--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী নুছৰত ভাৰুচাক ৰাজহুৱা পথত কন্ডম বিক্ৰী কৰা দেখা গৈছে। কিন্তু ৰিয়েল লাইফত নহয় ৰিল লাইফতহে এনেকৈ দেখা গৈ অভিনেত্ৰী গৰাকীক। ‘চনু কে টিটু কি চুইটি’ খ্যাত অভিনেত্ৰীগৰাকীক  আহিবলগীয়া ছবি 'জনহিত মে জাৰী'ত এনেদৰে দেখা গৈছে। নুছৰত ভাৰুচাই কন্ডম ছেলছ এক্সিকিউটিভৰ চৰিত্ৰত অভিনয় কৰিছে। অলপতে, ছবিখনৰ পোষ্টাৰ টিজাৰ ওলাইছে। এই ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীক লৈ আৰম্ভ হৈছে বিতৰ্কৰ ।

অহা শুকুৰবাৰে মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ। কিন্তু ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ডেমকেয়াৰ, বিন্দাছ নুছৰতে এই সকলো বিতৰ্কৰ উত্তৰ দিছে নিৰ্ভীকতাৰে। ছবিখনৰ পোষ্টাৰ টিজাৰ মুকলিৰ পাছতে কোনোবাই ছবিখনক 'ডি গ্ৰেড' ছবি বুলিও উল্লেখ কৰিছে। কোনোবাই আনকি শালীনতাৰ সীমা অতিক্ৰমি  অভিনেত্ৰীগৰাকীৰ সৈতে যৌন সম্ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এনে নিম্ন মানসিকতাৰ লোকসকলক কঠোৰ ভাষাৰে থকা সৰকা কৰিলে অভিনেত্ৰী নুছৰতে। নুছৰতে কয়, ‘মই সমাজৰ এই মানসিকতাকে সলনি কৰিব বিচাৰো। আপোনালোকে সমালোচনা কৰি থাকক মই মাত মাতিমেই।’ 

স্বাভাৱকিতে, ছবিখনৰ যোগেদি এক সামাজিক বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা কৰিছে ছবি নিৰ্মাতা তথা কলা-কুশলীসকলে। শিক্ষিত আৰু প্ৰগতিশীল চিন্তাধাৰাৰে কেনেকৈ সমাজখন আগুৱাই লৈ যাব পাৰি তাৰেই এক সম্যক ধাৰণা ছবিখনৰ যোগেদি  তুলি ধৰা হ’ব বুলি জনাইছে পৰিচালক-প্ৰযোজকে। এটা ভাল চাকৰিৰ সন্ধানত থকা নুছৰতে হঠাতে এনেদৰে  এটা প্ৰতিষ্ঠিত কণ্ডম কোম্পানীৰ ছেলছ এক্সিকিউটিভ হোৱাৰ যি সুযোগ লাভ কৰিছে। এই সুযোগৰ জৰিয়তে জনহিতকৰ এই বাৰ্তা প্ৰেৰণত কিমানদূৰ সফল হয় নুছৰতে সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ