--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এগৰাকী মহিলা চিকিৎসকৰ ৰহস্যজনক মৃত্যু। মৃত মহিলা চিকিৎসকগৰাকীৰ নাম ডাঃ ৰিচা পাণ্ডে। ডাঃ ৰিচাৰ মৃত্যুৰ সময়ত বয়স আছিল মাত্ৰ ২৫ বছৰ। 

৪ মাহ পূৰ্বে দন্ত চিকিৎসক ডাঃ অভিজিত পাণ্ডেৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ডাঃ ৰিচা পাণ্ডে। নৱবিবাহিতা চিকিৎসকগৰাকীৰ মৃত্যুত সকলো হতভম্ব হৈ পৰিছে। এই ঘটনা সংঘটিত হৈছে ভূপালত।

ডাঃ ৰিচা পাণ্ডেৰ মৃতদেহ নিজ বাসগৃহতে উদ্ধাৰ হৈছে। হাতৰ বাহুত বেজীৰ চিন থকা দেখিবলৈ পোৱা গৈছে ডাঃ ৰিচাৰ মৃতদেহত।

শুকুৰবাৰে পুৱা বহু দেৰিলৈকে নুঠা দেখি স্বামীয়ে ডাঃ ৰিচাৰ দুৱাৰত টুকুৰিয়ায়। তেওঁ কোনো সঁহাৰি নিদিয়াত ফোনো কৰে বহুবাৰ। ফোনৰো সঁহাৰি নিদিয়াত ডাঃ অভিজিত পাণ্ডে চিন্তাত পৰে। তেতিয়া ডাঃ অভিজিতে ওচৰ-চুবুৰীয়াৰ পৰা সহায় বিচাৰিলে আৰু যেতিয়া তেওঁলোকৰ প্ৰচেষ্টা বিফল হ’ল, তেতিয়া দুৱাৰখন ভাঙিবলৈ এজন শ্ৰমিকক মাতি অনা হয়। শ্ৰমিকে দুৱাৰ ভাঙে আৰু তেওঁলোকে কোঠাৰ ভিতৰত সোমোৱাৰ পাছত ডাঃ ৰিচাক বিচনাত অচেতন অৱস্থাত পৰি থকা দেখিবলৈ পায়। 

ততাতৈয়াকৈ ৰিচাক চিকিৎসালয়লৈ নিয়া হয় আৰু চিকিৎসকে তেওঁক মৃত বুলি ঘোষণা কৰে।

আৰক্ষীয়ে কয় যে বৃহস্পতিবাৰে নিশা এই দম্পতী পৃথক পৃথক কোঠাত শুইছিল আৰু তেতিয়াই এই অঘটন ঘটে। তেওঁৰ হাতত বেজীৰ চিন পোৱা গৈছে, যাৰ ফলত গোচৰটো সন্দেহজনক হৈ পৰিছে। অৱশ্যে মৃত্যুৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ নিশ্চিত হ’ব। মহিলা চিকিৎসকগৰাকীৰ মৃত্যুৰ কাৰণ আত্মহত্যা নে হত্যা তাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান