--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত পূৰ্বৰ সেই পৰাক্ৰম দেখুৱাব পৰা নাই চেন্নাই ছুপাৰ কিংছে। অৱশ্যে, ফিনিচাৰ মহেন্দ্ৰ সিং ধোনীৰ জয়জয় কাৰ এতিয়াও অব্যাহত। দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে মাত্ৰ ৮টা বলত ২১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে কেপ্টেইন কুলে। খেলপথাৰত নামিয়েই দ্বিতীয় বলত অ’ভাৰ বাউণ্ডেৰীৰে স্পষ্ট কৰি দিছিল যে অনুৰাগীয়ে আজি তেওঁৰ বেটৰ পৰা ৰান আশা কৰিব পাৰে। চেন্নাইয়ে ডেভন কনৱে আৰু ঋতুৰাজ গায়কৱাড়ৰ দুৰন্ত অপেনিং যুটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই দিল্লীক ২০৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চেন্নাইয়ে।

১৮ সংখ্যক অ’ভাৰত পেভেলিয়নমুখী হয় শিৱম ডুবে। কিন্তু ভাঙি পৰাৰ পৰিৱৰ্তে চেন্নাইৰ সমৰ্থকসকল আৰু অধিক উজ্জীৱিত হৈ পৰাহে দেখিবলৈ পোৱা যায়। কাৰণ, তেতিয়াই ক্ৰীজলৈ আহিছিল চেন্নাইৰ প্ৰাণ ভোমোৰা মাহী। ডাঙৰ শ্বট খেলাৰ উপৰি অনুৰাগীসকলে অন্তিম অ’ভাৰত ৰানিং বিটউইন দ্য উইকেটৰ মাজতে দেখিবলৈ পায় অসাধাৰণ  মাহীক। মেচখন জিকাৰ উপৰি, কেপ্টেইন কুলে আন এটা কাৰণতহে চৰ্চালৈ আহিছে। খেলপথাৰত প্ৰৱেশৰ পূৰ্বে, নিজৰ বেট কামুৰি আছিল ধোনীয়ে!

দৃশ্যটো সামাজিক মাধ্যমত লগে লগে ভাইৰেল হৈ পৰে। লগে লগে অনুৰাগীসকলৰ মনত প্ৰশ্ন উত্থাপিত হয় যে, কেপ্টেইন কুলে কিয় এনে কাম কৰি আছে? অৱশ্যে এই প্ৰশ্নটোৰ উত্তৰ ধোনীৰ এজন প্ৰাক্তন সতীৰ্থৰ পৰা আহিছিল। লেগস্পিনাৰ অমিত মিশ্ৰাই কৈছিল যে মাহীয়ে বেট পৰিষ্কাৰ ৰাখিবলৈ ভাল পায়। গতিকে যদি ষ্টিকাৰ বা আন কোনো ধৰণৰ বস্তু বেটত লাগি থাকে, তেওঁ ইয়াক আঁতৰাবলৈ ভাল পায়।ধোনীয়ে বেট কামোৰা প্ৰসংগত অমিতে কয়, ‘যদি আপুনি কেতিয়াবা ধোনীক বেট কামুৰি থকা দেখা পাইছে, তেতিেয়া বুজিব লাগিব যে তেওঁৰ বেটত কিবা লাগি আছে। বেটৰ পৰা কোনো সূতা বা টেপ ওলাই থকাটো পছন্দ নকৰে ধোনীয়ে। সেইকাৰণে তেওঁ প্ৰায়ে দাঁতেৰে সূতাবোৰ কাটি পেলায়।’

মন কৰিবলগীয়া যে, চেন্নাইয়ে দিল্লীক ৯১ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। তেওঁলোক পইণ্ট তালিকাৰ অষ্টম স্থানত আছে। প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা এতিয়াও সজীৱ হৈ আছে যদিও আছে কিছু চৰ্ত। অৱশ্যে, সেই সম্ভাৱনা অতি ক্ষীণ। খেলখনৰ পিছত ধোনীক প্লে’ অফলৈ দলটো প্ৰৱেশৰ সম্ভাৱনা কিমান এই বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছিল। উত্তৰত কেপ্টেইন কুলে কয়, ‘মই সৰুৰে পৰা অংকত কেঁচা। সেইবাবে মই সেই সংখ্যাবোৰৰ বিষয়ে চিন্তা কৰা নাই। মই পৰৱৰ্তী খেলবোৰ উপভোগ কৰিব বিচাৰো। প্লে’ অফত প্ৰৱেশ নকৰিলেও, পৃথিৱীখন শেষ হৈ নাযায়।’ ধোনীয়ে হয়তো নিজেও এই কথা উপলব্ধি কৰিছে যে এইবাৰ প্লে’ অফত প্ৰৱেশ কৰাটো সম্ভৱ নহয় চেন্নাইৰ পক্ষে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত
ড্ৰাগছৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ সফল অভিযান, লক্ষীপুৰত জব্দ বৃহৎ পৰিমাণৰ হেৰ’ইন