--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১৫ খন ৰাজ্যৰ পৰা ৫৭ খন ৰাজ্যসভাৰ আসন পূৰণৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত হ'ব।কিন্তু নিৰ্বাচন অনুষ্ঠিত হোৱাৰ পূৰ্বেই কেইবাজনো ৰাজনীতিকে বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে৷

মুঠ ১১ গৰাকী ৰাজনীতিক বিনাপ্ৰতিদ্বন্দিতাৰে ৰাজ্যসভালৈ নিৰ্বাচিত হৈছে ৷বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত সাংসদসকলৰ ভিতৰত উত্তৰ প্ৰদেশৰ বিজেপিৰ আঠজন সদস্য আছে৷

বিজেপিৰ উক্ত  আঠজন সদস্য হৈছে লক্ষ্মীকান্ত বাজপাই, ড০ ৰাধা মোহন দাস আগৰৱালা, সুৰেন্দ্ৰ নগৰ, ড০ কে লক্ষ্মণ, মিথিলেশ কুমাৰ, বাবুৰাম নিশাদ, সংগীতা যাদৱ আৰু দৰ্শনা সিং। কংগ্ৰেছ দলৰ প্ৰাক্তন নেতা কপিল চিবালো নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচিত  হৈছে৷ 

 ৰাষ্ট্ৰীয় লোক দলৰ সভাপতি জয়ন্ত চৌধুৰীকো নিৰ্বাচিত ঘোষণা কৰা হৈছে। সমাজবাদী পাৰ্টিৰ জাভেদ আলীও নিৰ্বাচিত হৈছে। ৰাজ্যসভাৰ ৰিটাৰ্ণিং বিষয়া ব্ৰজ ভূষণ দুবেই এই কথা প্ৰকাশ কৰিছে। ইতিমধ্যে ৰাজ্যসভাৰ  নিৰ্বাচনত আৰজেডি প্ৰধান লালু প্ৰসাদৰ কন্যা  মিছা ভাৰতীকে ধৰি বিহাৰৰ পাঁচজন প্ৰাৰ্থী বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে। 

বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত আন চাৰিজন প্ৰাৰ্থী হৈছে ফৈয়াজ আহমেদ (আৰজেডি), খিৰু মাহতো (জনতা দল ইউনাইটেড), সতীশ চন্দ্ৰ দুবে আৰু শম্ভু শৰণ পেটেল (বিজেপি)।  ঝাৰখণ্ডত  বিজেপিৰ আদিত্য চাহু আৰু ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম) ড০ মহুয়া মাঝি বিনা প্ৰতিদ্বন্দিতাৰে নিৰ্বাচিত হৈছে ।

বাকী আসনৰ বাবে ১০ জুনত নিৰ্বাচন অনুষ্ঠিত কৰা হ’ব৷ৰাজ্যসভাৰ পৰা   অৱসৰ গ্ৰহণ কৰিবলগীয়া সকলৰ ভিতৰত অন্যতম কেইগৰাকীমান ৰাজনীতিক  হৈছে কেন্দ্ৰীয় মন্ত্ৰী মুখতাৰ আব্বাছ নকভি, কংগ্ৰেছ নেতা অম্বিকা চোনি, জয়ৰাম ৰমেশ, কপিল চিবাল আৰু বিএছপিৰ সতীশ চন্দ্ৰ মিশ্ৰা আদি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী
টি-২০ আন্তঃৰাষ্ট্ৰীয়ত সৰ্বাধিক ষ্ট্ৰাইক ৰেটৰ অভিলেখ কাৰ? জানো আহক শীৰ্ষ ৫ৰ তালিকাত  কোন কোন আছে