--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নির্বাচন আয়োগে সমগ্র দেশৰ ভোটাৰ তালিকাৰ পৰা ভুৱা ভোটাৰৰ নাম আঁতৰোৱা আৰু কেইবা দশকৰ এই পুৰণি সমস্যাটো তিনি মাহৰ ভিতৰত নির্মূল কৰাৰ অংগীকাৰ কৰে। নিৰ্বাচন আয়োগে এই কথা প্রকাশ কৰিছে। 

উল্লেখযোগ্য যে ভোটাৰ তালিকাত ভুৱা ভোটাৰৰ নাম অন্তর্ভুক্ত হোৱাৰ লগতে ভোটাৰ তালিকাৰ শুদ্ধতাক লৈ দেশত বিতর্ক চলি থকাৰ সময়তে আয়োগে এই কথা ঘোষণা কৰে। 

আয়োগে লগতে এই কথাও প্রকাশ কৰে যে ভোটাৰ তালিকাৰ নিয়মীয়া উন্নীতকৰণৰ প্ৰক্ৰিয়াত জন্ম-মৃত্যু পঞ্জীয়ন বিষয়াসকলৰ সৈতে সমন্বয় স্থাপন কৰি এই প্ৰক্ৰিয়াটো অধিক শক্তিশালী কৰা হ'ব। এটা বিবৃতিত নির্বাচন আয়োগে লগতে প্রকাশ কৰে যে ভোটাৰ তালিকাক আধাৰ নম্বৰৰ সৈতে সংযোজিত কৰাৰ বাবে ইউ আই ডি এ আই আৰু আয়োগৰ বিশেষজ্ঞৰ মাজত কাৰিকৰী দিশটোক লৈ অচিৰেই আলোচনা আৰম্ভ কৰা হ'ব। আয়োগে অলপতে ৰাজনৈতিক দলসমূহৰ সৈতে হোৱা বৈঠকত এই কথা স্পষ্ট কৰি দিয়ে যে খচৰা ভোেটাৰ তালিকাত কোনো ধৰণৰ নামৰ অন্তৰ্ভুক্ত বা কৰ্তনৰ দাবী আৰু আপত্তি ১৯৫০ চনৰ জনপ্রতিনিধি আইনৰ অধীনত সকলো ৰাজনৈতিক দলৰ বাবে উপলব্ধ আইনী ব্যৱস্থাৰ অধীনত নিয়ন্ত্ৰণ কৰা হ'ব। 

ৰাজনৈতিক দলসমূহে খচৰা ভোটাৰ তালিকাক লৈ এনে ধৰণৰ কোনো দাবী-আপত্তি দাখিল নকৰিলে নির্বাচন পঞ্জীয়ন বিষয়াৰ (ই আৰ অ') দ্বাৰা প্ৰস্তুত কৰা তালিকা গ্রাহ্য হ'ব। আয়োগে কয় যে জানুৱাৰীত ভোটাৰ তালিকাৰ বিশেষ সংক্ষিপ্ত সংশোধনীৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পাছত মাত্র ৮৯টা ফাৰ্ষ্ট আপীল আৰু মাত্র এটা ছেকেণ্ড আপীল দাখিল কৰা হৈছিল। আয়োগে লগতে প্রকাশ কৰে যে নিৰ্বাচনী প্রক্রিয়া শক্তিশালী কৰাৰ কাৰণে সাহসিক পদক্ষেপ গ্রহণ কৰা হৈছে। তলৰ পৰ্যায়ত বিভিন্ন বিষয় সমাধান কৰাৰ কাৰণে প্রায় ৫ হাজাৰ নিৰ্বাচনী বিষয়াই ৩১ মার্চলৈকে ৰাজনৈতিক দলসমূহৰ সৈতে নিয়মীয়াকৈ আলোচনা কৰিব। আনহাতে ৰাজ্যৰ মুখ্য নির্বাচন বিষয়া, জিলা নির্বাচন বিষয়া আৰু নির্বাচন পঞ্জীয়ন বিষয়াকে ধৰি আয়োগৰ বিষয়াসকলক ডিজিটেল প্রশিক্ষণ দিয়া হ'ব। আয়োগে প্রকাশ কৰে যে প্ৰায় এক কোটি নির্বাচন কৰ্মচাৰীৰ ক্ষমতা বৃদ্ধিৰ কাৰণে ডিজিটেল প্ৰশিক্ষণৰ ব্যৱস্থা কৰাৰ কথা বিবেচনা কৰি থকা হৈছে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
UPIৰ লেনদেনত গ্রাহকে ভৰিব নালাগে মাচুল: নির্মলা সীতাৰমণ
বানে সৃষ্টি কৰা সমস্যা দূৰ কৰিবলৈ ‘অসম বান-সহায় সেতু’ নিৰ্মাণ যুৱ উদ্যোগী প্ৰীতম ৰঞ্জন ডেকাৰ
শীঘ্ৰেই মুকলি হ’ব হৰমুজ প্রণালী; ইৰান-ওমানৰ মাজত বুজাবুজি
অসম প্ৰিমিয়াৰ লীগ: নগাঁও ৰেঞ্জাৰ্চৰ বিৰুদ্ধে ৭০ ৰানৰ বৃহৎ বিজয় সাব্যস্ত বৰপেটা ব্ৰেভছৰ
ই আই’-এ চিনাক্ত কৰিব ফ্ল’ৰাইড-আৰ্চেনিক; IIT গুৱাহাটীৰ গৱেষকৰ উদ্ভাৱন
১৯ দিনৰ পাছতো ভয়াৱহ ৰূপত অসমৰ বান পৰিস্থিতি
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
নতুন হাৰাংগাজাওত ৰে'লপথৰ অস্থিৰতা: লুমডিং-বদৰপুৰ খণ্ডত ৰে'ল সেৱাত ব্যাপক ব্যাঘাত
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
জালুকবাৰীত তিনিটা নতুন আদৰ্শ অংগনৱাদী কেন্দ্ৰৰ শুভ উদ্বোধন
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
নলবাৰী জিলা আয়ুক্তৰ অধ্যক্ষতাত স্বাস্থ্য বিভাগৰ কাৰ্যসূচীৰ ব্যাপক পৰ্যালোচনা
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ
ডিব্ৰুগড়ৰ গণেশ মন্দিৰৰ ভূমিত উচ্ছেদ অভিযানক লৈ বিতৰ্ক, স্থগিতাদেশ উলংঘাৰ অভিযোগ