--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাখী সাৱন্তৰ সম্পৰ্কক লৈ প্ৰায়ে চৰ্চা চলি থাকে। যোৱা বছৰ তেওঁ ৰিতেশ নামৰ এজন ব্যক্তিক তেওঁৰ স্বামী বুলি সকলোকে চিনাকি কৰাই দিছিল যদিও এই বছৰ অভিনেত্ৰীগৰাকীয়ে বিচ্ছেদৰ কথাও ঘোষণা কৰিছিল। শেহতীয়াকৈ ৰাখীয়ে পুনৰ দাবী কৰিছিল যে তেওঁৰ জীৱনত বিশেষ কোনোবা এজন আহিছে,যিয়ে তেওঁক বহুত ভালপায়। কিন্তু এতিয়া এই প্ৰেম কাহিনীটোও যেন সমস্যাৰ মাজত সোমাই পৰিছে। 

ৰাখীয়ে সদৰী কৰা অনুসৰি তেওঁলৈ এগৰাকী ছোৱালীৰ পৰা ফোন আহিছিল আৰু ছোৱালীজনীয়ে নিজকে আদিলৰ গাৰ্লফ্ৰেণ্ড বুলি পৰিচয় দিছিল।ৰাখীয়ে কিছুদিন ধৰি আদিল খান দুৰাণী নামৰ এজন যুৱকৰ সৈতে ডেটিং কৰি আছে। ৰাখীলৈ ফোন কৰা ছোৱালীজনীয়ে নিজকে আদিলৰ প্ৰেমিকা বুলি দাবী কৰিলে। 



আদিল খান দুৰাণী

সেয়েহে ৰাখীৰ প্ৰেম জীৱন বিপদত পৰা দেখা গৈছে। ৰাখীয়ে জনাইছিল যে ছোৱালীজনীৰ নাম ৰোছিনা দেলাৱৰী।ৰাখীয়ে সদৰী কৰা অনুসৰি ৰোছিনাই তেওঁক জনাইছিল যে যিজন যুৱকক ৰাখীয়ে নতুন প্ৰেমিক বুলি বৰ্ণনা কৰিছে সেই যুৱকৰ সৈতে যোৱা চাৰি বছৰে ৰোছিনা প্ৰেমৰ সম্পৰ্কত আছে। ৰোছিনাই আদিলৰ লগত কটোৱা সময়খিনিৰ কথাও ৰাখীক খুলি ক’লে। 

ৰোছিনাই ৰাখীক কৈছিল যে ৰাখী যাতে আদিলৰ পৰা আঁতৰি থাকে। ৰাখীয়ে এই সম্পৰ্কত প্ৰেমিকৰ সৈতে কথা পাতে তেতিয়া আদিলে জনাইছিল যে ৰোছিনা তেওঁৰ প্ৰাক্তন প্ৰেমিকা।এই সন্দৰ্ভত ৰাখীয়ে লগতে কয় যে ''ৰোছিনাৰ কথাত কোনো দম নাই। আদিল মাথোঁ মোৰ। ৰোছিনা আদিলৰ এক্স গাৰ্লফ্ৰেণ্ড। আদিল আৰু মই বিয়া পাতিম অতি সোনকালে।''




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ