--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰী সাংবাদিক চাফিনা নবীক পুনেৰ মহাৰাষ্ট্ৰ ইনষ্টিটিউট অৱ টেকন'লজী-ৱৰ্ল্ড পিচ ইউনিভাৰ্চিটিয়ে বঁটাৰ  বাবে নিৰ্বাচিত কৰা হৈছিল। অৱশ্যে, বঁটা প্ৰদান অনুষ্ঠানৰ ঠিক আগে বঁটাটো বাতিল কৰা হৈছে। মুম্বাই প্ৰেছ ক্লাবৰ সভাপতি গুৰবীৰ সিঙে এই কথা প্ৰকাশ কৰিছে।  প্ৰেছ ক্লাবৰ সভাপতিয়ে এনে কাৰ্য  ঘৃণনীয় আৰু ইয়াক গৰিহণা দিয়া উচিত বুলি মন্তব্য কৰিছে। 

পুনেস্থিত ব্যক্তিগত প্ৰতিষ্ঠান মহাৰাষ্ট্ৰ ইনষ্টিটিউট অৱ টেকন'লজী-ৱৰ্ল্ড পিচ ইউনিভাৰ্চিটিয়ে কাশ্মীৰী সাংবাদিক চাফিনা নবীক বঁটা প্ৰদানৰ কথা ঘোষণা কৰিছিল। কিন্তু সেই ঘোষণাৰ  দুদিন পিছতে আয়োজকসকলে কয় যে তেওঁলোকে তেওঁলোকৰ সিদ্ধান্ত সলনি কৰিছে । ইয়াৰ কাৰণ হিচাবে সংস্থাটোৱে কৈছে যে সাংবাদিকগৰাকীৰ  দৃষ্টিভংগী "বিতৰ্কিত" বুলি গণ্য কৰিব পাৰি আৰু চৰকাৰৰ বৈদেশিক নীতিৰ সৈতে তেওঁৰ দৃষ্টিভংগী খাপ নাখায়।

 স্ক্ৰ'লত প্ৰকাশিত নবীৰ প্ৰতিবেদন,'কাশ্মীৰৰ হাফ উইডোজ' ৰ বাবে বঁটা প্ৰদানৰ সিদ্ধান্ত লোৱা হৈছিল। প্ৰতিবেদন খনত  কাশ্মীৰত 'আধা বিধৱা' (যিসকল মহিলাৰ স্বামী দীৰ্ঘদিন ধৰি নিৰুদ্দেশ হৈ আছে) সকলৰ দুৰ্দশাৰ কথা পোহৰলৈ অনা হৈছিল। 
 নবীক আনুষ্ঠানিকভাৱে বিমানৰ  টিকটো প্ৰেৰণ কৰা হৈছিল । যাতে তেওঁ পুৰস্কাৰটো গ্ৰহণ কৰিবলৈ ১৮ অক্টোবৰত পুনেত উপস্থিত হ'ব পাৰে, কিন্তু ১৬ অক্টোবৰত তেওঁক কোৱা হৈছিল যে তেওঁৰ বঁটা বাতিল কৰা হৈছে আৰু তেওঁ পুনেলৈ অহাৰ  প্ৰয়োজন নাই।

নবীয়েসাংবাদিকক  কয় যে তেওঁক আয়োজকসকলে ফোনযোগে কৈছিল যে বিশ্ববিদ্যালয় পৰিচালনা সমিতিয়ে  ৰাজনৈতিক চাপৰ বাবে বঁটাটো বাতিল কৰিছে।

ইপিনে নবীৰ বঁটা বাতিল কৰাৰ বিষয়ে গম পোৱাৰ পিছত তিনিজন স্বতন্ত্ৰ জুৰী সদস্যই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকিবলৈ অস্বীকাৰ কৰিছে। তেওঁলোকৰ মাজৰ এজন হৈছে  দ্য ৱায়াৰৰ প্ৰতিষ্ঠাপক সম্পাদক এম.কে. বেণু। তেওঁ কৈছে  যে মেনেজমেণ্টৰ সিদ্ধান্ত টো আচৰিত যেন লাগিছে। বেণুৱে কয় "আমি (সুনন্দা, সন্দীপ আৰু তেওঁলোক নিজে) অনুষ্ঠানটোত উপস্থিত থাকিবলৈ পুনেত আছিলো। বঁটা বাতিল কৰাৰ বিষয়ে জানিবলৈ পাৰি  আমি নিজৰ মাজতে আলোচনা কৰিছিলো আৰু সিদ্ধান্ত লৈছিলো যে প্ৰতিবাদ কৰাৰ   সৰ্বশ্ৰেষ্ঠ উপায় হ'ব অনুষ্ঠানটোত উপস্থিত নথকা... কাশ্মীৰী সাংবাদিকসকলে চেঞ্চৰশ্বিপ আৰু হাৰাশাস্তিৰ সন্মুখীন হৈছে যিটো অতি বেয়া কথা ।"


ইপিনে বঁটা প্ৰদান কৰিব বিচৰা সংস্থাটোৱে কয় যে  চাফিনাৰ কামৰ প্ৰতি তেওঁলোকৰ যথেষ্ট সন্মান আছে আৰু "আগন্তুক সময়ত তেওঁক আন  ডাঙৰ বঁটা প্ৰদান অনুষ্ঠানত সন্মান "।অৱশ্যে, বৃহস্পতিবাৰে সন্ধিয়া, এমআইটি-ডব্লিউপিইউয়ে সংবাদমাধ্যমলৈ এটা বিবৃতি প্ৰেৰণ কৰে । য'ত বাতিল কৰা পুৰস্কাৰৰ বাবে সম্পূৰ্ণ বেলেগ ব্যাখ্যা আগবঢ়োৱা হয়।
জুৰীয়ে নবীক বঁটা প্ৰদান কৰিবলৈ বাছনি কৰা বুলি স্বীকাৰ কৰি প্ৰতিষ্ঠানটোৱে কয় যে  "চাফিনাৰ কেতবোৰ মন্তব্য  বিতৰ্কিত বুলি গণ্য কৰা হ'ব পাৰে আৰু ভাৰত চৰকাৰৰ বৈদেশিক নীতিৰ সৈতে সেয়া  খাপ খোৱা নাই"।


সংস্থাটোৱে লগতে কয় " আমি ভাবিছিলো যে এই সময়ত বঁটা প্ৰদান কৰিলে অবাঞ্ছিত বিতৰ্কৰ সৃষ্টি হ'ব পাৰে। এক শৈক্ষিক, অৰাজনৈতিক আৰু পক্ষপাতহীন প্ৰতিষ্ঠান হিচাপে আমি এনে বিতৰ্কৰ সৈতে জড়িত হোৱা উচিত নহয়।"








FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ