--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছ সেনাৰ এজন প্ৰাক্তন বিষয়াই মদ্যপান কৰি চুৰি কৰিলে এখন ডাবল ডেকাৰ বাছ। কেৱল সেয়াই নহয়, গাড়ীখন নিজে চলাই ঘৰলৈ উভতিল প্ৰাক্তন সেনা বিষয়াজন। কিন্তু উভতি অহাৰ পথত  বাছখনে অ’ত-ত’ত খুন্দা মৰাৰ ফলত প্ৰায় ৬ লাখ টকাৰ লোকচান হয়। বিগত বৰ্ষৰ ঘটনাটোত শেহতীয়াকৈ দোষী সাব্যস্ত হৈছে লোকজন। কাৰাবাসাৰ পৰা হাত সাৰিবলৈ আদালতে তেওঁক ৬ মাহৰ সময় সীমা বান্ধি দিছে।

বিগত বৰ্ষৰ ২৭ ডিচেম্বৰত এজন বন্ধুৰ সৈতে ওলাই গৈছিল ৫২ বছৰীয়া ষ্টিফেন মেককাৰ্থনীয়ে। ইংলেণ্ডৰ ডৰচেট অঞ্চলত ঘূৰি ফুৰিছিল তেওঁলোকে। অৱশ্যে মদ্যপানৰ পাছত ষ্টিফেনে বন্ধুৰ অবিহনে ৰাজপথত অকলে খোজকাঢ়ি গৈছিল। মদ্যপান কৰি তেওঁ এখন ডাবল ডেকাৰ বাছ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ দাবী, চিচিটিভিৰ ফুটেজত ষ্টিফেনে পুৱা প্ৰায় ১ বজাত চিটি বাছ ষ্টেচনত লৰচৰ কৰি থকা দেখা গৈছিল। ইয়াৰ পিছত তেওঁ তাত থকা ডাবল ডেকাৰ বাছ এখনত উঠা দেখা যায়। এটা সময়ত তেওঁ তাতেই শুই পৰিল। এঘণ্টাৰ পিছত সাৰ পাই তেওঁ ড্ৰাইভাৰৰ আসনত বহে। সেই সময়ত তেওঁ অচেতন অৱস্থাত আছিল। ইয়াৰ পিছত তেওঁ বাছখন চলাই ঘৰলৈ ৰাওনা হয়। ৰাস্তাত এখন বিলাসী গাড়ীকে ধৰি বহু ঠাইত তেওঁ খুন্দিয়ায়। এটা সময়ত চলন্ত বাছৰ পৰাই জাপ মাৰে ষ্টিফেনে। সেই দিনটোৰ কোনো স্মৃতি ষ্টিফানৰ মনত নাই বুলি সদৰী কৰিলেও বিষয়টো আদালতৰ মজিয়া পাইছে।

ষ্টিফেনৰ অধিবক্তাই অৱশ্যে দাবী কৰে যে তেওঁ মদ্যপান কৰা নাছিল। যুদ্ধৰ ভয়াবহ স্মৃতিৰ বাবে উদ্বিগ্ন হৈ পৰিছে প্ৰাক্তন জোৱানজন। তাৰ বাবে তেওঁ ঔষধ সেৱন কৰিছিল আৰু তেওঁ নিচাগ্ৰস্ত হৈ পৰে। সমগ্ৰ ঘটনাটোক লৈ ষ্টিফান অনুতপ্ত বুলিও সদৰী কৰে অধিবক্তাই।

অৱশ্যে,  ৫ কোটি ৬৩ লাখ টকাৰ ক্ষতিপূৰণ বহন কৰিব লাগিব ষ্টিফানে। ইয়াৰ বাবে ৬ মাহৰ সময়সীমাও বন্ধি দিছে আদালতে। যদি নিৰ্দিষ্ট সময়ত এই ক্ষতিপূৰণ পৰিশোধ কৰিব নোৱাৰে তেতিয়া  ষ্টিফান জে’ললৈ যাব লাগিব বুলিও জনাইছে আদালতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ