--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ অৰ্থনৈতিক সংকটৰ সন্মুখীন হোৱা শ্ৰীলংকাৰ(Srilanka) কাষত বিপদৰ বন্ধু ৰূপে থিয় দিছে ভাৰত আৰু জাপান। দুয়োখন দেশে শ্ৰীলংকাক প্ৰদান কৰিব লাখ লাখ টকাৰ খাদ্য সামগ্ৰী। কলম্বোস্থিত ভাৰতীয় উচ্চায়ুক্তই জনোৱা মতে দেওবাৰে চাউল, ঔষধ, পাউদাৰ গাখীৰ আদি তাৎক্ষণিক সাহায্য সামগ্ৰী কঢ়িয়াই অনা এখন ভাৰতীয় জাহাজ কলম্বোত উপস্থিত হ’ব। তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টেলিনে বুধবাৰে চেন্নাইৰ পৰা সাহায্য সামগ্ৰী ভৰ্তি এখন জাহাজ শ্ৰীলংকালৈ প্ৰেৰণ কৰে। প্ৰথম বাৰত ৯ হাজাৰ মেট্ৰিক টন চাউল, দুশ মেট্ৰিক টন পাউদাৰ গাখীৰ আৰু ২৪ মেট্ৰিক টন ঔষধ প্ৰেৰণ কৰা হৈছে, যাৰ মুঠ মূল্য ৪৫ কোটি টকা।

ভাৰতে ৫৬ লাখ ডলাৰৰ খাদ্য সামগ্ৰী প্ৰেৰণ কৰে

ভাৰতীয় উচ্চায়ুক্তই টুইট কৰি কয় যে ভাৰতৰ জনসাধাৰণ শ্ৰীলংকাৰ লগত থিয় দিছে। দুই বিলিয়ন শ্ৰীলংকাৰ টকা (৫৬ লাখ ডলাৰ) মূল্যৰ চাউল, পাউদাৰ গাখীৰ আৰু ঔষধ দেওবাৰে কলম্বোত উপস্থিত হ’ব। জাপানে বিশ্ব খাদ্য কাৰ্যসূচীৰ অধীনত খাদ্য ৰেচন আৰু বিদ্যালয়ৰ খাদ্য সাহায্যৰ বাবেও ১৫ লাখ মাৰ্কিন ডলাৰৰ কথা ঘোষণা কৰিছে।

জাপানে তাৎক্ষণিকভাৱে ১৫ লাখ ডলাৰৰ সাহায্য প্ৰদান কৰিব

শ্ৰীলংকাত থকা জাপানৰ দূতাবাসৰ বিষয়া কাটছুকি কোটাৰোৱে কয় যে জাপান চৰকাৰে বিশ্ব খাদ্য কাৰ্যসূচীৰ জৰিয়তে ১৫ লাখ ডলাৰৰ তাৎক্ষণিক সাহায্য প্ৰদান কৰি তিনিমাহৰ বাবে অত্যাৱশ্যকীয় খাদ্য যোগান, চাউল, মাহজাতীয় শস্য আৰু তেল, প্ৰায় ১৫ হাজাৰ চহৰ আৰু গ্ৰাম্য লোকক প্ৰদান কৰিব। কোটাৰোৱে কয় যে আমি আশা কৰোঁ যে এই মানৱীয় সাহায্যই শ্ৰীলংকাৰ জনসাধাৰণক খাদ্য লাভ কৰাত সহায় কৰিব আৰু পুষ্টিৰ অভাৱ দূৰ কৰাত সহায় কৰিব।







FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ