--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত ছিজনৰ আইপিএলে মিচ কৰিছে  ইউনিভাৰ্ছেল ব’ছৰ বেটিং তাণ্ডৱ। টি-২০ ক্ৰিকেটত যাৰ বিস্ফোৰক বেটিঙত ধৰাশয়ী হয় প্ৰতিপক্ষ। সেইগৰাকী তাৰকা ক্ৰিকেটাৰ বিহীন এইবাৰৰ আইপিএল। চলিত আইপিএলৰ মেগা নিলামৰ পূৰ্বে কেৰিবিয়ান কিংবদন্তী ক্ৰিকেটাৰগৰাকীয়ে আইপিএল নেখেল বুলি ঘোষণা কৰিছিল। চলিত ছিজনৰ আইপিএলৰ পৰা কিয় ক্ৰিছ গেইলে আঁতৰি আছে বুলি সোধাত ‘দ্য মিৰৰ’-ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে তেওঁ। লগতে ২০২৩ বৰ্ষৰ আইপিএল খেলাৰো ইচ্চাপ্ৰকাশ কৰিছে এইগৰাকী কেৰিবিয়ান তাৰকা ক্ৰিকেটাৰে। 

কেৰিবিয়ান কিংবদন্তি ক্ৰিছ গেইলে ২০০৯ চনত প্ৰথমবাৰৰ বাবে আইপিএল খেলিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্ছীত। কিন্তু এইবাৰ আইপিএলৰ নিলামৰ পূৰ্বে তেওঁৰ নাম প্ৰত্যাহাৰ কৰাৰ কাৰণ হিচাপে তেওঁ কয়, ‘বিগত কেইবছৰমান আইপিএলত মই পাবলগীয়াখিনি পোৱা নাই। সকলো ঠিক আছে বুলি মই ভাবিছিলো। ইমান বছৰ ধৰি ক্ৰিকেট আৰু আইপিএলত ইমানখিনি অৱদান আগবঢ়োৱাৰ পাছতো মই মোৰ প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈছো। সেইবাবে মই নিজকে আঁতৰাই আনিছিলো। ক্ৰিকেটৰ পিছতো জীৱন আছে। তাকে মই মানি লৈছিলো।’

ক্ৰিছ গেইলে তেওঁৰ আইপিএল কেৰিয়াৰত কেকেআৰ, আৰচিবি আৰু পঞ্জাৱৰ হৈ খেলিছে। পৰৱৰ্তী ছিজনত আকৌ খেলাৰ ইচ্ছাপ্ৰকাশ কৰিছে তেওঁ।তেওঁ কয়, ‘পৰৱৰ্তী ছিজনত মই ঘূৰি আহিম। তেওঁলোকক মোৰ প্ৰয়োজন। মই আইপিএলত কলকাতা, আৰচিবি আৰু পঞ্জাৱৰ হৈ খেলিছো। মই পঞ্জাৱ আৰু আৰচিবিৰ বাবে খিতাপ জিকিব বিচাৰো। আৰচিবিৰ জাৰ্ছীত মই আইপিএলত আটাইতকৈ সফল। পঞ্জাৱৰ সৈতেও মোৰ ৰেকৰ্ড ভাল। মই সদায় প্ৰত্যাহ্বান ভাল পাওঁ। মই সদায় নিজকে পৰীক্ষা কৰিব বিচাৰো, সেয়েহে দেখা যাওক কি হয়।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ