--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কমেডিয়ান তথা অভিনেতা সুনীল গ্ৰ’ভাৰ মানেই হাঁহিৰ খোৰাক। ছ’চিয়েল মিডিয়াত এটা এটাকৈ কমেডী ভিডিঅ’ আৰু ফটো শ্বেয়াৰ কৰিয়েই থাকে তেওঁ। শেহতীয়াকৈ তেওঁ কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ৰ এখন ফটো শ্বেয়াৰ কৰিছে, য’ত তেওঁক গুট্থীৰ চৰিত্ৰত দেখা গৈছে। ৰেড কাৰ্পেটত বগা গাউনৰ সৈতে দেখাত যেন সাইলাখ প্ৰজাপতি। সম্প্ৰতি, এই আলোকচিত্ৰখন চৰ্চিত হৈ পৰিছে। আলোকচিত্ৰখন ভাইৰেল হোৱাৰ পাছতে সকলোৱে কৰিছে অদ্ভুত মন্তব্য।

সুনীল গ্ৰ’ভাৰে ইনষ্টাগ্ৰামত আলোকচিত্ৰখন শ্বেয়াৰ কৰি কেপচনত লিখিছে, ‘ৰেড কাৰ্পেটত ‘ফ্ৰেঞ্চ ৰিভিয়াৰা’ । বগা আৰু বেঙুনীয়া ৰঙৰ ষ্টাইলিছ গাউনত সাইলাখ প্ৰজাপতিৰ দৰে গুট্থীৰ ৰূপ দেখি হতবাক সকলো। আলোকচিত্ৰখন এনেদৰে বনোৱা হৈছে যে, সেয়া সঁচাকৈ সুনীল গ্ৰ’ভাৰ হয় নে নহয় বিষয়টো আলোচিত হৈছে। 

কান চলচ্চিত্ৰ মহোৎসৱ ২০২২ত দোলা দি থকা হিনা খান। সুনীলৰ ফটোখন দেখি হাঁহি ৰখাব পৰা নাই হিনা খানে।  হাঁহি ইম’জীৰে তেওঁ লিখিছে, ‘সুনীল...’ ৰনিট ৰয়েও কৰিছে অনুৰূপ মন্তব্য, ‘বাহ বন্ধু, তুমি মোক মাৰি পেলাবা’। এওঁলোকৰ উপৰি মৌনি ৰয়, ৰশিকা দুগলকে ধৰি আন আন চেলিব্ৰিটীসকলেও সুনীলৰ ফটোখনক লৈ নিজৰ ধেমেলীয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। 

মন কৰিবলগীয়া যে, সুনীলৰ এই গুট্থীৰ চৰিত্ৰটো কপিল উইথ কমেডী নাইটছৰ জৰিয়তে প্ৰখ্যাত হৈ পৰিছিল। ইয়াৰ পিছতে তেওঁ ড০ মশূৰ গুলাতী, ৰিংকু ভাভীৰ দৰে সকলো চৰিত্ৰৰে দৰ্শকক আমোদ দিয়ে। অভিনেতাগৰাকীৰ ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে তেওঁ বৰ্তমান কেৱল ছবি আৰু ৱেব ছিৰিজৰ ওপৰতহে গুৰুত্ব দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ