--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যু। মৃত মহিলা চিকিৎসকগৰাকীৰ নাম ডাঃ ৰিচা পাণ্ডে। ডাঃ ৰিচাৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ২৫ বছৰ। 

৪ মাহ পূৰ্বে দন্ত চিকিৎসক ডাঃ অভিজিত পাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডাঃ ৰিচা পাণ্ডে। নৱবিবাহিতা চিকিৎসকগৰাকীৰ মৃত্যুত সকলো হতভম্ব হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে ভূপালত।

ডাঃ ৰিচা পাণ্ডেৰ মৃতদেহ নিজ বাসগৃহতে উদ্ধাৰ হৈছে। হাতৰ বাহুত বেজীৰ চিন থকা দেখিবলৈ পোৱা গৈছে ডাঃ ৰিচাৰ মৃতদেহত।

শুকুৰবাৰে পুৱা বহু দেৰিলৈকে নুঠা দেখি স্বামীয়ে ডাঃ ৰিচাৰ দুৱাৰত টুকুৰিয়ায়। তেওঁ কোনো সঁহাৰি নিদিয়াত ফোনো কৰে বহুবাৰ। ফোনৰো সঁহাৰি নিদিয়াত ডাঃ অভিজিত পাণ্ডে চিন্তাত পৰে। তেতিয়া ডাঃ অভিজিতে ওচৰ-চুবুৰীয়াৰ পৰা সহায় বিচাৰিলে আৰু যেতিয়া তেওঁলোকৰ প্ৰচেষ্টা বিফল হ’ল, তেতিয়া দুৱাৰখন ভাঙিবলৈ এজন শ্ৰমিকক মাতি অনা হয়। শ্ৰমিকে দুৱাৰ ভাঙে আৰু তেওঁলোকে কোঠাৰ ভিতৰত সোমোৱাৰ পাছত ডাঃ ৰিচাক বিচনাত অচেতন অৱস্থাত পৰি থকা দেখিবলৈ পায়। 

ততাতৈয়াকৈ ৰিচাক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে কয় যে বৃহস্পতিবাৰে নিশা এই দম্পতী পৃথক পৃথক কোঠাত শুইছিল আৰু তেতিয়াই এই অঘটন ঘটে। তেওঁৰ হাতত বেজীৰ চিন পোৱা গৈছে, যাৰ ফলত গোচৰটো সন্দেহজনক হৈ পৰিছে। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ নিশ্চিত হ’ব। মহিলা চিকিৎসকগৰাকীৰ মৃত্যুৰ কাৰণ আত্মহত্যা নে হত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা