--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ৰাজনীতিৰ পথাৰত নামিব ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ  মহম্মদ আজহাৰুদ্দিন ।প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক  কংগ্ৰেছে তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে প্ৰকাশ কৰা  দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকাত আছে মহম্মদ আজহাৰুদ্দিনৰ নাম।  ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ লগতে কংগ্ৰেছৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকাত আন ৪৪ টা নাম আছে।

আজহাৰে ২০০৯ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল আৰু জয়ী হৈছিল। যোৱা লোকসভা নিৰ্বাচনত তেওঁ চেকেন্দ্ৰাবাদৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল। কিন্তু শেষত তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত আছিল।  এইবাৰ প্ৰাক্তন তাৰকাগৰাকীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। 

তেলেংগানাত ৩০ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্য খনত ১১৯ খন আসনত যুঁজ হ'ব। মহম্মদ আজহাৰুদ্দিনে কংগ্ৰেছৰ টিকটত জয়ন্তী পাহাৰৰ আসনত প্ৰতিদ্বন্দিতা কৰিব।  প্ৰাক্তন সাংসদ মধু য়াক্ষী গৌড়াক লাল বাহাদুৰ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

 তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ত মুঠ ১০০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে  কংগ্ৰেছে।  ইয়াৰ পূৰ্বে ১৫ অক্টোবৰতকংগ্ৰেছে   প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম  ঘোষণা কৰিছিল।প্ৰথম তালিকাত  ৫৫ গৰাকী  লোকৰ নাম প্ৰকাশ পাইছিল।কংগ্ৰেছে ৰাজ্যনখনৰ ১১৯ খন আসনতে   প্ৰতিদ্বন্দিতা কৰিব। 
 
নিৰ্বাচন আয়োগে ৩ নৱেম্বৰত এখন জাননী জাৰি কৰিব। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সেইদিনাৰ পৰাই আৰম্ভ হ'ব। কংগ্ৰেছে তেলেংগানাত শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতিৰ সৈতে যুঁজিবলৈ  সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ