--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ "যদি স্বৰ্গ-মৰ্ত্য-পাতালৰ দেৱী আছিল, তেন্তে  ব্ৰিটিছ চৰকাৰে ভাৰতক দাস কৰাৰ সময়ত মা দুৰ্গা ক'ত আছিল?' এই প্ৰশ্ন কৰিছে  আৰজেডিৰ বিধায়ক ফতেহ বাহাদুৰ সিঙে।  আৰজেডি নেতাগৰাকীয়ে  হিন্দু ধৰ্ম সম্পৰ্কে বিতৰ্কিত মন্তব্য কৰি এতিয়া সমালোচনাৰ পাত্ৰ হৈ পৰিছে।  অলপতে আৰজেডিৰ বিধায়ক ফতেহ বাহাদুৰ সিঙে  মা দুৰ্গাক কেৱল কাল্পনিক বুলি বৰ্ণনা কৰাই নহয়, লগতে তেওঁ কৈছিল যে যেতিয়া ব্ৰিটিছ চৰকাৰে ভাৰতক গোলাম  কৰিছিল তেতিয়া মা দুৰ্গা ক'ত আছিল?

আৰজেডিৰ বিধায়কজনে কয় যে দুৰ্গা এক কাল্পনিক চৰিত্ৰ । মই স্বীকাৰ কৰিলোহেঁতেন, কিন্তু মোৰ ওচৰত প্ৰমাণ আছে। বিধায়কজনে কয় যে মনুবাদীসকলৰ মতে দেশত ৩৩ কোটি দেৱ-দেৱী আছে, কিন্তু যেতিয়া ভাৰত গোলাম  হৈ পৰিছিল, ব্ৰিটিছ চৰকাৰ ভাৰতলৈ আহিছিল  আৰু গোলাম  বনোৱাৰ কাম কৰিছিল , সেই সময়ত ভাৰতীয়ৰ সংখ্যা আছিল ৩০ কোটি। মই সেই মনুবাদীসকলক সুধিব বিচাৰো- যিয়ে লিখিছিল যে মা দুৰ্গাই মহিষাসুৰৰ কোটি কোটি সৈন্যৰ সৈতে যুঁজিছিল আৰু মহিষাসুৰক হত্যা কৰিছিল। যেতিয়া মুষ্টিমেয় ব্ৰিটিছ চৰকাৰে ভাৰতক গোলাম কৰিছিল, তেতিয়া মা দুৰ্গাই কি কৰি আছিল? দহ হাতৰ অস্ত্ৰ  ক'ত আছিল?


আৰজেডি বিধায়কগৰাকীয়ে লগতে কয় যে   পূজা কৰাটো এটা অযথা খৰচ। 

তেওঁ কয়  যে দেৱ-দেৱীসকলক উপাসনা কৰা হৈছে, পেণ্ডেল নিৰ্মাণ কৰা হৈছে,এয়া অযথা খৰচ। তেওঁ কয় যে এনে  সকলো ব্যয় অপ্ৰয়োজনীয়। যেতিয়া দুৰ্গাৰ কোনো ইতিহাস নাই তেতিয়া মানুহে কিয় ইমান খৰচ কৰিব লাগে?

তেওঁ লগতে কয় যে  মানুবাদী সকলেই  দেৱতাসকলক কাল্পনিক ৰূপ দিছিল আৰু অ'বিচি আৰু এছটিক শুদ্ৰলৈ পৰিণত কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ