--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকে নদীত মাছ মাৰি থাকোঁতে জালত মাছৰ সলনি পৰিল এটা মদৰ বটল। ৫ জন বন্ধুৱে মিলি সেই বটলৰ পৰা মদ খাইছিল। কিন্তু সেয়াই হল  কাল। সুৰা সেৱনৰ পাছত পাঁচজনৰে স্বাস্থ্যৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

এই ঘটনা পশ্চিমবংগৰ নন্দিগ্ৰাম ব্লক এক নম্বৰ সোণাচুডা গাঁও পঞ্চায়ত এলেকাত সংঘটিত হৈছে। এই অঞ্চলৰ কাষেৰে হালদী নদী পাৰ হৈ গৈছে। অঞ্চলটোৰ এজন যুৱকে তাত মাছ মাৰিবলৈ গৈছিল। কিন্তু, মাছৰ সলনি তেওঁৰ জালত মদৰ ডাঙৰ বটল এটা ওপৰলৈ উঠি আহিল। সেই বটলটো লৈ যুৱকজন সুখী হৈ ঘৰলৈ উভতি আহিল।

ঘটনাটোৰ বিষয়ে তেওঁ ৫ জন বন্ধুক জনালে। পাঁচজন বন্ধুৱে একেলগে সেই মদ খায়। লগে লগে ৫ জন অসুস্থ হৈ পৰে। তপন দাস, তপন হালডাৰ, সীতাৰাম দাস, গণেশ ভূঞা, পৱন নন্দী নামৰ যুৱককেইজনক নন্দিগ্ৰাম ছুপাৰ স্পেচিয়েলিটি হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হৈছে। 

ইফালে এই ঘটনাৰ আধাৰত ৰাজনৈতিক মহলত পুনৰ হেঁচা আৰম্ভ হৈছে। এই ঘটনাৰ বাবে বিৰোধী বিজেপিয়ে শাসকীয় তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে। বিজেপিয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি সুৰা বিক্ৰী কৰি ৰাজ্যখন চলাই আছে। যুৱ সমাজৰ বাবে বিপদ বাঢ়িছে। স্থানীয় বিজেপি নেতা শ্যামপ্ৰসাদ মাইতিয়ে বিষয়কলৈ তীব্ৰ আক্ৰমণ কৰিছে। তৃণমূলেও দিছে প্ৰত্যুত্তৰ। শাসকীয় দলটোৱে দাবী কৰিছে যে বিজেপি সমৰ্থিত সমাজবিৰোধীসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে। সেইটোৱে এই সমস্যা বঢ়াইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ