--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডৰ ছবিত এসময়ত জনপ্ৰিয় অভিনেত্ৰীৰ নাম দখল কৰিছিল তেওঁ। এটাৰ পাছত আনটো অভিলেখেৰে দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হৈছিল এগৰাকী অভিনেত্ৰীয়ে। হিন্দী ছবিৰ ধৰ্ষণৰ দৃশ্যত সৰ্বাধিক বাৰ ৰূপালী পৰ্দাত দেখিবলৈ পোৱা গৈছে তেওঁক। পিছে এই অভিনেত্ৰী গৰাকী কোন আপুনি জানেনে?

বলীউডৰ চিনেমাত নাৰীৰ ওপৰত হোৱা হিংসাৰ কাহিনী বাৰে বাৰে চৰ্চালৈ অহা দেখা যায়। অন্ততঃ আশীৰ দশকৰ চলচ্চিত্ৰ মানেই যেন ধৰ্ষণৰ দৃশ্যৰে ভৰা এটা এটা স্নেপশ্বট। আৰু এনে দৃশ্য থকা অধিকাংশ ছবিতে  নিৰ্যাতিতাৰ ভূমিকা পালন কৰি আহিছিল এগৰাকী অভিনেত্ৰীয়ে। তেওঁৰ নাম নাজিমা। পঞ্চাশ দশকৰ পৰা সত্তৰৰ দশকলৈকে বহু ছবিত এনে দৃশ্যত অভিনয় কৰিছিল অভিনেত্ৰীগৰাকীয়ে।

নিষ্পাপ সৌন্দৰ্য্যৰে ভৰা এখন ধুনীয়া মুখ। সৌন্দৰ্য্যৰ দিশেৰেও বহু নায়িকাক টক্কৰ দিছিল তেওঁ।  বহু পৰিচালকে এইগৰাকী নাজিমাকে নায়ক বা নায়িকাৰ ভনীয়েকৰ চৰিত্ৰৰ বাবে বাছি লৈছিল। নিজে নায়িকা হোৱাৰ বসনা থাকিলেও নাজিমাই নিয়মিতভাৱে ভগ্নী বা বন্ধুৰ ৰূপত অভিনয় কৰিছিল। 

বলীউড ইণ্ডাষ্ট্ৰীত জনপ্ৰিয় হৈ পৰিছিল ‘বলিউডৰ ভগ্নী’ ৰূপে। বলীউডৰ চিনেমাত এনে চৰিত্ৰবোৰতে ধৰ্ষণৰ সম্ভাৱনা অধিক সজীৱ হৈ উঠি দেখা গৈছিল। ফলত প্ৰায়বোৰ ছবিতে ধৰ্ষিতা হৈছিল অভিনেত্ৰী নাজিমা।

নাজিমাৰ জন্ম হৈছিল ১৯৪৮ চনত নাছিকত। তেওঁ বলীউডত শিশু শিল্পী ‘বেবী চান্দ’ হিচাপে নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল। ১৯৫৪ চনত নিৰ্মিত ‘বিৰাজ বহু’ ছবিত অভিনয় কৰিছিল। ১৯৫৬ চনত ‘প্ৰিন্সেছ চাবা’ নামৰ এখন চিনেমাত প্ৰথম নায়িকাৰ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ হৃদয় জিনিছিল তেওঁ। অৱশ্যে, বলীউডত তেওঁ এগৰাকী ভগ্নী, বন্ধু আৰু এক পাৰ্শ্ব চৰিত্ৰ হিচাপে পৰিচিত। তাৰপাছত ষাঠিৰ দশকত’ অৰ্জু ’; ’ দিল্লাগী ’; ’ তমান্না ’; ’ অনজানা ’; ’ ঔৰত’ বা সত্তৰৰ দশকত ‘বেইমান’; ‘মাঞ্চালী’; ‘আলবেলী’, ‘বদনাম’ ইত্যাদি প্ৰায়বোৰ ছবিতে ভগ্নীৰ ৰূপত অভিনয় কৰিছিল তেওঁ।

আশীৰ দশকলৈকে নাজিমাই প্ৰায় ৪০ খন হিন্দী ছবিত অভিনয় কৰিছে। ইয়াৰ পিছত তেওঁ বলীউড ত্যাগ কৰে। জানিব পৰা মতে, ২৬ বছৰ বয়সত কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু হৈছিল অভিনেত্ৰীগৰাকীৰ। শেহতীয়াকৈ পুনৰ চৰ্চিত হৈছে তেওঁ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ