--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাজ্য সভাৰ খালী হ'ব লগীয়া অসমৰ দুখন আসনৰ বাবে অহা ১৯ জুনত নির্বাচন অনুষ্ঠিত হ'ব। সোমবাৰে নির্বাচন আয়োগে প্ৰকাশ কৰা অনুসৰি নিৰ্বাচনৰ বাবে দুই জুনত অধিসূচনা জাৰি কৰাৰ পাছত মনোনয়ন দাখিলৰ শেষ দিন ধাৰ্য কৰা হৈছে ৯ জুন। 

দহ জুনত মনোনয়ন-পত্ৰসমূহ পৰীক্ষা কৰা হ'ব। মনোনয়ন-পত্র প্রত্যাহাৰৰ অন্তিম দিন হৈছে ১২ জুন। ইয়াৰ পাছত ১৯ জুনৰ পুৱা ন বজাৰ পৰা বিয়লি চাৰি বজালৈকে ভোট গ্রহণ অনুষ্ঠিত হোৱাৰ পাছত সেই দিনাই বিয়লি পাঁচ বজাত ভোট গণনা কৰা হ'ব। আনহাতে নিৰ্বাচনৰ সমগ্ৰ প্ৰক্ৰিয়াটো সমাপ্ত হ'ব ২৩ জুনৰ ভিতৰত। উল্লেখযোগ্য যে, অহা ১৪ জুনত অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য আৰু বিজেপিৰ সাংসদ মিছন ৰঞ্জন দাসৰ কাৰ্যকাল সমাপ্ত হ'ব। খালী হ'ব লগীয়া দুখনকৈ আসনক লৈ ইতিমধ্যে দুয়োটা দলতে ৰাজনীতি আৰম্ভ হৈছে। 

অগপৰ বৰ্তমানৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই পুনৰ ৰাজ্য সভালৈ যোৱাৰ মন মেলিছে যদিও দলৰ মাজত বৈশ্যৰ লগতে আন কেইবাজনৰো নাম চর্চালৈ আহিছে। বিশেষকৈ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু পোনাকণ বৰুৱাৰ নামো ৰাজ্য সভাৰ প্ৰাৰ্থিত্বৰ দৌৰত আছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ ফলত বৰ্তমানৰ পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা আৰু চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱাই সমষ্টি হেৰুৱাইছে। পোনাকণ বৰুৱাই প্ৰতিনিধিত্ব কৰা চাবুৱা সমষ্টি লাহোৱালৰ সৈতে সংযুক্ত হৈছে। একেদৰে পশ্চিম গুৱাহাটী সমষ্টি বিলুপ্ত হৈ নতুন সমষ্টি নিউ গুৱাহাটী হৈছে। সেয়েহে দুয়োগৰাকী অগপ বিধায়কে নতুন সমষ্টিত নির্বাচন খেলাৰ পৰিৱৰ্তে ৰাজ্য সভাৰ সাংসদ হোৱাৰ বাবে মন মেলিছে। তদুপৰি শেহতীয়াকৈ আঞ্চলিক দলটোৰ জ্যেষ্ঠ নেতা প্রদীপ হাজৰিকা, সত্যব্রত কলিতা, ভূপেন ৰায়, মনোজ শইকীয়া, জয়ন্ত খাওন্দ, কুমাৰ দীপক দাস, নুৰুল চুলতান আদিৰ নামো চর্চালৈ আহিছে। ইফালে বৰাকৰ বিজেপি নেতা মিছন ৰঞ্জন দাসৰ আসনখনক লৈও গেৰুৱা শিবিৰত চলিছে বিভিন্ন জল্পনা-কল্পনা। 

বিজেপিৰ এটা সূত্ৰই প্ৰকাশ কৰা মতে যিহেতু দাস উপ-নির্বাচনত জয়ী হৈহে ৰাজ্য সভালৈ গৈছিল, সেয়েহে তেওঁ মাত্র দহ মাহহে কার্যকাল লাভ কৰে। গতিকে দাসক গেৰুৱা দলটোৱে পুনৰ প্রার্থিত্ব প্রদান কৰিব পাৰে। যদিহে দাসক প্রার্থিত্ব প্রদান নকৰে তেনেহ'লে তেওঁৰ স্থানত বৰাকৰ আন এজন নেতা ডাঃ ৰাজদ্বীপ ৰায়ক প্রার্থিত্ব প্ৰদান কৰা হ'ব পাৰে। পূৰ্বৰ শিলচৰ সমষ্টিৰ সাংসদ ডাঃ ৰাজদ্বীপ ৰায়ক যোৱাটো লোক সভা নির্বাচনত প্রার্থিত্ব প্রদান কৰা হোৱা নাছিল। শিলচৰ সমষ্টিটো অনসূচিত জাতিৰ বাবে সংৰক্ষণ কৰাৰ বাবেই ৰায় প্রার্থিত্বৰ পৰা বঞ্চিত হৈছিল। এনে পৰিস্থিতিত দলৰ একাংশ শীর্ষ নেতাই ডাঃ ৰায়ক ৰাজ্য সভালৈ প্ৰেৰণ কৰাৰ বাবে দাবী জনাইছে। ইফালে পূৰ্বৰ সাংসদ পল্লৱ লোচন দাস, তপন গগৈকে ধৰি আন কেইবাগৰাকী নেতায়ো ৰাজ্য সভালৈ যোৱাৰ বাবে মন মেলা বুলি জানিব পৰা গৈছে। অৱশ্যে পৰৱৰ্তী সময়তহে স্পষ্ট হ'ব গেৰুৱা দলটোৱে শেষত কাক প্রার্থিত্ব প্রদান কৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ