--°C
Loading...
Listen to Article
2 min read
80%
দেশৰ বিভিন্ন প্ৰান্তত হিন্দীক ৰাষ্ট্ৰভাষা হিচাবে প্ৰতিষ্ঠা কৰিবলৈ একাংশ লোকে চেষ্টা অব্যাহত ৰাখিছে। হিন্দীক ৰাষ্ট্ৰভাষা হিচাবে প্ৰতিষ্ঠা কৰাৰ এই অভিযানৰ সৈতে জৰিত হৈ পৰিছে বলীউডৰ বহু প্ৰখ্যাত অভিনেতা-অভিনেত্ৰীয়েও। এনে সময়তে হিন্দীৰ দৰে তামিল ভাষাকো চৰকাৰী ভাষা হিচাবে স্বীকৃতি দিয়াৰ দাবী জনালে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিনে। 

এক প্ৰকাৰ চল চাই যেন কঠীয়া পাৰিলে ষ্টালিনে। মোদীৰ সৈতে আজি ষ্টালিন বহিছিল একেখন  মঞ্চতে। চেন্নাইত এক অনুষ্ঠানত দুয়োগৰাকী ৰাজনীতিকে একেলগে ভাগ লৈছিল। সেই সময়তে ষ্টালিনে মোদীক তামিল ভাষাক চৰকাৰী ভাষা হিচাবে স্বীকৃতি প্ৰদানৰ দাবী জনায়।উল্লেখ্য তামিল হৈছে ভাৰতৰ লগতে বিশ্বৰ প্ৰাচীন ভাষা । সেই দিশৰ পৰা তামিল ভাষাক চৰকাৰী ভাষা হিচাবে স্বীকৃতি দিব লাগে বুলি বিভিন্ন পক্ষই দাবী জনাই আহিছে। ষ্টালিনে আজি মোদীৰ সন্মুখতে সেইদাবী উত্থাপন কৰি তামিল ভাষাক চৰকাৰী ভাষা কৰাৰ দাবীটোক যেন অধিক শক্তিশালী কৰি তুলিলে।

 ষ্টালিনে আজি মোদীক তামিলনাডুক ৰাষ্ট্ৰীয় চিকিৎসা প্ৰৱেশ পৰীক্ষা এনইইটিৰ পৰা ৰেহাই দিয়াৰ বাবেও আহ্বান জনায়।
এই বিষয়ক এখন বিধেয়ক  শেহতীয়াকৈ তামিলনাডু বিধানসভাত গৃহীত হৈছে।" তামিলক হিন্দীৰ দৰে চৰকাৰী ভাষাৰ স্বীকৃতি দিয়াৰ লগতে  মাদ্ৰাজ উচ্চ ন্যায়ালয়ত এই ভাষাৰ প্ৰচলন কৰিবলৈ ষ্টালিনে প্ৰধানমন্ত্ৰীক আহ্বান জনায়।  

যোৱা বছৰ তামিলনাডুত শাসনলৈ অহা ডিএমকে দলে দীৰ্ঘদিন ধৰি তামিল ভাষাক "চৰকাৰী আৰু প্ৰশাসনিক" ভাষাৰ মৰ্যাদা প্ৰদান কৰিবলৈ দাবী জনাই আহিছে৷  অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে তামিল ভাষাক "চিৰন্তন" ভাষা বুলি অভিহিত কৰে। মোদীয়ে অৱশ্যে তামিল ভাষাক চৰকাৰী ভাষাৰ স্বীকৃতি দিয়া হ’ব নে নাই সেই বিষয়ত কোনো কথা স্পষ্টকৈ নক’লে। দক্ষিণ ভাৰতৰ ৰাজ্য সমূহত শেহতীয়াকৈ হিন্দী ভাষাৰ বিৰুদ্ধে এক জাগৰণৰ সৃষ্টি হৈছে। বলীউডৰ অভিনেতা অজয় দেৱগণে হিন্দীক ৰাষ্ট্ৰ ভাষা বুলি কোৱাৰ পিছতে বাংগালুৰুত অভিনেতাজনৰ বিৰুদ্ধে প্ৰৱল প্ৰতিবাদ হৈছিল। 



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ