--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ সম্পৰ্কক লৈ প্ৰায়ে চৰ্চা চলি থাকে। যোৱা বছৰ তেওঁ ৰিতেশ নামৰ এজন ব্যক্তিক তেওঁৰ স্বামী বুলি সকলোকে চিনাকি কৰাই দিছিল যদিও এই বছৰ অভিনেত্ৰীগৰাকীয়ে বিচ্ছেদৰ কথাও ঘোষণা কৰিছিল। শেহতীয়াকৈ ৰাখীয়ে পুনৰ দাবী কৰিছিল যে তেওঁৰ জীৱনত বিশেষ কোনোবা এজন আহিছে,যিয়ে তেওঁক বহুত ভালপায়। কিন্তু এতিয়া এই প্ৰেম কাহিনীটোও যেন সমস্যাৰ মাজত সোমাই পৰিছে। 

ৰাখীয়ে সদৰী কৰা অনুসৰি তেওঁলৈ এগৰাকী ছোৱালীৰ পৰা ফোন আহিছিল আৰু ছোৱালীজনীয়ে নিজকে আদিলৰ গাৰ্লফ্ৰেণ্ড বুলি পৰিচয় দিছিল।ৰাখীয়ে কিছুদিন ধৰি আদিল খান দুৰাণী নামৰ এজন যুৱকৰ সৈতে ডেটিং কৰি আছে। ৰাখীলৈ ফোন কৰা ছোৱালীজনীয়ে নিজকে আদিলৰ প্ৰেমিকা বুলি দাবী কৰিলে। 



আদিল খান দুৰাণী

সেয়েহে ৰাখীৰ প্ৰেম জীৱন বিপদত পৰা দেখা গৈছে। ৰাখীয়ে জনাইছিল যে ছোৱালীজনীৰ নাম ৰোছিনা দেলাৱৰী।ৰাখীয়ে সদৰী কৰা অনুসৰি ৰোছিনাই তেওঁক জনাইছিল যে যিজন যুৱকক ৰাখীয়ে নতুন প্ৰেমিক বুলি বৰ্ণনা কৰিছে সেই যুৱকৰ সৈতে যোৱা চাৰি বছৰে ৰোছিনা প্ৰেমৰ সম্পৰ্কত আছে। ৰোছিনাই আদিলৰ লগত কটোৱা সময়খিনিৰ কথাও ৰাখীক খুলি ক’লে। 

ৰোছিনাই ৰাখীক কৈছিল যে ৰাখী যাতে আদিলৰ পৰা আঁতৰি থাকে। ৰাখীয়ে এই সম্পৰ্কত প্ৰেমিকৰ সৈতে কথা পাতে তেতিয়া আদিলে জনাইছিল যে ৰোছিনা তেওঁৰ প্ৰাক্তন প্ৰেমিকা।এই সন্দৰ্ভত ৰাখীয়ে লগতে কয় যে ''ৰোছিনাৰ কথাত কোনো দম নাই। আদিল মাথোঁ মোৰ। ৰোছিনা আদিলৰ এক্স গাৰ্লফ্ৰেণ্ড। আদিল আৰু মই বিয়া পাতিম অতি সোনকালে।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত