--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ শেহতীয়াকৈ অভিনেত্ৰী নুছৰত ভাৰুচাক ৰাজহুৱা পথত কন্ডম বিক্ৰী কৰা দেখা গৈছে। কিন্তু ৰিয়েল লাইফত নহয় ৰিল লাইফতহে এনেকৈ দেখা গৈ অভিনেত্ৰী গৰাকীক। ‘চনু কে টিটু কি চুইটি’ খ্যাত অভিনেত্ৰীগৰাকীক  আহিবলগীয়া ছবি 'জনহিত মে জাৰী'ত এনেদৰে দেখা গৈছে। নুছৰত ভাৰুচাই কন্ডম ছেলছ এক্সিকিউটিভৰ চৰিত্ৰত অভিনয় কৰিছে। অলপতে, ছবিখনৰ পোষ্টাৰ টিজাৰ ওলাইছে। এই ছবিখনৰ টিজাৰ মুকলি হোৱাৰ পাছতে অভিনেত্ৰীগৰাকীক লৈ আৰম্ভ হৈছে বিতৰ্কৰ ।

অহা শুকুৰবাৰে মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ। কিন্তু ট্ৰেইলাৰ মুক্তিৰ পূৰ্বে ডেমকেয়াৰ, বিন্দাছ নুছৰতে এই সকলো বিতৰ্কৰ উত্তৰ দিছে নিৰ্ভীকতাৰে। ছবিখনৰ পোষ্টাৰ টিজাৰ মুকলিৰ পাছতে কোনোবাই ছবিখনক 'ডি গ্ৰেড' ছবি বুলিও উল্লেখ কৰিছে। কোনোবাই আনকি শালীনতাৰ সীমা অতিক্ৰমি  অভিনেত্ৰীগৰাকীৰ সৈতে যৌন সম্ভোগ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছে। এনে নিম্ন মানসিকতাৰ লোকসকলক কঠোৰ ভাষাৰে থকা সৰকা কৰিলে অভিনেত্ৰী নুছৰতে। নুছৰতে কয়, ‘মই সমাজৰ এই মানসিকতাকে সলনি কৰিব বিচাৰো। আপোনালোকে সমালোচনা কৰি থাকক মই মাত মাতিমেই।’ 

স্বাভাৱকিতে, ছবিখনৰ যোগেদি এক সামাজিক বাৰ্তা প্ৰেৰণৰ প্ৰচেষ্টা কৰিছে ছবি নিৰ্মাতা তথা কলা-কুশলীসকলে। শিক্ষিত আৰু প্ৰগতিশীল চিন্তাধাৰাৰে কেনেকৈ সমাজখন আগুৱাই লৈ যাব পাৰি তাৰেই এক সম্যক ধাৰণা ছবিখনৰ যোগেদি  তুলি ধৰা হ’ব বুলি জনাইছে পৰিচালক-প্ৰযোজকে। এটা ভাল চাকৰিৰ সন্ধানত থকা নুছৰতে হঠাতে এনেদৰে  এটা প্ৰতিষ্ঠিত কণ্ডম কোম্পানীৰ ছেলছ এক্সিকিউটিভ হোৱাৰ যি সুযোগ লাভ কৰিছে। এই সুযোগৰ জৰিয়তে জনহিতকৰ এই বাৰ্তা প্ৰেৰণত কিমানদূৰ সফল হয় নুছৰতে সেয়াহে হ’ব লক্ষ্যণীয়!



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত