--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজনীতিৰ পথাৰত খোজ দিব নেকি ৰোহিত শৰ্মাই? এই বিষয়টো এতিয়া সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে। কিয়নো ৰোহিতক নিজ বাসগৃহলৈ আমন্ত্ৰণ জনাইছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নৱিছে।

যাৰ বাবে হঠাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন ৰাজনীতিৰ পথাৰত খোজ দিব নেকি ৰোহিত শৰ্মাই।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নৱিছে ৰোহিতক আমন্ত্ৰণ কৰি ফুলৰ তোৰাৰে উষ্ম আদৰণি জনায়। ৰোহিত শৰ্মাৰ সৈতে সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে দেবেন্দ্ৰ ফড়নৱিছে। তাৰ পিছৰে পৰা আৰম্ভ হৈছে জল্পনা-কল্পনা।

ফড়নৱিছে সামাজিক মাধ্যমত লিখিছে যে , ‘‘মোৰ চৰকাৰী বাসভৱনত ৰোহিত শৰ্মাৰ সৈতে সাক্ষাৎ কৰিলোঁ। তেওঁৰ সৈতে কথা পাতি ভাল লাগিল। শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰ লৈছে ৰোহিতে। তেওঁৰ পৰৱৰ্তী যাত্ৰাৰ বাবে শুভেচ্ছা থাকিল।’’ ইয়াৰ পাছৰে পৰা ৰোহিত শৰ্মাৰ ৰাজনীতিলৈ অহাক লৈ সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে ৰোহিত শৰ্মাই হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। কোনো সংবাদমেল নাপাতি ইনষ্টাগ্ৰামত পোষ্ট দি নিজৰ অৱসৰৰ কথা ঘোষণা কৰিছিল ৰোহিত শৰ্মাই। আৰু তাৰ পাছৰে পৰা ৰোহিত শৰ্মাৰ ৰাজনীতিলৈ অহাক লৈ চলিছে চৰ্চা।

সময়তহে গম পোৱা যাব ক্ৰীড়াক্ষেত্ৰৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰোহিত শৰ্মাৰ গমন হ'ব নে নাই।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত