--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত এসময়ত জনপ্ৰিয় অভিনেত্ৰীৰ নাম দখল কৰিছিল তেওঁ। এটাৰ পাছত আনটো অভিলেখেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এগৰাকী অভিনেত্ৰীয়ে। হিন্দী ছবিৰ ধৰ্ষণৰ দৃশ্যত সৰ্বাধিক বাৰ ৰূপালী পৰ্দাত দেখিবলৈ পোৱা গৈছে তেওঁক। পিছে এই অভিনেত্ৰী গৰাকী কোন আপুনি জানেনে?

বলীউডৰ চিনেমাত নাৰীৰ ওপৰত হোৱা হিংসাৰ কাহিনী বাৰে বাৰে চৰ্চালৈ অহা দেখা যায়। অন্ততঃ আশীৰ দশকৰ চলচ্চিত্ৰ মানেই যেন ধৰ্ষণৰ দৃশ্যৰে ভৰা এটা এটা স্নেপশ্বট। আৰু এনে দৃশ্য থকা অধিকাংশ ছবিতে  নিৰ্যাতিতাৰ ভূমিকা পালন কৰি আহিছিল এগৰাকী অভিনেত্ৰীয়ে। তেওঁৰ নাম নাজিমা। পঞ্চাশ দশকৰ পৰা সত্তৰৰ দশকলৈকে বহু ছবিত এনে দৃশ্যত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

নিষ্পাপ সৌন্দৰ্য্যৰে ভৰা এখন ধুনীয়া মুখ। সৌন্দৰ্য্যৰ দিশেৰেও বহু নায়িকাক টক্কৰ দিছিল তেওঁ।  বহু পৰিচালকে এইগৰাকী নাজিমাকে নায়ক বা নায়িকাৰ ভনীয়েকৰ চৰিত্ৰৰ বাবে বাছি লৈছিল। নিজে নায়িকা হোৱাৰ বসনা থাকিলেও নাজিমাই নিয়মিতভাৱে ভগ্নী বা বন্ধুৰ ৰূপত অভিনয় কৰিছিল। 

বলীউড ইণ্ডাষ্ট্ৰীত জনপ্ৰিয় হৈ পৰিছিল ‘বলিউডৰ ভগ্নী’ ৰূপে। বলীউডৰ চিনেমাত এনে চৰিত্ৰবোৰতে ধৰ্ষণৰ সম্ভাৱনা অধিক সজীৱ হৈ উঠি দেখা গৈছিল। ফলত প্ৰায়বোৰ ছবিতে ধৰ্ষিতা হৈছিল অভিনেত্ৰী নাজিমা।

নাজিমাৰ জন্ম হৈছিল ১৯৪৮ চনত নাছিকত। তেওঁ বলীউডত শিশু শিল্পী ‘বেবী চান্দ’ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৫৪ চনত নিৰ্মিত ‘বিৰাজ বহু’ ছবিত অভিনয় কৰিছিল। ১৯৫৬ চনত ‘প্ৰিন্সেছ চাবা’ নামৰ এখন চিনেমাত প্ৰথম নায়িকাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিছিল তেওঁ। অৱশ্যে, বলীউডত তেওঁ এগৰাকী ভগ্নী, বন্ধু আৰু এক পাৰ্শ্ব চৰিত্ৰ হিচাপে পৰিচিত। তাৰপাছত ষাঠিৰ দশকত’ অৰ্জু ’; ’ দিল্লাগী ’; ’ তমান্না ’; ’ অনজানা ’; ’ ঔৰত’ বা সত্তৰৰ দশকত ‘বেইমান’; ‘মাঞ্চালী’; ‘আলবেলী’, ‘বদনাম’ ইত্যাদি প্ৰায়বোৰ ছবিতে ভগ্নীৰ ৰূপত অভিনয় কৰিছিল তেওঁ।

আশীৰ দশকলৈকে নাজিমাই প্ৰায় ৪০ খন হিন্দী ছবিত অভিনয় কৰিছে। ইয়াৰ পিছত তেওঁ বলীউড ত্যাগ কৰে। জানিব পৰা মতে, ২৬ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল অভিনেত্ৰীগৰাকীৰ। শেহতীয়াকৈ পুনৰ চৰ্চিত হৈছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত