--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ অভিযুক্ত তথা পঞ্জাৱৰ সুপৰিচিত গেংষ্টাৰ জগ্গু ভগৱানপুৰীয়াক ভাতিণ্ডাৰ পৰা অসমৰ শিলচৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে। সূত্ৰ অনুসৰি এন ডি পি এছ আইনৰ অধীনত এন চি বিয়ে এই ব্যৱস্থা গ্ৰহণ কৰিছে। 

এন এছ এৰ অধীনত এই আইনখন অতি কঠোৰ আৰু এতিয়া ইয়াক এবছৰৰ বাবে জামিন দিব নোৱাৰি বা প্ৰত্যাহ্বান জনাব নোৱাৰি।
কটকটীয়া নিৰাপত্তাৰ মাজেৰে অসমৰ শিলচৰ কাৰাগাৰলৈ স্থানান্তৰ কৰা হৈছে জগ্গুক। জগ্গু ভগৱানপুৰীয়াক অসমলৈ বিমানেৰে লৈ যোৱাৰ পূৰ্বে তীব্ৰ নিৰাপত্তাৰ মাজতে চণ্ডীগড়লৈ লৈ যোৱা হয়। 

বিগত কেইবাবছৰত গেংষ্টাৰ জগ্গুৰ বিৰুদ্ধে ১২৮টা গোচৰ ৰুজু হৈছে। বৰ্তমান তেওঁক ভাতিণ্ডাৰ উচ্চ নিৰাপত্তাৰক্ষীৰ কাৰাগাৰত ৰখা হৈছিল। 

পঞ্জাৱৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী সুখজিন্দৰ সিং ৰন্ধাৱাই এই সিদ্ধান্তৰ ওপৰত মন্তব্য কৰাৰ সময়ত প্ৰশ্ন উত্থাপন কৰিছে। তেওঁ কয় যে বিগত কেইবাবছৰ ধৰি এই গেংষ্টাৰৰ কাৰ্যকলাপৰ বাবে তেওঁলোকে হুলস্থুল কৰি আহিছে যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাই। তেওঁ কয় যে যদি পঞ্জাৱৰ পৰা প্ৰায় এক ডজন গেংষ্টাৰক স্থানান্তৰ কৰা যায়, তেন্তে অপৰাধ আৰু ড্ৰাগছ সৰবৰাহ হ্ৰাস হ’ব পাৰে।


সূত্ৰ অনুসৰি আগন্তুক সময়ত আন গেংষ্টাৰ আৰু অপৰাধীকো দূৰৈৰ কাৰাগাৰলৈ স্থানান্তৰিত কৰা হ’ব পাৰে। বৰ্তমান এনচিবিৰ এই কঠোৰ কাৰ্যক পঞ্জাৱৰ গেং ৱাৰ আৰু ড্ৰাগছ নেটৱৰ্কৰ বাবে এক ডাঙৰ আঘাত হিচাপে বিবেচিত হৈছে।

জগ্গু ভগৱানপুৰীয়াৰ প্ৰকৃত নাম জগদীপ সিং আৰু তেওঁ গুৰদাসপুৰৰ গাঁও ভগৱানপুৰৰ বাসিন্দা। পাকিস্তান সীমান্তৰ সিপাৰৰ পৰা ড্ৰাগছ সৰবৰাহৰ ক্ষেত্ৰত কুখ্যাত ব্যক্তি পিআইটি-এনডিপিএছ আইনৰ অধীনত আটক হোৱা পঞ্জাৱৰ প্ৰথমজন গেংষ্টাৰ জগ্গু।

সূত্ৰসমূহে জনোৱা মতে, এন ডি পি এছ সম্পৰ্কীয় বিভিন্ন গোচৰত দীৰ্ঘদিন কাৰাগাৰত থকাৰ সময়তো তেওঁ অপাৰেটিভৰ এক বহল নেটৱৰ্কৰ জৰিয়তে ড্ৰাগছ সৰবৰাহৰ, ধন দাবী আৰু হিংসাত্মক কাৰ্যকলাপ চলাই আহিছে বুলি অভিযোগ উঠিছে।

চোৰাংচোৱাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁ কানাডা আৰু আমেৰিকাৰ পাকিস্তান ভিত্তিক যোগানকাৰী আৰু আন্তঃৰাষ্ট্ৰীয় নেটৱৰ্কৰ সৈতে জড়িত, তেওঁৰ কাৰ্যকলাপৰ আন্তঃৰাষ্ট্ৰীয় প্ৰকৃতি আৰু ইয়াৰ দ্বাৰা ভাৰতৰ আভ্যন্তৰীণ নিৰাপত্তাৰ প্ৰতি থকা বিপদৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছে। ভাৰত চৰকাৰৰ যুটীয়া সচিব (পিআইটি-এনডিপিএছ)ৰ ২১ মাৰ্চ, ২০২৫ তাৰিখে দিয়া নিৰ্দেশ অনুসৰি ততাতৈয়াকৈ তেওঁক ভাতিণ্ডাৰ উচ্চ নিৰাপত্তা কাৰাগাৰৰ পৰা অসমৰ শিলচৰ কেন্দ্ৰীয় কাৰাগাৰলৈ স্থানান্তৰিত কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিলাসীপাৰাত ধনৰ লোভত নাবালিকা কন্যাক বিয়া দিবলৈ চেষ্টা কৰাৰ অভিযোগ; নিজ পিতৃৰ বিৰুদ্ধে এজাহাৰ কন্যাৰ
কাজিৰঙাৰ ৰঙাজানত ভয়ংকৰ পথ দুৰ্ঘটনা; তীব্ৰবেগী ট্ৰেভেলাৰ আৰু ট্ৰেইলাৰৰ মুখামুখি সংঘৰ্ষত ২৩ জনৰ মৃত্যু
চিকিৎসকৰ চমৎকাৰ! জন্মৰ এমাহৰ পাছতে অস্ত্ৰোপচাৰৰ জৰিয়তে পিঠিৰ পৰা সংযুক্ত হৈ থকা যমজ ভাতৃক কৰিলে পৃথক
বাটতে ৰৈ আছিল যমদূত; ভয়ংকৰ পথ দুৰ্ঘটনাত পতি-পত্নী আৰু কণমানি দুই সন্তানৰ মৃত্যু
নাটকীয়ভাৱে দৃশ্যপট সলনি হৈছে বিহাৰৰ ৰাজনীতিত! ফাঁট মেলিছে শাসক মিত্রজোঁট NDAত
IPLৰ দল বৃদ্ধি নহয়; স্পষ্ট কৰিলে BCCIৰ সচিব দেৱজিৎ শইকীয়াই
ফেন্সি বজাৰৰ উৰ্বশী বজাৰত এন্দুৰৰ উপদ্ৰৱ আৰু গুৱাহাটী মহানগৰীৰ নিগমৰ জৰিমনা
অসমৰ অৱক্ষয়িত বনভূমি পুনৰুদ্ধাৰত ১৩৪ সংখ্যক ইক’লজিকেল টাস্ক ফ’ৰ্চৰ প্ৰশংসা মুখ্যমন্ত্ৰীৰ
আমিনগাঁৱত প্ৰদূষণকাৰী উদ্যোগ স্থাপনৰ বাবে প্ৰদান কৰা অনুমতি পত্ৰ খাৰিজ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ
কাজিৰঙাত সংঘটিত মৰ্মান্তিক পথ দুৰ্ঘটনাত কুৰিজনৰো অধিক লোকৰ প্ৰাণহানি, শীৰ্ষ নেতাসকলৰ শোক প্ৰকাশ
কাজিৰঙাৰ দুৰ্ঘটনা সন্দৰ্ভত এআইইউডিএফৰ গভীৰ শোক প্ৰকাশ
মহানগৰীত আৰক্ষীৰ কঠোৰ পদক্ষেপ, জনসাধাৰণক আমনি কৰাৰ অভিযোগত আটক ২২ জন তৃতীয় লিংগৰ ব্যক্তি
গুৱাহাটীত আৰম্ভ হ’ল ৰাষ্ট্ৰীয় ফাৰ্মাচী সপ্তাহ ২০২৬
মহানগৰীত ভেণ্ডিং জ’ন স্থাপনৰ পৰিকল্পনাত হেঙাৰ, ফুটপাথত অব্যাহত দখলদাৰী