--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজেপি নেতা তজিন্দৰ সিং বগ্গাক গ্ৰেপ্তাৰক লৈ দেশৰ ৰাজনীতি উত্প্ত হৈ পৰিছে। দিল্লীৰ পৰা তেওঁক গ্ৰেপ্তাৰৰ পাছতে সন্মুখ-সমৰত লিপ্ত হৈছে দিল্লী আৰু পঞ্জাব আৰক্ষী। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা তথা তেওঁক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তজিন্দৰক। কিন্তু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লী আৰক্ষীয়ে এই ঘটনাটোক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কেৱল এয়াই নহয় পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে।

বিজেপি নেতা তজিন্দৰ সিং বগ্গাক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পঞ্জাব আৰক্ষীয়ে। কিন্তু তাৰ পাছতে দিল্লী আৰক্ষীয়ে বাধাৰ সৃষ্টি কৰে। ঘটনাটোক ৰাজনৈতিক ৰূপ দি দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সন্মুখত ভেটা বান্ধিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত তজিন্দৰ বগ্গাক লৈ নিয়া পঞ্জাব আৰক্ষীৰ এখন বাহনক বাধা দিয়া হয়। উল্লেখ্য যে, বাগ্গাৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল।

পঞ্জাব আৰক্ষীয়ে বিজেপি নেতা তাজিন্দৰ পাল বাগ্গাক গ্ৰেপ্তাৰ কৰাটোৱে এক ৰাজনৈতিক সংঘাতৰ ৰূপ লোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অপহৰণৰ এটা গোচৰ ৰুজু কৰাটোও সকলোকে চমকিত কৰা ঘটনাত পৰিণত হৈছে। গ্ৰেপ্তাৰ কৰা আৰক্ষীসকলৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰা হৈছে। 

উল্লেখ্য যে, ১ এপ্ৰিলত বিজেপি নেতা বগ্গাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। তেওঁক উচতনিমূলক মন্তব্য দিয়া, শত্ৰুতা বৃদ্ধি কৰা আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। দৰাচলতে, ‘কাশ্মীৰ ফাইলছ’ নামৰ চলচ্চিত্ৰখন সন্দৰ্ভত দিয়া বক্তব্যক লৈ বগ্গাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত