--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজনীতিত দপদপাই থকা বহু ৰাজনীকৰ বিৰুদ্ধেই আছে ধৰ্ষণৰ অভিযোগ৷ কেৱল সেয়াই নহয়, বহু ৰাজনীতিকৰ পুত্ৰ অথবা আত্মীয়ৰ বিৰুদ্ধেও উঠি আহিছে ধৰ্ষণৰ দৰে গুৰুতৰ অভিযোগ৷হায়দৰাবাদ ধৰ্ষণৰ ঘটনাত শেহতীয়াকৈ আৰক্ষীয়ে এজন টিআৰএছ নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে৷

অভিযুক্ত ৰাজনীতিকৰ পুত্ৰই জুবিলি হিলছৰ এখন পাবৰ পৰা এগৰাকী ১৭ বছৰীয়া কিশোৰীক ঘৰত থৈ অহাৰ কথা কৈ ২৮ মে'ৰ সন্ধিয়া ইনোভা বাহনত ধৰ্ষণ কৰিছিল৷

বিষয়টোকলৈ বিৰোধী বিজেপিয়ে তেলেংগানাৰ শাসনাধিষ্ঠিত টিআৰএছৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে৷নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ নকৰাৰ বাবে আৰক্ষী আৰু অন্যান্যসকলৰ বিৰুদ্ধে শ্ল'গান দি বিজেপি কৰ্মীসকলে চহৰখনৰ জুবিলি হিলছ আৰক্ষী থানাৰ পৰিবেশ উত্তপ্ত কৰি তোলে৷ অৱশেষত প্ৰতিবাদত সেওঁ মানি আৰক্ষীয়ে টিআৰএছৰ নেতাৰ পুত্ৰক গ্ৰেপ্তাৰ কৰিছে৷

ধৰ্ষণকাণ্ডত ৰাজনৈতিক নেতা বা নেতাৰ আত্মীয় জৰিত থকাৰ এয়াই প্ৰথম ঘটনা নহয়৷ ইয়াৰ পূৰ্বেও এনে বহু ঘটনা ঘটিছে৷

নাদিয়া ধৰ্ষণ গোচৰ

পশ্চিম বংগৰ হংসখালীত ৯ম শ্ৰেণীৰ এজন ছাত্ৰীয়ে ৪ এপ্ৰিলত তৃণমূল কংগ্ৰেছৰ (টিএমচি) পঞ্চায়ত সদস্য সমৰেন্দ্ৰ গায়ালীৰ পুত্ৰ ব্ৰজাগোপালৰ  জন্মদিনৰ পাৰ্টিৰ বাবে গৈছিল আৰু অসুস্থ হৈ ঘৰলৈ উভতি আহিছিল। খবৰ অনুসৰি পিছদিনা পুৱা অত্যাধিক ৰক্তক্ষৰণৰ ফলত কিশোৰীগৰাকীৰ মৃত্যু হয় আৰু কোনো মৰণোত্তৰ পৰীক্ষা বা মৃত্যুৰ প্ৰমাণপত্ৰ অবিহনে গাওঁৰ শ্মশানত অন্ত্যেষ্টিক্ৰিয়া সম্পন্ন কৰা হয়।

৯ এপ্ৰিলত কিশোৰীগৰাকীৰ পৰিয়ালে টিএমচি নেতাজনৰ পুত্ৰৰ বিৰুদ্ধে এটা অভিযোগ পঞ্জীয়ন কৰে৷ ব্ৰজাগোপালক গ্ৰেপ্তাৰ কৰা হয় আৰু ধৰ্ষণ, হত্যাৰ অভিযোগত গোচৰ ৰুজু কৰা হয়।

ব্ৰজাগোপাল আৰু তেওঁৰ চাৰি বা পাঁচজন বন্ধুৱে কিশোৰীগৰাকীক পাৰ্টিত সুৰা সেৱন কৰিবলৈ বাধ্য কৰিছিল আৰু সুৰাপান কৰাৰ পিছত দলবদ্ধ ভাৱে ধৰ্ষণ কৰিছিল। পিছদিনা ৰাতিপুৱা অত্যাধিক ৰক্তক্ষৰণৰ ফলত কিশোৰীগৰাকীৰ মৃত্যু হয়।  মূল অভিযুক্ত ব্ৰজাগোপালক ১০ এপ্ৰিলত গ্ৰেপ্তাৰ কৰা হৈছিল।

 উন্নাও ধৰ্ষণকাণ্ড

বহিষ্কৃত বিজেপি বিধায়ক কুলদীপ সিং চেনগাৰক ২০১৭ চনত এগৰাকী ১৭ বছৰীয়া কিশোৰীক বলাৎকাৰ কৰাৰ বাবে দোষী সাব্যস্ত কৰি ২০১৯ চনত আজীৱন কাৰাদণ্ড বিহা হৈছিল।

উন্নাও ধৰ্ষণৰ ঘটনাটোৱে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ চৰকাৰত তীব্ৰ জোকাৰণিৰ সৃষ্টি কৰিছিল৷ 
কুলদীপ চেনগাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপিত হোৱাৰ অলপ পিছতে, ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীৰ পিতৃক            অস্ত্ৰ আইনৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছিল। আৰক্ষীৰ জিম্মাত থাকোতে  অত্যাচাৰৰ ফলত তেওঁৰ মৃত্যু হৈছিল।

উন্নাও ধৰ্ষণৰ বলি হোৱা কিশোৰীগৰাকীয়ে পৰিয়ালৰ আন সদস্য আৰু তেওঁৰ উকীলৰ সৈতে যাত্ৰা কৰি থকা গাড়ীখনত এখন ট্ৰাকে খুন্দা মাৰিছিল।দুৰ্ঘটনাটোত উকীলসহ তিনিজন লোকৰ মৃত্যু হয়। 

 নালিয়া ধৰ্ষণ ঘটনা

এগৰাকী মহিলাই ২০১৭ চনৰ জানুৱাৰীত গুজৰাটৰ কচ্ছ জিলাৰ নালিয়া আৰক্ষী চকীত দাবী কৰিছিল যে চাৰিজন স্থানীয় বিজেপি নেতাকে ধৰি দহজন লোকে তেওঁক এবছৰ  ধৰি দলবদ্ধ ধৰ্ষণ কৰিছিল। কচ্ছৰ বাসিন্দা কিন্তু এতিয়া মুম্বাইত বাস কৰা মহিলাগৰাকীয়ে  দাবী কৰিছিল যে শান্তিলাল চোলাঙ্কীয়ে তেওঁক নালিয়াত এলপিজি বিতৰণ কেন্দ্ৰত নিযুক্তি দিছিল আৰু তেওঁক তেওঁৰ ঘৰলৈ মাতি নি  পানীয়ৰ সৈতে টোপনিৰ দৰব খুৱাই ধৰ্ষণ কৰিছিল৷

চলিত বৰ্ষৰ মে’ মাহতো ৰাজস্থানৰ মন্ত্ৰী মহেশ যোশীৰ পুত্ৰ ৰোহিত যোশীৰ বিৰুদ্ধে এগৰাকী ২৩ বছৰীয়া যুৱতীয়ে ধৰ্ষণৰ অভিযোগ আনিছিল৷কিন্তু ৰাজনৈতিক প্ৰভাৱেৰে অভিযুক্ত সাৰি গৈছিল৷

মহিলাগৰাকীৰ মতে, সেই সময়ত চোলাঙ্কিৰ ঘৰত উপস্থিত থকা চোলাঙ্কিৰ বন্ধু ভাৰত চৌহান ওৰফে ভাৰত দাৰ্জী আৰু বিপুল ঠাক্কৰেও  তেওঁক ধৰ্ষণ কৰিছিল৷ মহিলাগৰাকীৰ অভিযোগৰ পিছতে বিষয়টোকলৈ তুমুল প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছিল৷ দেশত ধৰ্ষণৰ ঘটনাত জৰিত আৰু বহু ৰাজনীতিকৰ নাম পোহৰলৈ আহিছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ