--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কটাক্ষ, ব্যংগ, বিদ্ৰুপৰ প্ৰৱণতা চিৰবিদ্যমান। ভাৰ্চুৱেল পৃথিৱীৰ আঁৰত বহুতে বিভিন্ন মন্তব্য কৰা দেখা যায়। তাৰকাসকল এই কুমন্তব্যৰ লক্ষ্য হৈ পৰে সৰ্বাধিক।  এনেকুৱা অভিজ্ঞতাৰে এইবাৰ সন্মুখীন হৈছে অভিনেত্ৰী নীতু কাপুৰ। বিশেষকৈ স্বামী ঋষি কাপুৰৰ মৃত্যুৰ পিছত একাংশৰ কটু মন্তব্যৰ লক্ষ্য ৱৈ পৰিছে তেওঁ। ‘বিধৱা হোৱাৰ পাছতো ইমান কিহৰ আনন্দ?’ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে সম্প্ৰতি এনে প্ৰশ্নৰ সন্মুখীন হোৱা দেখা গৈছে।

বলীউডত কাপুৰ পৰিয়ালৰ এটা পৰম্পৰা আছে। সেই পৰিয়ালটোৰে অন্যতম ঈৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ঋষি কাপুৰ। অৱশ্যে,  ঋষি কাপুৰে তেওঁৰ অভিনয় দক্ষতাৰ বলত এজন অভিনেতা হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেইবাখনো ছুপাৰহিট ছবিৰে এক সুকীয়া পৰিচয় বিকাশ কৰিবলৈ সক্ষম হৈছে তেওঁ।  দীৰ্ঘদিন ধৰি কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল তেওঁ। মুম্বাইৰ এখন চিকিৎসালয়ত  ২০২০ চনৰ ৩০ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰে। নীতু কাপুৰে ১৯৮০ চনত ঋষি কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।  কিন্তু প্ৰিয় ব্যক্তিজনৰ মৃত্যুৰ পিছত, প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত কটাক্ষৰ লক্ষ্য হৈ পৰা দেখা গৈছিল। শুনিব লগীয়া হৈছিল নানা কথা।

শেহতীয়া এক সাক্ষাৎকাৰত, নীতু কাপুৰে এই বিষয়ে সদৰী কৰিছে। তেওঁ কয়, ‘ঋষি কাপুৰৰ প্ৰস্থানৰ কথাটো মই এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। কেৱল মইয়ে নহয়, মোৰ পৰিয়ালৰ কোনেও এই কথা সহজে মানি ল’ব পৰা নাই।  এতিয়াও ডাইনিং টেবুলত ঋষি কাপুৰৰ কথা আলোচনা হয়। সকলোৱে নিজৰ ধৰণে শোক কিম্বা  দুখৰ সৈতে মোকাবিলা কৰে। কোনোবাই কান্দে আৰু নিজৰ আৱেগ প্ৰকাশ কৰে, কিছুমানে হাঁহিৰে বেদনা সহ্য কৰে। মই হাঁহিমুখে  এই বেদনা পাহৰিব বিচাৰো। আৰু ইয়াৰ বাবে মই নানা কথা শুনিব লগা হৈছে, মোক কটাক্ষ কৰিছে একাংশই।’

স্বাভাৱিকতে, নীতু কাপুৰক লৈ আচলতে এনে কটু মন্তব্য কোনোপধ্যে শোভা নাপায় বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে বিষয়টো সমালোচনাৰ দৃষ্টিৰে চাইছে একাংশই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
জুবিন গাৰ্গক 'ভাৰত ৰত্ন' প্ৰদানৰ আহ্বান জনাই প্রধানমন্ত্রীলৈ পত্র
'আদালতে পইন্ট টু পইন্ট প্রমাণ বিচাৰিব', এছ আই টিৰ ওপৰত ভৰসা ৰাখিবলৈ ৰাজ্যবাসীক আহ্বান মুখ্যমন্ত্ৰীৰ
তীর্থভূমিত পৰিণত জুবিন গাৰ্গৰ সমাধিক্ষেত্র, বৈ আছে অনুৰাগীৰ অবিৰত সোঁত
বজালীত জোঁৱাইয়েকৰ দাৰ ঘাপত আহত পত্নী আৰু শাহুৱেক
বাক্সাৰ ভাৰত-ভূটান সীমান্তত বনৰীয়া হাতীৰ ত্ৰাস
জুবিন গাৰ্গৰ শেষকৃত্য ক’ত কৰা হ’ব? দিয়া হ’ব নে চৰকাৰী বন্ধ? কি ক’লে মুখ্যমন্ত্ৰীয়ে?
বিদ্যালয়ৰ পৰীক্ষা অনুষ্ঠিত কৰিবলৈ লোৱাত প্ৰতিবাদত নামিল শিক্ষাৰ্থী
ছিংগাপুৰৰ সাগৰৰ পাৰত হঠাৎ নিঠৰ হʼল এটা মায়াময় সুৰ
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান