--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ান তথা অভিনেতা সুনীল গ্ৰ’ভাৰ মানেই হাঁহিৰ খোৰাক। ছ’চিয়েল মিডিয়াত এটা এটাকৈ কমেডী ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিয়েই থাকে তেওঁ। শেহতীয়াকৈ তেওঁ কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ৰ এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক গুট্থীৰ চৰিত্ৰত দেখা গৈছে। ৰেড কাৰ্পেটত বগা গাউনৰ সৈতে দেখাত যেন সাইলাখ প্ৰজাপতি। সম্প্ৰতি, এই আলোকচিত্ৰখন চৰ্চিত হৈ পৰিছে। আলোকচিত্ৰখন ভাইৰেল হোৱাৰ পাছতে সকলোৱে কৰিছে অদ্ভুত মন্তব্য।

সুনীল গ্ৰ’ভাৰে ইনষ্টাগ্ৰামত আলোকচিত্ৰখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘ৰেড কাৰ্পেটত ‘ফ্ৰেঞ্চ ৰিভিয়াৰা’ । বগা আৰু বেঙুনীয়া ৰঙৰ ষ্টাইলিছ গাউনত সাইলাখ প্ৰজাপতিৰ দৰে গুট্থীৰ ৰূপ দেখি হতবাক সকলো। আলোকচিত্ৰখন এনেদৰে বনোৱা হৈছে যে, সেয়া সঁচাকৈ সুনীল গ্ৰ’ভাৰ হয় নে নহয় বিষয়টো আলোচিত হৈছে। 

কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ত দোলা দি থকা হিনা খান। সুনীলৰ ফটোখন দেখি হাঁহি ৰখাব পৰা নাই হিনা খানে।  হাঁহি ইম’জীৰে তেওঁ লিখিছে, ‘সুনীল...’ ৰনিট ৰয়েও কৰিছে অনুৰূপ মন্তব্য, ‘বাহ বন্ধু, তুমি মোক মাৰি পেলাবা’। এওঁলোকৰ উপৰি মৌনি ৰয়, ৰশিকা দুগলকে ধৰি আন আন চেলিব্ৰিটীসকলেও সুনীলৰ ফটোখনক লৈ নিজৰ ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

মন কৰিবলগীয়া যে, সুনীলৰ এই গুট্থীৰ চৰিত্ৰটো কপিল উইথ কমেডী নাইটছৰ জৰিয়তে প্ৰখ্যাত হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁ ড০ মশূৰ গুলাতী, ৰিংকু ভাভীৰ দৰে সকলো চৰিত্ৰৰে দৰ্শকক আমোদ দিয়ে। অভিনেতাগৰাকীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁ বৰ্তমান কেৱল ছবি আৰু ৱেব ছিৰিজৰ ওপৰতহে গুৰুত্ব দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত