--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণ। সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জীৱীত প্ৰদৰ্শনেৰে দেওবাৰে অনুষ্ঠিত ফাইনেলত শেষ হাঁহি মাৰিলে নৱাগত গুজৰাট টাইটানছে। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে হয়তো কোনেও ভবা নাছিল চেন্নাই-মুম্বাইৰ দৰে আই পি এলৰ ইতিহাসৰ সফল দলকেইটাক অতিক্ৰম কৰি এটা নৱাগত দলে খিতাপ জয় কৰিব। তাতে দলত নাছিল ক্ৰিকেট বিশ্বৰ তেনে কোনো মহাতাৰকা। পোন প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব চম্ভালিবলৈ ওলোৱা হাৰ্ডিক পাণ্ডিয়াৰ সম্ভাৱনীয়তাৰ ওপৰতো উঠিছিল সন্দেহৰ আঙুলি। 

কিন্তু ক্ৰিকেট কোনো এজন খেলুৱৈয়ে খেলা খেল নহয়, ই দলীয় খেলহে। এই কথাষাৰকে প্ৰমাণ কৰি দলৰ সম্ভাৱনীয়তাৰ ওপৰত থকা সকলো সন্দেহ অমূলক প্ৰমাণ কৰি অভিষেক বৰ্ষতে খিতাপ জয়েৰে আই পি এলত ৰাজকীয় পদাৰ্পণ কৰিলে গুজৰাট টাইটানছে।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত চলিত চিজনৰ আই পি এলৰ চূড়ান্ত খেলখনত প্ৰায় একপক্ষীয়ভাৱেই ৭ উইকেটত বিজয়ী হয় গুজৰাট। আই পি এলৰ উদ্বোধনী বৰ্ষৰ বিজয়ী দল ৰাজস্থান ৰয়েলছে বান্ধি দিয়া ১৩১ ৰানৰ বিজয় লক্ষ্য ১৮.১ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে টাইটানছে। টাইটানছৰ এই জয়ত মুখ্য ভূমিকা পালন কৰে দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। দলক সন্মুখৰ পৰা নেতৃত্ব দি পাণ্ডিয়াই অলৰাউণ্ড প্ৰদৰ্শনেৰে প্ৰথমে দৰ্শনীয় বলিঙেৰে ১৭ ৰানত ৩ টা উইকেট দখল কৰাৰ পিছত বেটিঙতো ৩৪ ৰানৰ ইনিংছেৰে দলৰ বিজয়ৰ ভেঁটি গঢ়ি তোলে। এই চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে পাণ্ডিয়াই।

মেচখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৩০ ৰান সংগ্ৰহ কৰে। প্ৰথম উইকেটৰ যুটিত অপেনাৰদ্বয় জয়ছোৱাল আৰু বাটলাৰে ৩১ ৰান সংগ্ৰহ কৰাৰ পিছত ব্যক্তিগত ২২ ৰানত জয়ছোৱাল য়শ দয়ালৰ চিকাৰ হয়। ইয়াৰ পিছতে গুজৰাটৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পণ কৰা ৰাজস্থানে নিয়মিত উইকেট পতন আৰু মন্থৰ বেটিঙৰ বাবে মাত্ৰ ১৩০ ৰানৰ স্ক’ৰহে থিয় কৰাবলৈ সক্ষম হয়। সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰন্ত ফৰ্মত থকা জ’ছ বাটলাৰে দলৰ হৈ সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰে।

গুজৰাটৰ হৈ পাণ্ডিয়াই ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে ছাই কিশোৰে ২ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছামি, দয়াল আৰু ৰছিদ খানে। 

আনহাতে ১৩১ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা গুজৰাটৰ আৰম্ভণিও সফল নাছিল। ১.৪ অভাৰ বলত দলীয় স্ক’ৰ ৯ ৰানতে দলে ঋদ্ধিমান ছাহাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই। দলীয় স্ক’ৰ ২৩ ত পুনৰ মেথিউ ৱেড ট্ৰেণ্ট বল্টৰ বলত আউট হয়। অৱশ্যে তৃতীয় উইকেটত অপেনাৰ শুভমন গিল আৰু পাণ্ডিয়াই ৬৩ ৰানৰ যুটি বান্ধি দলৰ জয় সহজ কৰি তোলে। পাণ্ডিয়াই ৩৪ ৰানত বিদায় ল’লেও ৪৫ ৰানত অপৰাজিত থাকে গিল। শেষলৈ ডেভিদ মিলাৰে খৰতকীয়াকৈ ১৯ বলত ৩২ ৰান সংগ্ৰহ কৰি গিলৰ সৈতে অপৰাজিত থাকে। ইনিংছৰ ১৯ সংখ্যক অভাৰৰ প্ৰথমটো বলত গিলে অ’বেদ মেকয়ৰ বল বাউণ্ডেৰীৰ সীমা পাৰ কৰি গুজৰাটক ইপ্সিত জয় আনি দিয়ে।

খিতাপ জয়েৰে গুজৰাটে আই পি এলৰ ইতিহাসত অভিষেক বৰ্ষতে চূড়ান্ত বিজয়ী হোৱা দ্বিতীয়টো দলত পৰিণত হয়। ইয়াৰ পূৰ্বে উদ্বোধনী বৰ্ষত ৰাজস্থান ৰয়েলছে এই সফলতা অৰ্জন কৰিছিল। আনহাতে প্ৰথম বৰ্ষৰ আই পি এলৰ পিছত এইবাৰ সুদীৰ্ঘ ১৪ টা চিজনৰ পিছত ফাইনেলত প্ৰৱেশ কৰা ৰাজস্থানৰ পুনৰ খিতাপ জয়ৰ স্বপ্ন অপূৰ্ণ হৈয়ে হয়।

প্ৰতিযোগিতাখনত চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে ৮৬৩ ৰান সংগ্ৰহ কৰা বাটলাৰে আটাইতকৈ বেছি ৰান সংগ্ৰহকাৰী হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো অৰ্জন কৰে। আনহাতে ৰাজস্থানৰে যুজবেন্দ্ৰ চাহালে ২৭ টা উইকেট দখল কৰি লাভ কৰে সৰ্বাধিক উইকেট দখলকাৰীৰ পাৰ্পল কেপ সন্মান। ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰি চিজনটোত দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে উচ্চ প্ৰশংসা অৰ্জন কৰা উমৰান মালিকে প্ৰতিযোগিতাৰ এমাৰ্জিং প্লেয়াৰ অৱ দ্য চিজন সন্মান অৰ্জন কৰে।
FOLLOW US F
POPULAR
FEATURE
TRENDY
'বগা-ক'লা' বৈষম্যৰ বিৰুদ্ধে মাত মতা প্রাক্তন মিছ পুডুচেৰীৰ আত্মহত্যা
জয়ৰ সুযোগ থকা সত্ত্বেও পৰাস্ত ভাৰত
৩০০টা নদীবান্ধ ভাঙি পেলালে চীনে
অৱসৰ! আপোনাৰ সুৰক্ষিত ভৱিষ্যতৰ মূল্য কিমান?
সপোন বাস্তৱ হ'ল ! প্ৰথমগৰাকী চৰকাৰী মহিলা গাড়ী চালক হিচাপে পৰিগণিত হ'ল সন্ধ্যাৰাণী
আমগুৰিৰ নামতি চাৰিআলিত বিদ্যুৎস্পৃষ্ট এজন যুৱক
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে