--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী যুৱকে নদীত মাছ মাৰি থাকোঁতে জালত মাছৰ সলনি পৰিল এটা মদৰ বটল। ৫ জন বন্ধুৱে মিলি সেই বটলৰ পৰা মদ খাইছিল। কিন্তু সেয়াই হল  কাল। সুৰা সেৱনৰ পাছত পাঁচজনৰে স্বাস্থ্যৰ অৱস্থা বেয়া হ’বলৈ ধৰিলে। তেওঁলোকক চিকিৎসালয়ত ভৰ্তি কৰা হয়। 

এই ঘটনা পশ্চিমবংগৰ নন্দিগ্ৰাম ব্লক এক নম্বৰ সোণাচুডা গাঁও পঞ্চায়ত এলেকাত সংঘটিত হৈছে। এই অঞ্চলৰ কাষেৰে হালদী নদী পাৰ হৈ গৈছে। অঞ্চলটোৰ এজন যুৱকে তাত মাছ মাৰিবলৈ গৈছিল। কিন্তু, মাছৰ সলনি তেওঁৰ জালত মদৰ ডাঙৰ বটল এটা ওপৰলৈ উঠি আহিল। সেই বটলটো লৈ যুৱকজন সুখী হৈ ঘৰলৈ উভতি আহিল।

ঘটনাটোৰ বিষয়ে তেওঁ ৫ জন বন্ধুক জনালে। পাঁচজন বন্ধুৱে একেলগে সেই মদ খায়। লগে লগে ৫ জন অসুস্থ হৈ পৰে। তপন দাস, তপন হালডাৰ, সীতাৰাম দাস, গণেশ ভূঞা, পৱন নন্দী নামৰ যুৱককেইজনক নন্দিগ্ৰাম ছুপাৰ স্পেচিয়েলিটি হস্পিতালত ভৰ্তি কৰোৱা হয়। এই ঘটনাকলৈ সমগ্ৰ অঞ্চলটোত এক উত্তেজনাৰ সৃষ্টি হৈছে। 

ইফালে এই ঘটনাৰ আধাৰত ৰাজনৈতিক মহলত পুনৰ হেঁচা আৰম্ভ হৈছে। এই ঘটনাৰ বাবে বিৰোধী বিজেপিয়ে শাসকীয় তৃণমূল কংগ্ৰেছক দোষাৰোপ কৰিবলৈ আৰম্ভ কৰে। বিজেপিয়ে অভিযোগ কৰে যে ৰাজ্য চৰকাৰে সুৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰি সুৰা বিক্ৰী কৰি ৰাজ্যখন চলাই আছে। যুৱ সমাজৰ বাবে বিপদ বাঢ়িছে। স্থানীয় বিজেপি নেতা শ্যামপ্ৰসাদ মাইতিয়ে বিষয়কলৈ তীব্ৰ আক্ৰমণ কৰিছে। তৃণমূলেও দিছে প্ৰত্যুত্তৰ। শাসকীয় দলটোৱে দাবী কৰিছে যে বিজেপি সমৰ্থিত সমাজবিৰোধীসকলে দীৰ্ঘদিন ধৰি অঞ্চলটোত অবৈধভাৱে সুৰা বিক্ৰী কৰি আহিছে। সেইটোৱে এই সমস্যা বঢ়াইছে।






FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত