--°C
Loading...
Listen to Article
2 min read
80%
ডিজটেল ডেস্কঃ প্ৰাক্তন অষ্ট্ৰেলিয়ান তাৰকা মাইকেল স্লেটাৰক তেওঁৰ পত্নীৰ বিৰুদ্ধে ঘৰুৱা হিংসাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছিল। কিন্তু গ্ৰেপ্তাৰ হোৱাৰ পাছতো কাৰাগাৰলৈ যাব লগা হোৱা নাছিল তাৰকা ক্ৰিকেটাৰজনে। মানসিক ৰোগৰ অজুহাতত কাৰাবাসৰ পৰা ৰেহাই পাইছিল মাইকেল স্লেটাৰে।

স্মৰ্তব্য যে, ৫২ বছৰীয়া প্ৰাক্তন অষ্ট্ৰেলিয়ান বেটাৰ স্লেটাৰৰ বিৰুদ্ধে তেওঁৰ প্ৰাক্তন পত্নীয়ে ঘৰুৱা হিংসাৰ অভিযোগ উত্থাপন কৰিছিল। আৰক্ষীয়ে স্লেটাৰক অত্যাচাৰ কৰাৰ অভিযোগত বিগত অক্টোবৰ মাহত গ্ৰেপ্তাৰো কৰিছিল। তাৰ পিছত, ডিচেম্বৰ মাহতে তেওঁ প্ৰাক্তন পত্নীক বিভিন্ন মেছেজেৰে বিচলিত কৰি আইন অপমান কৰিছিল। ফলত আৰু বিপদত পৰে অষ্ট্ৰেলিয়াৰ এইগৰাকী নামী ক্ৰিকেটাৰ। কিন্তু আশ্চৰ্যজনকভাৱে সলনি হয় ঘটনাৰ প্ৰেক্ষাপট। অৱশেষত, বুধবাৰে ছিডনীৰ আদালতত  গোচৰটো উপস্থাপন কৰা হৈছিল তেতিয়া ন্যায়াধীশে অসুস্থতাৰ কথা উল্লেখ কৰি স্লেটাৰৰ বিৰুদ্ধে থকা সকলো অভিযোগ খাৰিজ কৰে। এনে অৱস্থাত ক্ৰিকেটাৰগৰাকীক তিনি সপ্তাহৰ বাবে মানসিক চিকিৎসালয়ত ভৰ্তি কৰোৱা  বুলিও খবৰ পোৱা গৈছে। 

সংবাদ মাধ্যমৰ খবৰ অনুসৰি, ফেব্ৰুৱাৰী মাহৰ পৰা মানসিকভাৱে অসুস্থ হৈ আছিল স্লেটাৰ। নিয়মিত ঔষধ গ্ৰহণৰ লগতে থেৰাপী আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰণ কৰি চলিছে। মানসিক ৰোগৰ বাবে আদালততো উপস্থিত হ’ব পৰা নাছিল তেওঁ। বৰ্তমান ছিডনীৰ এখন চিকিৎসালয়ত আছে মাইকেল স্লেটাৰ। বিগত ১০০ দিনত কমেও ৫জন মনোবিজ্ঞানীৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিছে তেওঁ।

উল্লেখ্য যে, স্লেটাৰে ১৯৯৩ চনৰ পৰা ২০০১ চনলৈ দেশৰ জাৰ্ছীত মুঠ ৭৪ খন টেষ্ট খেলিছে। ৪২ খন আন্তঃৰাষ্ট্ৰীয় মেচো খেলিছে স্লেটাৰে। ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পিছত এজন ভাষ্যকাৰৰ ভূমিকাতো দেখা গৈছিল তেওঁক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ