক্ষম হ’ল সেই লৈ সন্দেহ প্ৰকাশ কৰিছিল সূলেই।

সূলেৰ এই মন্তব্যৰ বাবেই পাটিলে তেওঁক আক্ৰমণ কৰি এই নাৰী বিদ্বেষী মন্তব্য কৰে।

আনহাতে পাটিলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি এনচিপিৰ ৰাজ্যিক মহিলা শাখাৰ সভাপতি বিদ্যা চৱনে পাটিলক তীব্ৰ আক্ৰমণ কৰে। তেওঁ কয়, “আমি জানো আপুনি মনুস্মৃতিত বিশ্বাস কৰে, কিন্তু আমি আৰু নীৰৱ হৈ নাথাকিম।" 

সুপ্ৰিয়া চুলেৰ স্বামী সদানন্দ সূলেও এক ছ'চিয়েল মিডিয়া পোষ্টত পাটিলৰ মন্তব্যক সমালোচনা কৰি কয়, "এয়া মহাৰাষ্ট্ৰ বিজেপিৰ সভাপতিয়ে এগৰাকী নাৰীৰ বিষয়ে কৈছে। মই সদায় কৈ আহিছো যে বিজেপি সদায়ে মহিলা বিদ্বেষী আৰু সুযোগ পালেই মহিলাসকলক অৱমাননা কৰে।"

পাটিলৰ এই মন্তব্য সমগ্ৰ মহিলাৰ বাবেই অপমানজনক বুলি মন্তব্য কৰি সদানন্দ সূলেই নিজ পত্নীক লৈ গৌৰৱান্বিত বুলি উল্লেখ কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
কোকৰাঝাৰত পত্নী পিতৃগৃহলৈ গুচি যোৱাৰ বাবে স্বামীৰ আত্ম*হ*ত্যা*ৰ প্ৰচেষ্টা
প্ৰধানমন্ত্ৰীৰ জন্মদিন উপলক্ষে বিজেপিৰ ব্যাপক আয়োজন
গজালি ওলোৱা আলু খায় নেকি? ই কৰে স্বাস্থ্যৰ ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী