--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ'চিয়েল মিডিয়াত কটাক্ষ, ব্যংগ, বিদ্ৰুপৰ প্ৰৱণতা চিৰবিদ্যমান। ভাৰ্চুৱেল পৃথিৱীৰ আঁৰত বহুতে বিভিন্ন মন্তব্য কৰা দেখা যায়। তাৰকাসকল এই কুমন্তব্যৰ লক্ষ্য হৈ পৰে সৰ্বাধিক।  এনেকুৱা অভিজ্ঞতাৰে এইবাৰ সন্মুখীন হৈছে অভিনেত্ৰী নীতু কাপুৰ। বিশেষকৈ স্বামী ঋষি কাপুৰৰ মৃত্যুৰ পিছত একাংশৰ কটু মন্তব্যৰ লক্ষ্য ৱৈ পৰিছে তেওঁ। ‘বিধৱা হোৱাৰ পাছতো ইমান কিহৰ আনন্দ?’ প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে সম্প্ৰতি এনে প্ৰশ্নৰ সন্মুখীন হোৱা দেখা গৈছে।

বলীউডত কাপুৰ পৰিয়ালৰ এটা পৰম্পৰা আছে। সেই পৰিয়ালটোৰে অন্যতম ঈৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ঋষি কাপুৰ। অৱশ্যে,  ঋষি কাপুৰে তেওঁৰ অভিনয় দক্ষতাৰ বলত এজন অভিনেতা হিচাপে যথেষ্ট খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছে। কেইবাখনো ছুপাৰহিট ছবিৰে এক সুকীয়া পৰিচয় বিকাশ কৰিবলৈ সক্ষম হৈছে তেওঁ।  দীৰ্ঘদিন ধৰি কৰ্কট ৰোগতো আক্ৰান্ত হৈ আছিল তেওঁ। মুম্বাইৰ এখন চিকিৎসালয়ত  ২০২০ চনৰ ৩০ এপ্ৰিলত শেষ নিশ্বাস ত্যাগ কৰে। নীতু কাপুৰে ১৯৮০ চনত ঋষি কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হৈছিল।  কিন্তু প্ৰিয় ব্যক্তিজনৰ মৃত্যুৰ পিছত, প্ৰবীণ অভিনেত্ৰীগৰাকীয়ে ছ'চিয়েল মিডিয়াত কটাক্ষৰ লক্ষ্য হৈ পৰা দেখা গৈছিল। শুনিব লগীয়া হৈছিল নানা কথা।

শেহতীয়া এক সাক্ষাৎকাৰত, নীতু কাপুৰে এই বিষয়ে সদৰী কৰিছে। তেওঁ কয়, ‘ঋষি কাপুৰৰ প্ৰস্থানৰ কথাটো মই এতিয়ালৈকে গ্ৰহণ কৰিব পৰা নাই। কেৱল মইয়ে নহয়, মোৰ পৰিয়ালৰ কোনেও এই কথা সহজে মানি ল’ব পৰা নাই।  এতিয়াও ডাইনিং টেবুলত ঋষি কাপুৰৰ কথা আলোচনা হয়। সকলোৱে নিজৰ ধৰণে শোক কিম্বা  দুখৰ সৈতে মোকাবিলা কৰে। কোনোবাই কান্দে আৰু নিজৰ আৱেগ প্ৰকাশ কৰে, কিছুমানে হাঁহিৰে বেদনা সহ্য কৰে। মই হাঁহিমুখে  এই বেদনা পাহৰিব বিচাৰো। আৰু ইয়াৰ বাবে মই নানা কথা শুনিব লগা হৈছে, মোক কটাক্ষ কৰিছে একাংশই।’

স্বাভাৱিকতে, নীতু কাপুৰক লৈ আচলতে এনে কটু মন্তব্য কোনোপধ্যে শোভা নাপায় বুলি একাংশই মন্তব্য কৰাৰ বিপৰীতে বিষয়টো সমালোচনাৰ দৃষ্টিৰে চাইছে একাংশই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?