--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত ছিজনৰ আইপিএলে মিচ কৰিছে  ইউনিভাৰ্ছেল ব’ছৰ বেটিং তাণ্ডৱ। টি-২০ ক্ৰিকেটত যাৰ বিস্ফোৰক বেটিঙত ধৰাশয়ী হয় প্ৰতিপক্ষ। সেইগৰাকী তাৰকা ক্ৰিকেটাৰ বিহীন এইবাৰৰ আইপিএল। চলিত আইপিএলৰ মেগা নিলামৰ পূৰ্বে কেৰিবিয়ান কিংবদন্তী ক্ৰিকেটাৰগৰাকীয়ে আইপিএল নেখেল বুলি ঘোষণা কৰিছিল। চলিত ছিজনৰ আইপিএলৰ পৰা কিয় ক্ৰিছ গেইলে আঁতৰি আছে বুলি সোধাত ‘দ্য মিৰৰ’-ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে তেওঁ। লগতে ২০২৩ বৰ্ষৰ আইপিএল খেলাৰো ইচ্চাপ্ৰকাশ কৰিছে এইগৰাকী কেৰিবিয়ান তাৰকা ক্ৰিকেটাৰে। 

কেৰিবিয়ান কিংবদন্তি ক্ৰিছ গেইলে ২০০৯ চনত প্ৰথমবাৰৰ বাবে আইপিএল খেলিছিল। কলকাতা নাইট ৰাইডাৰ্ছৰ জাৰ্ছীত। কিন্তু এইবাৰ আইপিএলৰ নিলামৰ পূৰ্বে তেওঁৰ নাম প্ৰত্যাহাৰ কৰাৰ কাৰণ হিচাপে তেওঁ কয়, ‘বিগত কেইবছৰমান আইপিএলত মই পাবলগীয়াখিনি পোৱা নাই। সকলো ঠিক আছে বুলি মই ভাবিছিলো। ইমান বছৰ ধৰি ক্ৰিকেট আৰু আইপিএলত ইমানখিনি অৱদান আগবঢ়োৱাৰ পাছতো মই মোৰ প্ৰাপ্য সন্মানৰ পৰা বঞ্চিত হৈছো। সেইবাবে মই নিজকে আঁতৰাই আনিছিলো। ক্ৰিকেটৰ পিছতো জীৱন আছে। তাকে মই মানি লৈছিলো।’

ক্ৰিছ গেইলে তেওঁৰ আইপিএল কেৰিয়াৰত কেকেআৰ, আৰচিবি আৰু পঞ্জাৱৰ হৈ খেলিছে। পৰৱৰ্তী ছিজনত আকৌ খেলাৰ ইচ্ছাপ্ৰকাশ কৰিছে তেওঁ।তেওঁ কয়, ‘পৰৱৰ্তী ছিজনত মই ঘূৰি আহিম। তেওঁলোকক মোৰ প্ৰয়োজন। মই আইপিএলত কলকাতা, আৰচিবি আৰু পঞ্জাৱৰ হৈ খেলিছো। মই পঞ্জাৱ আৰু আৰচিবিৰ বাবে খিতাপ জিকিব বিচাৰো। আৰচিবিৰ জাৰ্ছীত মই আইপিএলত আটাইতকৈ সফল। পঞ্জাৱৰ সৈতেও মোৰ ৰেকৰ্ড ভাল। মই সদায় প্ৰত্যাহ্বান ভাল পাওঁ। মই সদায় নিজকে পৰীক্ষা কৰিব বিচাৰো, সেয়েহে দেখা যাওক কি হয়।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত