--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত বৰ্ষৰ আইপিএলত পিংক জাৰ্ছীৰে ২২গজৰ ক্ৰীজত জুই জ্বলাইছে ৰাজস্থান ৰয়েলছৰ যুজৱেন্দ্ৰ চাহালে। কেৱল যুজৱেন্দ্ৰ চাহালেই নহয় গেলেৰীত পিংক প্ৰেমেৰে দৃষ্টি কাঢ়িুছে চাহাল পত্নী ধনশ্ৰীয়েও। ৰাজস্থানৰ প্ৰতিখন মেচতে গেলেৰীত দলটোৰ হৈ উচ্ছসিত হৈ পৰা দেখা গৈছে যুজৱেন্দ্ৰ চাহালৰ পত্নী ধনশ্ৰী ভাৰ্মাক। কেৱল সেয়াই নহয়, গুলপীয়া পৰীৰ বেশত প্ৰতিখন মেচতে নতুন নতুন ৰূপত টেলিভিনৰ কেমেৰাত ধৰা দিছে চাহাল স্ত্ৰী ধনশ্ৰী ভাৰ্মাই। ৰাজস্থান ৰয়েলছৰ প্ৰতিখন মেচতে ষ্টেডিয়ামত উপস্থিত থাকে ধনশ্ৰী। আৰু পিংক আৰ্মীৰ প্ৰতিখন মেচতে  গুলপীয়া ৰঙৰ পোছাক পৰিধান কৰি গেলেৰীৰ শোভাবৰ্দ্ধন  কৰি আহিছে ধনশ্ৰীয়ে। 

পাতল মেকআপ আৰু গুলপীয়া ৰঙৰ প্ৰত্যেকযোৰ পোছাকতে অত্যন্ত সুন্দৰী যেন লাগিছে ধনশ্ৰীক। নিজৰ ইনষ্টাগ্ৰামত পিংক আৰ্মীৰ মেচ-ডে’ৰ দিনা নিজৰ ছবিও পোষ্ট কৰা দেখা গৈছে চাহাল পত্নীক। আইপিএলৰ চলিত ছিজনত পিংক পোছাক পৰিধানেৰে ৰাজস্থান ৰয়েলছৰ প্ৰতি সমৰ্থন আগবঢ়োৱাৰ সমান্তৰালকৈ স্বামীৰ সাফল্যত পাৰ ভঙা উছাহত উটি ফুৰিছে ধনশ্ৰী ভাৰ্মাই। এনেকৈয়ে এতিয়া ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে ধনশ্ৰী।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত