--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পুনৰ ৰাজনীতিৰ পথাৰত নামিব ভাৰতীয় দলৰ প্ৰাক্তন ক্ৰিকেটাৰ  মহম্মদ আজহাৰুদ্দিন ।প্ৰাক্তন ক্ৰিকেটাৰগৰাকীক  কংগ্ৰেছে তেলেংগানা বিধানসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে। কংগ্ৰেছে প্ৰকাশ কৰা  দ্বিতীয় খন প্ৰাৰ্থীৰ তালিকাত আছে মহম্মদ আজহাৰুদ্দিনৰ নাম।  ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীৰ লগতে কংগ্ৰেছৰ দ্বিতীয় খন প্ৰাৰ্থী তালিকাত আন ৪৪ টা নাম আছে।

আজহাৰে ২০০৯ চনত উত্তৰ প্ৰদেশৰ মোৰাদাবাদৰ পৰা কংগ্ৰেছৰ টিকটত প্ৰতিদ্বন্দিতা কৰিছিল আৰু জয়ী হৈছিল। যোৱা লোকসভা নিৰ্বাচনত তেওঁ চেকেন্দ্ৰাবাদৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ কথা আছিল। কিন্তু শেষত তেওঁ প্ৰতিদ্বন্দিতা কৰাৰ পৰা বিৰত আছিল।  এইবাৰ প্ৰাক্তন তাৰকাগৰাকীয়ে বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব। 

তেলেংগানাত ৩০ নৱেম্বৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ'ব। ৰাজ্য খনত ১১৯ খন আসনত যুঁজ হ'ব। মহম্মদ আজহাৰুদ্দিনে কংগ্ৰেছৰ টিকটত জয়ন্তী পাহাৰৰ আসনত প্ৰতিদ্বন্দিতা কৰিব।  প্ৰাক্তন সাংসদ মধু য়াক্ষী গৌড়াক লাল বাহাদুৰ নগৰৰ পৰা প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে।

 তেলেংগানাত অনুষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনৰ দুটা পৰ্যায়ত মুঠ ১০০ জন প্ৰাৰ্থীৰ নাম ঘোষণা কৰিছে  কংগ্ৰেছে।  ইয়াৰ পূৰ্বে ১৫ অক্টোবৰতকংগ্ৰেছে   প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থীৰ নাম  ঘোষণা কৰিছিল।প্ৰথম তালিকাত  ৫৫ গৰাকী  লোকৰ নাম প্ৰকাশ পাইছিল।কংগ্ৰেছে ৰাজ্যনখনৰ ১১৯ খন আসনতে   প্ৰতিদ্বন্দিতা কৰিব। 
 
নিৰ্বাচন আয়োগে ৩ নৱেম্বৰত এখন জাননী জাৰি কৰিব। মনোনয়ন দাখিলৰ প্ৰক্ৰিয়া সেইদিনাৰ পৰাই আৰম্ভ হ'ব। কংগ্ৰেছে তেলেংগানাত শাসনাধিষ্ঠিত ভাৰত ৰাষ্ট্ৰ সমিতিৰ সৈতে যুঁজিবলৈ  সাজু হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক