--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চলিত আইপিএলত পূৰ্বৰ সেই পৰাক্ৰম দেখুৱাব পৰা নাই চেন্নাই ছুপাৰ কিংছে। অৱশ্যে, ফিনিচাৰ মহেন্দ্ৰ সিং ধোনীৰ জয়জয় কাৰ এতিয়াও অব্যাহত। দেওবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে মাত্ৰ ৮টা বলত ২১ ৰানৰ দৰ্শনীয় ইনিংছ খেলে কেপ্টেইন কুলে। খেলপথাৰত নামিয়েই দ্বিতীয় বলত অ’ভাৰ বাউণ্ডেৰীৰে স্পষ্ট কৰি দিছিল যে অনুৰাগীয়ে আজি তেওঁৰ বেটৰ পৰা ৰান আশা কৰিব পাৰে। চেন্নাইয়ে ডেভন কনৱে আৰু ঋতুৰাজ গায়কৱাড়ৰ দুৰন্ত অপেনিং যুটিৰ ওপৰত নিৰ্ভৰ কৰিয়েই দিল্লীক ২০৮ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছিল চেন্নাইয়ে।

১৮ সংখ্যক অ’ভাৰত পেভেলিয়নমুখী হয় শিৱম ডুবে। কিন্তু ভাঙি পৰাৰ পৰিৱৰ্তে চেন্নাইৰ সমৰ্থকসকল আৰু অধিক উজ্জীৱিত হৈ পৰাহে দেখিবলৈ পোৱা যায়। কাৰণ, তেতিয়াই ক্ৰীজলৈ আহিছিল চেন্নাইৰ প্ৰাণ ভোমোৰা মাহী। ডাঙৰ শ্বট খেলাৰ উপৰি অনুৰাগীসকলে অন্তিম অ’ভাৰত ৰানিং বিটউইন দ্য উইকেটৰ মাজতে দেখিবলৈ পায় অসাধাৰণ  মাহীক। মেচখন জিকাৰ উপৰি, কেপ্টেইন কুলে আন এটা কাৰণতহে চৰ্চালৈ আহিছে। খেলপথাৰত প্ৰৱেশৰ পূৰ্বে, নিজৰ বেট কামুৰি আছিল ধোনীয়ে!

দৃশ্যটো সামাজিক মাধ্যমত লগে লগে ভাইৰেল হৈ পৰে। লগে লগে অনুৰাগীসকলৰ মনত প্ৰশ্ন উত্থাপিত হয় যে, কেপ্টেইন কুলে কিয় এনে কাম কৰি আছে? অৱশ্যে এই প্ৰশ্নটোৰ উত্তৰ ধোনীৰ এজন প্ৰাক্তন সতীৰ্থৰ পৰা আহিছিল। লেগস্পিনাৰ অমিত মিশ্ৰাই কৈছিল যে মাহীয়ে বেট পৰিষ্কাৰ ৰাখিবলৈ ভাল পায়। গতিকে যদি ষ্টিকাৰ বা আন কোনো ধৰণৰ বস্তু বেটত লাগি থাকে, তেওঁ ইয়াক আঁতৰাবলৈ ভাল পায়।ধোনীয়ে বেট কামোৰা প্ৰসংগত অমিতে কয়, ‘যদি আপুনি কেতিয়াবা ধোনীক বেট কামুৰি থকা দেখা পাইছে, তেতিেয়া বুজিব লাগিব যে তেওঁৰ বেটত কিবা লাগি আছে। বেটৰ পৰা কোনো সূতা বা টেপ ওলাই থকাটো পছন্দ নকৰে ধোনীয়ে। সেইকাৰণে তেওঁ প্ৰায়ে দাঁতেৰে সূতাবোৰ কাটি পেলায়।’

মন কৰিবলগীয়া যে, চেন্নাইয়ে দিল্লীক ৯১ ৰানৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। তেওঁলোক পইণ্ট তালিকাৰ অষ্টম স্থানত আছে। প্লে’ অফত প্ৰৱেশৰ সম্ভাৱনা এতিয়াও সজীৱ হৈ আছে যদিও আছে কিছু চৰ্ত। অৱশ্যে, সেই সম্ভাৱনা অতি ক্ষীণ। খেলখনৰ পিছত ধোনীক প্লে’ অফলৈ দলটো প্ৰৱেশৰ সম্ভাৱনা কিমান এই বিষয়ে প্ৰশ্ন উত্থাপন কৰা হৈছিল। উত্তৰত কেপ্টেইন কুলে কয়, ‘মই সৰুৰে পৰা অংকত কেঁচা। সেইবাবে মই সেই সংখ্যাবোৰৰ বিষয়ে চিন্তা কৰা নাই। মই পৰৱৰ্তী খেলবোৰ উপভোগ কৰিব বিচাৰো। প্লে’ অফত প্ৰৱেশ নকৰিলেও, পৃথিৱীখন শেষ হৈ নাযায়।’ ধোনীয়ে হয়তো নিজেও এই কথা উপলব্ধি কৰিছে যে এইবাৰ প্লে’ অফত প্ৰৱেশ কৰাটো সম্ভৱ নহয় চেন্নাইৰ পক্ষে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ