--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক:  অহা ২৪ জুলাইত সমাপ্ত হ'ব বৰ্তমানৰ ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ কাৰ্যকাল। সেয়ে দেশৰ ১৬ তম ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগে ভোটগ্ৰহণৰ দিন ঘোষণা কৰিছে। অহা ১৮ জুলাইত অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচনৰ ভোটগ্ৰহণ। দেশৰ পৰৱৰ্তী ৰাষ্ট্ৰপতি পদত কোন অধিষ্ঠিত হ'ব সেইলৈ ইতিমধ্যে জল্পনা-কল্পনা আৰম্ভ হৈছে। শাসক-বিৰোধী কোনো পক্ষই বৰ্তমান পৰ্যন্ত ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হিচাপে ঘোষণা কৰা নাই কোনো নিৰ্দিষ্ট ব্যক্তিৰ নাম। 

অৱশ্যে ভাৰতৰ ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰাম্পৰাগত ইতিহাসলৈ লক্ষ্য কৰিলে শাসকপক্ষৰে প্ৰাৰ্থী গৰাকী ৰাষ্ট্ৰপতি হিচাপে নিযুক্ত হোৱাৰ স্পষ্টকৈ দেখিবলৈ পোৱা যায়। এনে অৱস্থাত শাসকীয় বিজেপি নেতৃত্বাধীন এন ডি এ চৰকাৰৰ বাবে বিশেষ চিন্তা কৰিবলগীয়া বিষয় নহয়। কিন্তু বিৰোধীৰ বাবে এই নিৰ্বাচন হৈ পৰিছে অত্যন্ত গুৰুত্বপূৰ্ণ। এনে গুৰুত্বৰ বাবেই শাসনাধিষ্ঠিত এন ডি এৰ মনোনীত ব্যক্তিৰ বিৰুদ্ধে আগন্তুক ৰাষ্ট্ৰপতি নিৰ্বাচনত এগাৰকী উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰিবলৈ বিৰোধীয়ে একত্ৰিত হ'বলৈ আগ্ৰহ প্ৰকাশ কৰিছে।, 

ইতিমধ্যে দেশৰ প্ৰধান বিৰোধী দল কংগ্ৰেছে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী মনোনীত কৰাৰ উদ্দেশ্যে তৎপৰ হৈ পৰা পৰিলক্ষিত হৈছে।  এই উদ্দেশ্যে কংগ্ৰেছে সহযোগী দলসমূহৰ সৈতে আলোচনাত মিলিত হোৱাৰ উপৰিও আম আদমী পাৰ্টিসহ আন বিৰোধী দলসমূহৰো কাষ চাপিছে বুলি জানিব পৰা গৈছে। 

প্ৰকাশিত খবৰ অনুসৰি ৰাজ্যসভাৰ বিৰোধী দলৰ নেতা মল্লিকাৰ্জুন খৰ্গেক বিৰোধী দলসমূহৰ সৈতে যোগসূত্ৰ স্থাপনৰ বাবে কংগ্ৰেছে প্ৰধান নেতা হিচাপে প্ৰক্ষেপ কৰিছে। ইতিমধ্যে খৰ্গেই আপৰ ৰাজ্যসভাৰ নেতা সঞ্জয় সিঙৰ সৈতে আলোচনাত মিলিত হৈছে। সূত্ৰ অনুসৰি আপেও শাসনাধিষ্ঠ এন ডি এ চৰকাৰৰ মনোনীত প্ৰাৰ্থীৰ বিৰুদ্ধে উমৈহতীয়া প্ৰাৰ্থিত্ব আগবঢ়োৱাৰ প্ৰস্তাৱৰ প্ৰতি সমৰ্থন জনাইছে।

কংগ্ৰেছৰ দলীয় সূত্ৰ অনুসৰি এই পৰ্যন্ত আলোচনাত মিলিত হোৱা দলবোৰে প্ৰাৰ্থী হিচাপে কোনো ব্যক্তিৰ নাম আলোচনা কৰা নাই। কংগ্ৰেছে কোন কেইটা দলে উমৈহতীয়া প্ৰাৰ্থী প্ৰদান কৰাৰ ক্ষেত্ৰত সমৰ্থন আগবঢ়াব সেয়া নিশ্চিত কৰিবলৈ চেষ্টা কৰি আছে বুলি জানিব পৰা গৈছে।

ইফালে কংগ্ৰেছৰ লগতে আন বিৰোধী দলৰ নেতাসকলেও ইতিমধ্যে এই বিষয়ত আলোচনা আৰম্ভ কৰিছে। এনচিপিৰ মুৰব্বী শাৰদ পাৱাৰে শুক্ৰবাৰে চিপিআইৰ সাধাৰণ সম্পাদক ডি ৰাজাকে ধৰি বাওঁপন্থী নেতাসকলৰ সৈতে আলোচনাত মিলিত হৈছে। 

তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ সভাপতি তথা তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাৱে শেহতীয়াকৈ তৃতীয় মৰ্চা গঠনৰ বাবে বিশেষ উদ্যোগ লৈছিল। সমভাবাপন্ন বিৰোধী দলসমূহৰ সৈতে ইতিপূৰ্বে কেইবাবাৰো বৈঠকত মিলিত হৈছে ৰাও। চন্দ্ৰশেখৰ ৰাৱে ৰাষ্ট্ৰপতি নিৰ্বাচনত এন ডি এ চৰকাৰৰ প্ৰক্ষেপিত প্ৰাৰ্থীৰ বিৰুদ্ধে এই প্ৰত্যাহ্বান থিয় কৰোৱাৰ পৰিকল্পনা কৰিছে বুলিও জানিব পৰা গৈছে।

আনহাতে সম্প্ৰতি দেশৰ ৰাজনীতিত মহাৰাষ্ট্ৰৰ উদ্ধৱ থাকৰেৰ শিৱসেনা আৰু  মমতা বেনাৰ্জীৰ তৃণমূল কংগ্ৰেছৰো গুৰুত্ব বৃদ্ধি পাইছে। বৰ্তমান মহাৰাষ্ট্ৰত কংগ্ৰেছৰ সৈতে শিৱসেনাৰ মিত্ৰজোঁটৰ চৰকাৰ চলি আছে। গতিকে শিৱসেনাৰ পৰা কংগ্ৰেছে সমৰ্থন লাভ কৰাটো প্ৰায় নিশ্চিত। 

কিন্তু বিজেপিৰ সমানেই কংগ্ৰেছৰো বিৰোধিতা কৰি অহা তৃণমূল কংগ্ৰেছৰ পৰা কংগ্ৰেছে সমৰ্থন লাভ কৰিবনে সেয়া নিশ্চিত নহয়। তৃণমূল মুৰব্বী মমতা বেনাৰ্জীয়ে নিজকে ইতিমধ্যে ৰাষ্ট্ৰীয় নেত্ৰী হিচাপে নিজকে প্ৰতিষ্ঠা কৰাৰ কুচকাৱাজ আৰম্ভ কৰিছে। গতিকে ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে কংগ্ৰেছে আগবঢ়োৱা প্ৰস্তাৱৰ প্ৰতি মমতা বেনাৰ্জীয়ে কেনে সঁহাৰি জনাব, সি লক্ষ্যণীয় হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ