--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোণৰ পদক অৰ্জনেৰে হোজাইলৈ গৌৰৱ কঢ়িয়াই আনিলে দুগৰাকীকৈ যুৱকে। ৰাষ্ট্রীয় পৰ্যায়ৰ থাংতাত সোণৰ পদক আজুৰি আনিলে হোজাই শিঙিমাৰি অঞ্চলৰ ৰাজদ্বীপ দাস আৰু প্ৰণয় দাসে। 

সম্বন্ধত দুয়োগৰাকী খুৰাক আৰু ভতিজাক। বিহাৰত অনুষ্ঠিত উক্ত প্ৰতিযোগিতাত ৰাজদ্বীপে হাৰিয়ানাক আৰু প্ৰণয়ে মধ্যপ্ৰদেশক পৰাজয় কৰি সোণৰ পদক অৰ্জন কৰিবলৈ সক্ষম হয়। দুয়োগৰাকীৰ সফলতাত বৰ্তমান উৎফুল্লিত হোজাইবাসীৰ লগতে অঞ্চলবাসী। 

আজি পুৱা হোজাই ৰেল ষ্টেচনত আহি পোৱাৰ লগে লগেই পৰিয়াল আৰু সমগ্ৰ অঞ্চলবাসীয়ে উষ্ম আদৰণি জনায় দুয়োগৰাকী যুৱককে। উল্লেখ্য ৰাজদ্বীপ দাস হোজাই শংকৰদেৱ বিদ্যা নিকেতন দশম শ্ৰেণীৰ লগতে প্ৰণয় দাস ৰাইকটা হাইস্কুলৰ দশম শ্ৰেণীৰ ছাত্ৰ।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত