--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ’আৰক্ষীয়ে মোক হত্যা কৰিব পাৰে’। এই আশংকাই ব্যক্ত কৰিলে জনপ্ৰিয় পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ সৈতে জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা গেংষ্টাৰ লৰেন্স বিষ্ণোই। সম্প্ৰতি তিহাৰ কাৰাগাৰত বন্দী হৈ থকা লৰেন্স বিষ্ণোৰ নাম মুছেৱালাৰ হত্যাৰ সৈতে জৰিত হৈ পৰাৰ পিছতে গেংষ্টাৰ জনে এনে আশংকা ব্যক্ত কৰিছে। ইতিমধ্যে লৰেন্স বিষ্ণোৰ  অধিবক্তাই বিষ্ণোৰ বাবে  বৰ্ধিত নিৰাপত্তা বিচাৰি আদালতত আবেদন জনাইছে।

পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাৰ এদিন পিছত, লৰেন্স বিষ্ণোইৰ অধিবক্তাই কাৰাগাৰত থকা গুণ্ডাজনৰ নিৰাপত্তা বৃদ্ধিৰ বাবে পাটিয়ালা আদালতত এখন আবেদন দাখিল কৰিছে।

 গেংষ্টাৰ লৰেন্স বিষ্ণোইৰ অধিবক্তাই দিল্লীৰ পাটিয়ালা আদালতত নিৰাপত্তা বৃদ্ধিৰ বাবে এখন আবেদন দাখিল কৰি কৈছে  যে লৰেন্স বিষ্ণোইক আৰক্ষীয়ে "ভুৱা সংঘৰ্ষ"ত হত্যা কৰিব পাৰে, বা প্ৰতিদ্বন্দী দলবোৰেও তেওঁৰ ওপৰত আক্ৰমণ চলাব পাৰে। লৰেন্স বিষ্ণো অন্ধকাৰ জগতৰ এটা কুখ্যাত নাম। ১৯৯২ চনত পাঞ্জাৱৰ আবোহাৰত  জন্মগ্ৰহণ কৰা লৰেন্স বিষ্ণোৰ বিৰুদ্ধে চলি আছে বহুকেইটা গোচৰ। ২০১৮ চনত এই কুখ্যাত গেংষ্টাৰ জন সংবাদ শিৰোনামলৈ আহিছিল। তেতিয়াৰে পৰাই লৰেন্স বিষ্ণোৰ নাম দেশৰ বহু লোকৰ বাবে পৰিচিত নাম হৈ পৰিছিল। 

২০১৮ চনত লৰেন্স বিষ্ণোই বলীউডৰ জনপ্ৰিয় অভিনেতা ছলমান খানক ৰাজস্থানৰ যোধপুৰত হত্যাৰ ভাবুকি দিছিল। সেই সময়তো  তেওঁ কাৰাবন্দী হৈ আছিল যদিও কাৰাগাৰৰ ভিতৰৰ পৰাই তেওঁ তেওঁৰ দলৰ লোকসকলক ছলমান হত্যা কৰিবলৈ নিৰ্দেশ দিছিল। ইয়াৰ পিছতে আৰক্ষীয়ে তদন্ত কৰি গেংষ্টাৰ জনৰ সহযোগী জাভেদ জিনজাক গ্ৰেপ্তাৰ কৰিছিল।

পঞ্জাৱ আৰক্ষীয়ে  সিদ্ধু মুছেৱালাৰ ওপৰত হোৱা আক্ৰমণতো লৰেন্স বিষ্ণোৰ হাত থাকিব পাৰে বুলি সন্দেহ কৰিছে। পঞ্জাৱৰ আৰক্ষী সঞ্চালক প্ৰধান ভি কে ভাব্ৰাই গায়ক সিদ্ধু মুছেৱালাৰ হত্যাত জৰিত থাকিব পৰা সাম্ভাৱ্য লোকৰ নাম প্ৰকাশ কৰিছে।

আৰক্ষী সঞ্চালক প্ৰধানগৰাকীৰ মতে  আভ্যন্তৰীণ  প্ৰতিদ্বন্দিতাৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হব পাৰে।তেওঁ কয়  যে মুছেৱালাৰ হত্যাত লৰেন্স বিষ্ণোই গ্ৰুপ আৰু কানাডাস্থিত গায়ক গোল্ডি ব্ৰাৰ জৰিত থাকিব পাৰে বুলি সন্দেহ কৰা হৈছে।সন্দেহৰ আৱৰ্তত আছে  মুছেৱালাৰ মেনেজাৰ ছগুনপ্ৰীত সিঙো। ছগুনপ্ৰীতে যুৱ আকালি দলৰ নেতা বিক্ৰমজিৎ সিং মিদ্দুখেৰাক  যোৱা বছৰৰ ৭ আগষ্টত গুলীয়াই হত্যা কৰিছিল।

উল্লেখ্য ২৯ বছৰীয়া গায়কজনক মানছাৰ নিকটৱৰ্তী ঝাৱাহৰ কে নামৰ গাঁৱৰ এটা মন্দিৰৰ ওচৰত দেওবাৰে দুৰ্বৃত্তই গুলীয়াই হত্যা কৰিছিল।
আক্ৰমণৰ  ঘটনাৰ পিছতে মুছেৱালাক মনছাৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয় যদিও চিকিৎসকে তেওঁক মৃত ঘোষণা কৰিছিল।

মুছেৱালাই মানছাৰ পৰা কংগ্ৰেছৰ টিকটত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিছিল। তেওঁ ৬৩,৩২৩ টা ভোটৰ ব্যৱধানত আপৰ প্ৰাৰ্থী ড০ বিজয় চিংলাৰ হাতত পৰাজিত হৈছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ