--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰিটিছ সেনাৰ এজন প্ৰাক্তন বিষয়াই মদ্যপান কৰি চুৰি কৰিলে এখন ডাবল ডেকাৰ বাছ। কেৱল সেয়াই নহয়, গাড়ীখন নিজে চলাই ঘৰলৈ উভতিল প্ৰাক্তন সেনা বিষয়াজন। কিন্তু উভতি অহাৰ পথত  বাছখনে অ’ত-ত’ত খুন্দা মৰাৰ ফলত প্ৰায় ৬ লাখ টকাৰ লোকচান হয়। বিগত বৰ্ষৰ ঘটনাটোত শেহতীয়াকৈ দোষী সাব্যস্ত হৈছে লোকজন। কাৰাবাসাৰ পৰা হাত সাৰিবলৈ আদালতে তেওঁক ৬ মাহৰ সময় সীমা বান্ধি দিছে।

বিগত বৰ্ষৰ ২৭ ডিচেম্বৰত এজন বন্ধুৰ সৈতে ওলাই গৈছিল ৫২ বছৰীয়া ষ্টিফেন মেককাৰ্থনীয়ে। ইংলেণ্ডৰ ডৰচেট অঞ্চলত ঘূৰি ফুৰিছিল তেওঁলোকে। অৱশ্যে মদ্যপানৰ পাছত ষ্টিফেনে বন্ধুৰ অবিহনে ৰাজপথত অকলে খোজকাঢ়ি গৈছিল। মদ্যপান কৰি তেওঁ এখন ডাবল ডেকাৰ বাছ চুৰি কৰাৰ অভিযোগ উত্থাপন হৈছে।

আৰক্ষীৰ দাবী, চিচিটিভিৰ ফুটেজত ষ্টিফেনে পুৱা প্ৰায় ১ বজাত চিটি বাছ ষ্টেচনত লৰচৰ কৰি থকা দেখা গৈছিল। ইয়াৰ পিছত তেওঁ তাত থকা ডাবল ডেকাৰ বাছ এখনত উঠা দেখা যায়। এটা সময়ত তেওঁ তাতেই শুই পৰিল। এঘণ্টাৰ পিছত সাৰ পাই তেওঁ ড্ৰাইভাৰৰ আসনত বহে। সেই সময়ত তেওঁ অচেতন অৱস্থাত আছিল। ইয়াৰ পিছত তেওঁ বাছখন চলাই ঘৰলৈ ৰাওনা হয়। ৰাস্তাত এখন বিলাসী গাড়ীকে ধৰি বহু ঠাইত তেওঁ খুন্দিয়ায়। এটা সময়ত চলন্ত বাছৰ পৰাই জাপ মাৰে ষ্টিফেনে। সেই দিনটোৰ কোনো স্মৃতি ষ্টিফানৰ মনত নাই বুলি সদৰী কৰিলেও বিষয়টো আদালতৰ মজিয়া পাইছে।

ষ্টিফেনৰ অধিবক্তাই অৱশ্যে দাবী কৰে যে তেওঁ মদ্যপান কৰা নাছিল। যুদ্ধৰ ভয়াবহ স্মৃতিৰ বাবে উদ্বিগ্ন হৈ পৰিছে প্ৰাক্তন জোৱানজন। তাৰ বাবে তেওঁ ঔষধ সেৱন কৰিছিল আৰু তেওঁ নিচাগ্ৰস্ত হৈ পৰে। সমগ্ৰ ঘটনাটোক লৈ ষ্টিফান অনুতপ্ত বুলিও সদৰী কৰে অধিবক্তাই।

অৱশ্যে,  ৫ কোটি ৬৩ লাখ টকাৰ ক্ষতিপূৰণ বহন কৰিব লাগিব ষ্টিফানে। ইয়াৰ বাবে ৬ মাহৰ সময়সীমাও বন্ধি দিছে আদালতে। যদি নিৰ্দিষ্ট সময়ত এই ক্ষতিপূৰণ পৰিশোধ কৰিব নোৱাৰে তেতিয়া  ষ্টিফান জে’ললৈ যাব লাগিব বুলিও জনাইছে আদালতে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ