--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই কিম্বা মুম্বাই নহয়।সদ্য সমাপ্ত আইপিএলৰ কেইবাটাও প্ৰসংগ হৈ পৰিছে চৰ্চাৰ বিষয়। পূৰ্বৰ সকলো অনুমানক মিথ্যা প্ৰমাণিত কৰি সম্পূৰ্ণ নতুন ৰূপত দেখিবলৈ পোৱা গ’ল আইপিএল ২০২২। নতুনকৈ দুটা দলে যিদৰে প্ৰদৰ্শন আগবঢ়ালে সেয়া নিতান্তই প্ৰসংশাৰ যোগ্য। ধোনী, ৰোহিতৰ দুৰ্গত কঁপনি তুলি দুয়োটা দলে দেখুৱালে পৰাক্ৰম। আইপিএলত প্ৰথমবাৰ আত্মপ্ৰকাশ কৰা নতুন ফ্ৰেঞ্চাইজী গুজৰাট টাইটানছৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 

পূৰ্বৰ গতানুগতিকতাক নেওচা দি ২০২২ বৰ্ষৰ আইপিএলৰ চেম্পিয়নৰ খিতাপ হাতত তুলি ল’লে  গুজৰাট টাইটানছে। দেওবাৰে ফাইনেলত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰাৰ পাছতে অনুৰাগীয়ে অভিনন্দনৰে বন্যাৰে বুৰাই পেলাইছে গুজৰাটক। হাৰ্দিক পাণ্ডিয়াক অভিনন্দন জনাই টুইট কৰিছে দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতাৰ টুইটৰ উত্তৰ হিচাপে মিঠাই বিচাৰিলে গুজৰাট টাইটানছে।

গুজৰাটী ভাষাত অভিনন্দন জ্ঞাপন কৰি কলকাতাই টুইটত লিখিছে, 'কেনে আনন্দ'। উত্তৰত গুজৰাটেও ধেমালীয়া সুৰত লিখিছে, ‘কেৱল টুইট কৰিলেই নহ’ব, আমাক মিঠাই লাগে!’ লগত আকি দিছে  হাঁহিৰ ইম’জী। এটা  শিবিৰত আনন্দ উল্লাস , আনটো শিবিৰত হতাশা। তথাপি যেন ভাৰ্চুৱেল জগতখনত হাঁহিৰ মেলা মাতিছে খেলুৱৈসকলে।

সেয়া যি কি নহওক, গুজৰাটৰ অনুৰোধত কলকাতাই মিঠাই পঠোৱাৰ কথা হয়তো ভাবিব পাৰে। তাতে আকৌ ঋদ্ধিমান সাহা বংগৰে সন্তান। কি ঠিক গুজৰাটৰ এই আশা পূৰণ হয়েই!



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ