--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "যদি স্বৰ্গ-মৰ্ত্য-পাতালৰ দেৱী আছিল, তেন্তে  ব্ৰিটিছ চৰকাৰে ভাৰতক দাস কৰাৰ সময়ত মা দুৰ্গা ক'ত আছিল?' এই প্ৰশ্ন কৰিছে  আৰজেডিৰ বিধায়ক ফতেহ বাহাদুৰ সিঙে।  আৰজেডি নেতাগৰাকীয়ে  হিন্দু ধৰ্ম সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি এতিয়া সমালোচনাৰ পাত্ৰ হৈ পৰিছে।  অলপতে আৰজেডিৰ বিধায়ক ফতেহ বাহাদুৰ সিঙে  মা দুৰ্গাক কেৱল কাল্পনিক বুলি বৰ্ণনা কৰাই নহয়, লগতে তেওঁ কৈছিল যে যেতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতক গোলাম  কৰিছিল তেতিয়া মা দুৰ্গা ক'ত আছিল?

আৰজেডিৰ বিধায়কজনে কয় যে দুৰ্গা এক কাল্পনিক চৰিত্ৰ । মই স্বীকাৰ কৰিলোহেঁতেন, কিন্তু মোৰ ওচৰত প্ৰমাণ আছে। বিধায়কজনে কয় যে মনুবাদীসকলৰ মতে দেশত ৩৩ কোটি দেৱ-দেৱী আছে, কিন্তু যেতিয়া ভাৰত গোলাম  হৈ পৰিছিল, ব্ৰিটিছ চৰকাৰ ভাৰতলৈ আহিছিল  আৰু গোলাম  বনোৱাৰ কাম কৰিছিল , সেই সময়ত ভাৰতীয়ৰ সংখ্যা আছিল ৩০ কোটি। মই সেই মনুবাদীসকলক সুধিব বিচাৰো- যিয়ে লিখিছিল যে মা দুৰ্গাই মহিষাসুৰৰ কোটি কোটি সৈন্যৰ সৈতে যুঁজিছিল আৰু মহিষাসুৰক হত্যা কৰিছিল। যেতিয়া মুষ্টিমেয় ব্ৰিটিছ চৰকাৰে ভাৰতক গোলাম কৰিছিল, তেতিয়া মা দুৰ্গাই কি কৰি আছিল? দহ হাতৰ অস্ত্ৰ  ক'ত আছিল?


আৰজেডি বিধায়কগৰাকীয়ে লগতে কয় যে   পূজা কৰাটো এটা অযথা খৰচ। 

তেওঁ কয়  যে দেৱ-দেৱীসকলক উপাসনা কৰা হৈছে, পেণ্ডেল নিৰ্মাণ কৰা হৈছে,এয়া অযথা খৰচ। তেওঁ কয় যে এনে  সকলো ব্যয় অপ্ৰয়োজনীয়। যেতিয়া দুৰ্গাৰ কোনো ইতিহাস নাই তেতিয়া মানুহে কিয় ইমান খৰচ কৰিব লাগে?

তেওঁ লগতে কয় যে  মানুবাদী সকলেই  দেৱতাসকলক কাল্পনিক ৰূপ দিছিল আৰু অ'বিচি আৰু এছটিক শুদ্ৰলৈ পৰিণত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ