--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: অৱশেষত অন্ত পৰিল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৫ সংখ্যক সংস্কৰণ। সমগ্ৰ প্ৰতিযোগিতাখনতে উজ্জীৱীত প্ৰদৰ্শনেৰে দেওবাৰে অনুষ্ঠিত ফাইনেলত শেষ হাঁহি মাৰিলে নৱাগত গুজৰাট টাইটানছে। প্ৰতিযোগিতাখন আৰম্ভ হোৱাৰ পূৰ্বে হয়তো কোনেও ভবা নাছিল চেন্নাই-মুম্বাইৰ দৰে আই পি এলৰ ইতিহাসৰ সফল দলকেইটাক অতিক্ৰম কৰি এটা নৱাগত দলে খিতাপ জয় কৰিব। তাতে দলত নাছিল ক্ৰিকেট বিশ্বৰ তেনে কোনো মহাতাৰকা। পোন প্ৰথমবাৰৰ বাবে অধিনায়কৰ দায়িত্ব চম্ভালিবলৈ ওলোৱা হাৰ্ডিক পাণ্ডিয়াৰ সম্ভাৱনীয়তাৰ ওপৰতো উঠিছিল সন্দেহৰ আঙুলি। 

কিন্তু ক্ৰিকেট কোনো এজন খেলুৱৈয়ে খেলা খেল নহয়, ই দলীয় খেলহে। এই কথাষাৰকে প্ৰমাণ কৰি দলৰ সম্ভাৱনীয়তাৰ ওপৰত থকা সকলো সন্দেহ অমূলক প্ৰমাণ কৰি অভিষেক বৰ্ষতে খিতাপ জয়েৰে আই পি এলত ৰাজকীয় পদাৰ্পণ কৰিলে গুজৰাট টাইটানছে।

দেওবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ৰাজস্থান ৰয়েলছৰ বিৰুদ্ধে অনুষ্ঠিত চলিত চিজনৰ আই পি এলৰ চূড়ান্ত খেলখনত প্ৰায় একপক্ষীয়ভাৱেই ৭ উইকেটত বিজয়ী হয় গুজৰাট। আই পি এলৰ উদ্বোধনী বৰ্ষৰ বিজয়ী দল ৰাজস্থান ৰয়েলছে বান্ধি দিয়া ১৩১ ৰানৰ বিজয় লক্ষ্য ১৮.১ অভাৰত মাত্ৰ তিনিটা উইকেট হেৰুৱাই সংগ্ৰহ কৰে টাইটানছে। টাইটানছৰ এই জয়ত মুখ্য ভূমিকা পালন কৰে দলৰ অধিনায়ক হাৰ্দিক পাণ্ডিয়াই। দলক সন্মুখৰ পৰা নেতৃত্ব দি পাণ্ডিয়াই অলৰাউণ্ড প্ৰদৰ্শনেৰে প্ৰথমে দৰ্শনীয় বলিঙেৰে ১৭ ৰানত ৩ টা উইকেট দখল কৰাৰ পিছত বেটিঙতো ৩৪ ৰানৰ ইনিংছেৰে দলৰ বিজয়ৰ ভেঁটি গঢ়ি তোলে। এই চমকপ্ৰদ প্ৰদৰ্শনৰ সুবাদত ফাইনেলৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান অৰ্জন কৰে পাণ্ডিয়াই।

মেচখনত প্ৰথমে বেট ধৰি ৰাজস্থান ৰয়েলছে নিৰ্ধাৰিত ২০ অভাৰত ৯ টা উইকেট হেৰুৱাই মাত্ৰ ১৩০ ৰান সংগ্ৰহ কৰে। প্ৰথম উইকেটৰ যুটিত অপেনাৰদ্বয় জয়ছোৱাল আৰু বাটলাৰে ৩১ ৰান সংগ্ৰহ কৰাৰ পিছত ব্যক্তিগত ২২ ৰানত জয়ছোৱাল য়শ দয়ালৰ চিকাৰ হয়। ইয়াৰ পিছতে গুজৰাটৰ নিয়ন্ত্ৰিত বলিঙৰ সন্মুখত আত্মসমৰ্পণ কৰা ৰাজস্থানে নিয়মিত উইকেট পতন আৰু মন্থৰ বেটিঙৰ বাবে মাত্ৰ ১৩০ ৰানৰ স্ক’ৰহে থিয় কৰাবলৈ সক্ষম হয়। সমগ্ৰ প্ৰতিযোগিতাখনতে দুৰন্ত ফৰ্মত থকা জ’ছ বাটলাৰে দলৰ হৈ সৰ্বাধিক ৩৯ ৰান সংগ্ৰহ কৰে।

গুজৰাটৰ হৈ পাণ্ডিয়াই ৩ টা উইকেট লাভ কৰাৰ বিপৰীতে ছাই কিশোৰে ২ টা উইকেট দখল কৰে। এটাকৈ উইকেট পায় ছামি, দয়াল আৰু ৰছিদ খানে। 

আনহাতে ১৩১ ৰানৰ সহজ লক্ষ্য আগত লৈ ইনিংছ আৰম্ভ কৰা গুজৰাটৰ আৰম্ভণিও সফল নাছিল। ১.৪ অভাৰ বলত দলীয় স্ক’ৰ ৯ ৰানতে দলে ঋদ্ধিমান ছাহাৰ ৰূপত প্ৰথমটো উইকেট হেৰুৱাই। দলীয় স্ক’ৰ ২৩ ত পুনৰ মেথিউ ৱেড ট্ৰেণ্ট বল্টৰ বলত আউট হয়। অৱশ্যে তৃতীয় উইকেটত অপেনাৰ শুভমন গিল আৰু পাণ্ডিয়াই ৬৩ ৰানৰ যুটি বান্ধি দলৰ জয় সহজ কৰি তোলে। পাণ্ডিয়াই ৩৪ ৰানত বিদায় ল’লেও ৪৫ ৰানত অপৰাজিত থাকে গিল। শেষলৈ ডেভিদ মিলাৰে খৰতকীয়াকৈ ১৯ বলত ৩২ ৰান সংগ্ৰহ কৰি গিলৰ সৈতে অপৰাজিত থাকে। ইনিংছৰ ১৯ সংখ্যক অভাৰৰ প্ৰথমটো বলত গিলে অ’বেদ মেকয়ৰ বল বাউণ্ডেৰীৰ সীমা পাৰ কৰি গুজৰাটক ইপ্সিত জয় আনি দিয়ে।

খিতাপ জয়েৰে গুজৰাটে আই পি এলৰ ইতিহাসত অভিষেক বৰ্ষতে চূড়ান্ত বিজয়ী হোৱা দ্বিতীয়টো দলত পৰিণত হয়। ইয়াৰ পূৰ্বে উদ্বোধনী বৰ্ষত ৰাজস্থান ৰয়েলছে এই সফলতা অৰ্জন কৰিছিল। আনহাতে প্ৰথম বৰ্ষৰ আই পি এলৰ পিছত এইবাৰ সুদীৰ্ঘ ১৪ টা চিজনৰ পিছত ফাইনেলত প্ৰৱেশ কৰা ৰাজস্থানৰ পুনৰ খিতাপ জয়ৰ স্বপ্ন অপূৰ্ণ হৈয়ে হয়।

প্ৰতিযোগিতাখনত চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে ৮৬৩ ৰান সংগ্ৰহ কৰা বাটলাৰে আটাইতকৈ বেছি ৰান সংগ্ৰহকাৰী হিচাপে অ’ৰেঞ্জ কেপ লাভ কৰাৰ লগতে প্ৰতিযোগিতাৰ শ্ৰেষ্ঠ খেলুৱৈৰ সন্মানো অৰ্জন কৰে। আনহাতে ৰাজস্থানৰে যুজবেন্দ্ৰ চাহালে ২৭ টা উইকেট দখল কৰি লাভ কৰে সৰ্বাধিক উইকেট দখলকাৰীৰ পাৰ্পল কেপ সন্মান। ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰি চিজনটোত দৰ্শনীয় বলিং প্ৰদৰ্শনেৰে উচ্চ প্ৰশংসা অৰ্জন কৰা উমৰান মালিকে প্ৰতিযোগিতাৰ এমাৰ্জিং প্লেয়াৰ অৱ দ্য চিজন সন্মান অৰ্জন কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আপোনাৰ ফোনলৈও আহিছে নেকি 'Extremely Severe Alert'? জানক ইয়াৰ প্ৰকৃত কাৰণ
অন্তর্ধান হ’ব ৮০% হিমবাহ; হিন্দুকুশ-হিমালয় অঞ্চললৈ অশনি সংকেত
কাজিৰঙাৰ চাৰিটা ম’হ মধ্য প্ৰদেশৰ কানহা বনাঞ্চললৈ
প্ৰকৃতিপ্ৰেমীৰ মনত আনন্দ; সুন্দৰ সুন্দৰ পৰিভ্ৰমী চৰাইৰে ভৰি পৰিছে মানাহ ৰাষ্ট্ৰীয় উদ্যান
ৰাষ্ট্ৰীয় ৰেংকিং টেনিছৰ ছুপাৰ ছিৰিজ খিতাপ জয় অসম কন্যা ফাগুন জ্যোতিৰ
মধ্যপ্ৰদেশৰ বাৰগী বান্ধত শোকাবহ নাও দুৰ্ঘটনা: ৯ জনৰ সলিল সমাধি, উচ্চস্তৰীয় তদন্তৰ নিৰ্দেশ
বিশ্ব কাপত ইৰানৰ সলনি ইটালি!
ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ সিদ্ধান্ত; শৈক্ষিক দিনপঞ্জীৰ ‘থীম’ হ’ব জুবিন গাৰ্গ
খুতুৰা শাকৰ আছে বহু উপকাৰী গুণ; সুস্বাস্থ্য গঢ়াত কৰে সহায়
ভাৰতক ‘নৰকৰ দুৱাৰ’ আখ্যা ট্রাম্পৰ
মহানগৰীত দুটাকৈ ভয়ংকৰ পথ দুৰ্ঘটনা; ৩যুৱতীৰ নিহত, ৩যুৱক আহত
আমেৰিকা অভিমুখে যাত্রা ড° হেমচন্দ্র গোস্বামীৰ, মাজুলীৰ চামগুৰি সত্ৰৰ মুখালৈ আন্তঃৰাষ্ট্ৰীয় সমাদৰ
ইনষ্টাগ্ৰামত লাখে লাখে কমিল ৰাঘৱ চাদ্ধাৰ অনুৰাগী
ড° অশোক কুমাৰ লাহিড়ীক নিটি আয়োগৰ উপাধ্যক্ষৰূপে নিয়োগ