--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বিজেপি নেতা তজিন্দৰ সিং বগ্গাক গ্ৰেপ্তাৰক লৈ দেশৰ ৰাজনীতি উত্প্ত হৈ পৰিছে। দিল্লীৰ পৰা তেওঁক গ্ৰেপ্তাৰৰ পাছতে সন্মুখ-সমৰত লিপ্ত হৈছে দিল্লী আৰু পঞ্জাব আৰক্ষী। অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰা তথা তেওঁক হত্যাৰ ভাবুকি দিয়াৰ অভিযোগত পঞ্জাব আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল তজিন্দৰক। কিন্তু তাৰ পাছতে এতিয়া চাঞ্চল্যৰ সৃষ্টি হৈছে। দিল্লী আৰক্ষীয়ে এই ঘটনাটোক লৈ বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখা গৈছে। কেৱল এয়াই নহয় পঞ্জাব আৰক্ষীৰ বিৰুদ্ধে অপহৰণৰ গোচৰ ৰুজু কৰিছে দিল্লী আৰক্ষীয়ে।

বিজেপি নেতা তজিন্দৰ সিং বগ্গাক দিল্লীৰ পৰা গ্ৰেপ্তাৰ কৰিছিল পঞ্জাব আৰক্ষীয়ে। কিন্তু তাৰ পাছতে দিল্লী আৰক্ষীয়ে বাধাৰ সৃষ্টি কৰে। ঘটনাটোক ৰাজনৈতিক ৰূপ দি দিল্লী আৰক্ষীয়ে পঞ্জাব আৰক্ষীৰ সন্মুখত ভেটা বান্ধিছে। হাৰিয়ানাৰ কুৰুক্ষেত্ৰত তজিন্দৰ বগ্গা লৈ নিয়া পঞ্জা আৰক্ষীৰ এখন বাহনক বাধা দিয়া হয়। উল্লেখ্য যে, বাগ্গাৰ বিৰুদ্ধে দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ বিৰুদ্ধে আপত্তিজনক মন্তব্য কৰাৰ অভিযোগ উত্থাপিত হৈছিল

পঞ্জা আৰক্ষীয়ে বিজেপি নেতা তাজিন্দৰ পাল বাগ্গাক গ্ৰেপ্তাৰ কৰাটোৱে এক ৰাজনৈতিক সংঘাতৰ ৰূপ লোৱাটো উদ্বেগৰ বিষয় হৈ পৰিছে। তেওঁক গ্ৰেপ্তাৰ কৰা আৰক্ষীৰ বিৰুদ্ধে দিল্লী আৰক্ষীয়ে অপহৰণৰ এটা গোচৰ ৰুজু কৰাটোও সকলোকে চমকিত কৰা ঘটনাত পৰিণত হৈছে। গ্ৰেপ্তাৰ কৰা আৰক্ষীসকলৰ বিৰুদ্ধে গোচৰটো পঞ্জীয়ন কৰা হৈছে। 

উল্লেখ্য যে, ১ এপ্ৰিলত বিজেপি নেতা বগ্গাৰ বিৰুদ্ধে এখন এজাহাৰ দাখিল কৰা হৈছিল। তেওঁক উচতনিমূলক মন্তব্য দিয়া, শত্ৰুতা বৃদ্ধি কৰা আৰু অপৰাধমূলক ভাবুকি দিয়াৰ অভিযোগত গোচৰ ৰুজু কৰা হৈছিল। ৰাচলতে, কাশ্মীৰ ফাইলছ’ নামৰ চলচ্চিত্ৰখন সন্দৰ্ভত দিয়া বক্তব্যক লৈ বগ্গাই দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক আক্ৰমণ কৰি আহিছে।

 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ