--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজনীতিৰ পথাৰত খোজ দিব নেকি ৰোহিত শৰ্মাই? এই বিষয়টো এতিয়া সকলোৰে মাজত এক চৰ্চাৰ বিষয় হৈ পৰিছে। কিয়নো ৰোহিতক নিজ বাসগৃহলৈ আমন্ত্ৰণ জনাইছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নৱিছে।

যাৰ বাবে হঠাৎ মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰীৰ সৈতে ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰাক লৈ আৰম্ভ হৈছে জল্পনা-কল্পনা। এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন ৰাজনীতিৰ পথাৰত খোজ দিব নেকি ৰোহিত শৰ্মাই।

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেবেন্দ্ৰ ফড়নৱিছে ৰোহিতক আমন্ত্ৰণ কৰি ফুলৰ তোৰাৰে উষ্ম আদৰণি জনায়। ৰোহিত শৰ্মাৰ সৈতে সেই ফটো সামাজিক মাধ্যমত শ্বেয়াৰ কৰে দেবেন্দ্ৰ ফড়নৱিছে। তাৰ পিছৰে পৰা আৰম্ভ হৈছে জল্পনা-কল্পনা।

ফড়নৱিছে সামাজিক মাধ্যমত লিখিছে যে , ‘‘মোৰ চৰকাৰী বাসভৱনত ৰোহিত শৰ্মাৰ সৈতে সাক্ষাৎ কৰিলোঁ। তেওঁৰ সৈতে কথা পাতি ভাল লাগিল। শেহতীয়াকৈ টেষ্টৰ পৰা অৱসৰ লৈছে ৰোহিতে। তেওঁৰ পৰৱৰ্তী যাত্ৰাৰ বাবে শুভেচ্ছা থাকিল।’’ ইয়াৰ পাছৰে পৰা ৰোহিত শৰ্মাৰ ৰাজনীতিলৈ অহাক লৈ সকলোৰে মাজত প্ৰশ্ন উত্থাপন হৈছে।

উল্লেখযোগ্য যে ৰোহিত শৰ্মাই হঠাৎ টেষ্ট ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা কৰিছিল। কোনো সংবাদমেল নাপাতি ইনষ্টাগ্ৰামত পোষ্ট দি নিজৰ অৱসৰৰ কথা ঘোষণা কৰিছিল ৰোহিত শৰ্মাই। আৰু তাৰ পাছৰে পৰা ৰোহিত শৰ্মাৰ ৰাজনীতিলৈ অহাক লৈ চলিছে চৰ্চা।

সময়তহে গম পোৱা যাব ক্ৰীড়াক্ষেত্ৰৰ পৰা ৰাজনীতিৰ ক্ষেত্ৰলৈ ৰোহিত শৰ্মাৰ গমন হ'ব নে নাই।

উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ