--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অসমত প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বিষয়টোক গুৰুত্বসহকাৰে লৈছে কেন্দ্ৰীয় চৰকাৰে। এই সন্দৰ্ভত সোমবাৰে নতুন দিল্লীত কেন্দ্রীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ সৈতে মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মা এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয়। প্রায় আধা ঘণ্টাৰ এই বৈঠকৰ পাছত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমত প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বিষয়ে বিস্তৃতভাৱে আলোচনা কৰা হয়। 

এই পদক্ষেপে পূব সীমান্তত আমাৰ সশস্ত্র বাহিনীৰ চাহিদা মজবুত কৰাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ 'মেক ইন ইণ্ডিয়া'ৰ দৃষ্টিভংগীক সহযোগিতা আগবঢ়োৱা তথা উত্তৰ-পূবত নতুন অর্থনৈতিক সম্ভাৱনা সৃষ্টিকে ধৰি বহুকেইটা উদ্দেশ্য সাধন কৰিব।'

উল্লেখযোগ্য যে অসম চৰকাৰে ইতিমধ্যে ৰাজ্যখনত এটা প্ৰতিৰক্ষা কৰিড'ৰ স্থাপনৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত প্ৰস্তাৱ দাখিল কৰিছে। আনকি এই প্রকল্পৰ বাবে প্রয়োজনীয় ভূমিৰো যোগাৰ কৰাৰ পদক্ষেপ হাতত লৈছে ৰাজ্য চৰকাৰখনে। ইফালে, মুখ্যমন্ত্রী ড° শর্মাই আজি কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী ৰাম মোহন নাইডু কিঞ্জাৰাপুৰ সৈতেও আন এখন বৈঠকত মিলিত হয়। এই বৈঠকত উত্তৰ-পূৰ্বাঞ্চলত বিমান সংযোগ আৰু আন্তঃগাঁথনি সম্প্ৰসাৰণৰ সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা অনুষ্ঠিত হয়।

বৈঠকৰ পাছত মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে, শিলচৰৰ গ্রীনফিল্ড বিমান বন্দৰৰ কাম চলিত বৰ্ষৰ পৰা আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। আনহাতে, কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৰূপসী বিমান বন্দৰটোও সম্প্ৰসাৰণ কৰা হ'ব বুলি প্রতিশ্রুতি দিয়াৰ লগতে যোৰহাট, ডিব্ৰুগড় আৰু শিলচৰৰ সৈতে দেশৰ কেইবাখনো চহৰৰ বিমান সংযোগ কৰা হ'ব বুলি অৱগত কৰে।

উল্লেখযোগ্য যে যোৱা কেইবাদিনো ধৰি নতুন দিল্লীত বাহৰ পাতি থকা মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ, কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধান, বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণ, স্বাস্থ্য মন্ত্ৰী জগত প্রকাশ নড্ডাকে ধৰি কেইবাগৰাকী মন্ত্ৰীক সাক্ষাৎ কৰি ৰাজ্যৰ বিভিন্ন প্ৰকল্প ৰূপায়ণৰ সন্দৰ্ভত আলোচনা কৰিছে।
উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ