--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমত প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বিষয়টোক গুৰুত্বসহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্রায় আধা ঘণ্টাৰ এই বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমত প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। 

এই পদক্ষেপে পূব সীমান্তত আমাৰ সশস্ত্র বাহিনীৰ চাহিদা মজবুত কৰাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 'মেক ইন ইণ্ডিয়া'ৰ দৃষ্টিভংগীক সহযোগিতা আগবঢ়োৱা তথা উত্তৰ-পূবত নতুন অর্থনৈতিক সম্ভাৱনা সৃষ্টিকে ধৰি বহুকেইটা উদ্দেশ্য সাধন কৰিব।'

উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে ৰাজ্যখনত এটা প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। আনকি এই প্রকল্পৰ বাবে প্রয়োজনীয় ভূমিৰো যোগাৰ কৰাৰ পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰখনে। ইফালে, মুখ্যমন্ত্রী ড° শর্মাই আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৰ সৈতেও আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা অনুষ্ঠিত হয়।

বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, শিলচৰৰ গ্রীনফিল্ড বিমান বন্দৰৰ কাম চলিত বৰ্ষৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰূপসী বিমান বন্দৰটোও সম্প্ৰসাৰণ কৰা হ'ব বুলি প্রতিশ্রুতি দিয়াৰ লগতে যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ সৈতে দেশৰ কেইবাখনো চহৰৰ বিমান সংযোগ কৰা হ'ব বুলি অৱগত কৰে।

উল্লেখযোগ্য যে যোৱা কেইবাদিনো ধৰি নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্য মন্ত্ৰী জগত প্রকাশ নড্ডাকে ধৰি কেইবাগৰাকী মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ ভাৰতীয়ৰ দেহত 'নিপা' ভাইৰাছ, এছিয়াৰ বিমান বন্দৰত বিশেষ পৰীক্ষণ
ইতিহাসৰ সৰ্ববৃহৎ চুক্তিত স্বাক্ষৰ; ইউৰোপীয়ান ইউনিয়ন-ভাৰতৰ সম্পৰ্কৰ নতুন অধ্যায়
অভাৱগ্ৰস্ত লোকসকলৰ সহায়ৰ উদ্দেশ্যে দৰঙত পোন প্ৰথমবাৰৰ বাবে মুকলি বস্ত্ৰ বেংক
ভয়ংকৰ বিমান দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰে; ৪যাত্ৰীৰো কৰুণ মৃত্যু
বিশ্বৰ আটাইতকৈ দামী ঘৰ কোনটো? আম্বানীৰ এণ্টিলিয়া নে ব্ৰিটেইনৰ বাকিংহাম পেলেচ?
স্বাস্থ্য আৰু সুস্থ জীৱন
আজি গণেশ পূজা; কি কি ভুল কৰিব নালাগে জানি লওক
T20 বিশ্বকাপৰ ফাইনেলত ভাৰতৰ প্ৰৱেশ নিশ্চিত; মাইকেল ক্লাৰ্কে কৰিলে ভৱিষ্যদ্বাণী
গণৰাজ্য দিৱসৰ পেৰেডত বাজিব 'মায়াবিনী'
পিছ পৰি ৰ'ব চীন-আমেৰিকা,বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ দেশ হিচাপে পৰিগণিত হ’ব ভাৰত, এক চাঞ্চল্যকৰ ভৱিষ্যদ্বাণী
কুম্ভ ৰাশিত ৰাহু-সূৰ্য্যৰ সংযোগঃ গ্ৰহণৰ প্ৰভাৱে ৩ ৰাশিৰ বৃদ্ধি কৰিব সমস্যা
‘বন্দে ভাৰত শ্লিপাৰ এক্সপ্ৰেছ’ৰ প্ৰথম যাত্ৰাতেই বুকিং হ’ল সম্পূৰ্ণ আসন; ২৪ ঘণ্টাতেই শেষ সকলো টিকট
মহাৰাষ্ট্ৰৰ পৌৰ নিগমত মিত্ৰতা ৰাজ থাকৰে-একনাথ সিন্দেৰ
বিহুৰ পূৰ্বে হ'ব অসমৰ নিৰ্বাচন!