--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই কিম্বা মুম্বাই নহয়।সদ্য সমাপ্ত আইপিএলৰ কেইবাটাও প্ৰসংগ হৈ পৰিছে চৰ্চাৰ বিষয়। পূৰ্বৰ সকলো অনুমানক মিথ্যা প্ৰমাণিত কৰি সম্পূৰ্ণ নতুন ৰূপত দেখিবলৈ পোৱা গ’ল আইপিএল ২০২২। নতুনকৈ দুটা দলে যিদৰে প্ৰদৰ্শন আগবঢ়ালে সেয়া নিতান্তই প্ৰসংশাৰ যোগ্য। ধোনী, ৰোহিতৰ দুৰ্গত কঁপনি তুলি দুয়োটা দলে দেখুৱালে পৰাক্ৰম। আইপিএলত প্ৰথমবাৰ আত্মপ্ৰকাশ কৰা নতুন ফ্ৰেঞ্চাইজী গুজৰাট টাইটানছৰ কথা নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। 

পূৰ্বৰ গতানুগতিকতাক নেওচা দি ২০২২ বৰ্ষৰ আইপিএলৰ চেম্পিয়নৰ খিতাপ হাতত তুলি ল’লে  গুজৰাট টাইটানছে। দেওবাৰে ফাইনেলত ৰাজস্থান ৰয়েলছক পৰাস্ত কৰাৰ পাছতে অনুৰাগীয়ে অভিনন্দনৰে বন্যাৰে বুৰাই পেলাইছে গুজৰাটক। হাৰ্দিক পাণ্ডিয়াক অভিনন্দন জনাই টুইট কৰিছে দুবাৰৰ চেম্পিয়ন কলকাতা নাইট ৰাইডাৰ্ছে। কলকাতাৰ টুইটৰ উত্তৰ হিচাপে মিঠাই বিচাৰিলে গুজৰাট টাইটানছে।

গুজৰাটী ভাষাত অভিনন্দন জ্ঞাপন কৰি কলকাতাই টুইটত লিখিছে, 'কেনে আনন্দ'। উত্তৰত গুজৰাটেও ধেমালীয়া সুৰত লিখিছে, ‘কেৱল টুইট কৰিলেই নহ’ব, আমাক মিঠাই লাগে!’ লগত আকি দিছে  হাঁহিৰ ইম’জী। এটা  শিবিৰত আনন্দ উল্লাস , আনটো শিবিৰত হতাশা। তথাপি যেন ভাৰ্চুৱেল জগতখনত হাঁহিৰ মেলা মাতিছে খেলুৱৈসকলে।

সেয়া যি কি নহওক, গুজৰাটৰ অনুৰোধত কলকাতাই মিঠাই পঠোৱাৰ কথা হয়তো ভাবিব পাৰে। তাতে আকৌ ঋদ্ধিমান সাহা বংগৰে সন্তান। কি ঠিক গুজৰাটৰ এই আশা পূৰণ হয়েই!



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত