--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি পোৱা লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক অভিনন্দন জনাইছে অসম জাতীয় পৰিষদে৷

এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘লোকসভাৰ বিৰোধী উপ-দলপতি তথা যোৰহাটৰ সাংসদ গৌৰৱ গগৈক এই নতুন দায়িত্বৰ বাবে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ৷ আমি আশা কৰিছোঁ, আগন্তুক সময়ত আমি সামূহিকভাবে চলাই অহা বিজেপিবিৰোধী যুঁজখনে এতিয়াৰে পৰা নতুন গতি লাভ কৰিব৷’ 

গগৈ আৰু ভূঞাই লগতে কয়, ‘বিজেপি চৰকাৰখনৰ স্বেচ্ছাচাৰিতা আৰু অগণতান্ত্ৰিক শাসন ব্যৱস্থাৰ বিৰুদ্ধে এই খবৰ নিঃসন্দেহে বিজেপিবিৰোধী শিবিৰৰ বাবে আশাপ্ৰদ৷ অসমত বিজেপি চৰকাৰখনক উৎখাত কৰিবলৈ বিজেপিবিৰোধী সকলো শক্তি একত্ৰিত হোৱাটো সময়ৰ জৰুৰী আহ্বান৷ এই আহ্বানৰ উপলব্ধিৰে প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতিগৰাকীয়ে বিৰোধী ঐক্যক অধিক শক্তিশালী কৰিবলৈ তৎপৰতা অৱলম্বন কৰিব বুলি আমি আশা কৰিছোঁ৷’

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত