--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৫ খন ৰাজ্যৰ পৰা ৫৭ খন ৰাজ্যসভাৰ আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত হ'ব।কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই কেইবাজনো ৰাজনীতিকে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে৷

মুঠ ১১ গৰাকী ৰাজনীতিক বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ৷বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত সাংসদসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিজেপিৰ আঠজন সদস্য আছে৷

বিজেপিৰ উক্ত  আঠজন সদস্য হৈছে লক্ষ্মীকান্ত বাজপাই, ড০ ৰাধা মোহন দাস আগৰৱালা, সুৰেন্দ্ৰ নগৰ, ড০ কে লক্ষ্মণ, মিথিলেশ কুমাৰ, বাবুৰাম নিশাদ, সংগীতা যাদৱ আৰু দৰ্শনা সিং। কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা কপিল চিবালো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত  হৈছে৷ 

 ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি জয়ন্ত চৌধুৰীকো নিৰ্বাচিত ঘোষণা কৰা হৈছে। সমাজবাদী পাৰ্টিৰ জাভেদ আলীও নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ৰিটাৰ্ণিং বিষয়া ব্ৰজ ভূষণ দুবেই এই কথা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্যসভাৰ  নিৰ্বাচনত আৰজেডি প্ৰধান লালু প্ৰসাদৰ কন্যা  মিছা ভাৰতীকে ধৰি বিহাৰৰ পাঁচজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। 

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত আন চাৰিজন প্ৰাৰ্থী হৈছে ফৈয়াজ আহমেদ (আৰজেডি), খিৰু মাহতো (জনতা দল ইউনাইটেড), সতীশ চন্দ্ৰ দুবে আৰু শম্ভু শৰণ পেটেল (বিজেপি)।  ঝাৰখণ্ডত  বিজেপিৰ আদিত্য চাহু আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম) ড০ মহুয়া মাঝি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

বাকী আসনৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব৷ৰাজ্যসভাৰ পৰা   অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান ৰাজনীতিক  হৈছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, কংগ্ৰেছ নেতা অম্বিকা চোনি, জয়ৰাম ৰমেশ, কপিল চিবাল আৰু বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰা আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ