--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হঠাতে গৰজি উঠিব পাৰে বিদ্ৰোহীৰ বন্দুক, তথাপি ভয় নাই জনতাৰ। 'অপহৰণৰ উৎসৱ'ৰ বিৰুদ্ধে সেয়ে ওলাই আহিল হাজাৰ হাজাৰ জনতা।
"এনএছচিএন (কে-ৱাইএ) নিপাত যাওঁক" শ্লোগান দি অৰুণাচল প্ৰদেশৰ টিৰাপ-চাংলাং-লংডিং (টিচিএল) অঞ্চলৰ শ শ গাওঁবাসীয়ে শেহতীয়াকৈ  নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যই সংঘটিত কৰি অহা অপহৰণৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায়।

 লক্ষ্যণীয়ভাৱে  সীমান্তৱৰ্তী ৰাজ্যখনৰ তিনিখন জিলাক ভাৰত চৰকাৰে অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে। টিৰাপ-চাংলাং-লংডিং  এই তিনি খন জিলাত এতিয়াও চলি আছে এনএছচিএন (কে-ৱাই) ৰ একপ্ৰকাৰৰ সমান্তৰাল চৰকাৰ । বিদ্ৰোহী সংগঠনটোৰ অত্যাচাৰৰ বিৰোধিতা কৰি ৱাঞ্চো পৰিষদে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি.ডি. মিশ্ৰলৈ  এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।  

স্মাৰকপত্ৰ খনত কোৱা হৈছে—" টিচিএল অঞ্চলত বিদ্ৰোহ-আক্ৰান্ত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ পিছতো পৰিস্থিতিৰ সুযোগ লৈ, দেশ বিৰোধী উপাদানবোৰে  "অপহৰণ উৎসৱ"পাতিছে। এই কাৰ্য নিৰৱচ্ছিন্নভাৱে চলি আছে। বিদ্ৰোহী গোটসমূহৰ তথাকথিত আত্ম-নিয়ন্ত্ৰণৰ  উন্মাদ কাৰ্যকলাপৰ বাবে টিচিএল অঞ্চলৰ লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে," স্মাৰকপত্ৰখনত আৰু কোৱা হৈছে, "টিচিএল অঞ্চল পিছ পৰি থকাৰ মূল কাৰণ হৈছে বিদ্ৰোহীয়ে সৃষ্টি কৰা  সমস্যা।"
যোৱা কেইমাহমানত উক্ত তিনি খন জিলাত এনএছচিএন (কে-ৱাইএ)-এ কেইবাজনো লোকক  অপহৰণ কৰি নিছে। চাটং গাঁৱৰ গাওঁবুঢ়া টিংফো লুখামককো বিদ্ৰোহীয়ে শেহতীয়াকৈ অপহৰণ কৰিছে।

 এনে অপহৰণৰ নাটকৰ যৱনিকা বিচাৰিয়েই শেহতীয়াকৈ হাজাৰ হাজাৰ লোকে 'নো এক্সটৰ্চন', 'নো কিডনেপিং'  আদি শ্ল'গান লিখা প্লেকাৰ্ড আৰু বেনাৰ হাতত লৈ এনএছচিএন কে-ৱাইৰ  বিৰুদ্ধে হুংকাৰ দিয়ে।

 লক্ষ্যণীয় কথাটো হ'ল নিৰাপত্তা বাহিনীৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে এয়াই  যে সংগঠনটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাক এক সুৰক্ষিত আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰি আছে, য'ত তেওঁলোকে ভাৰত চৰকাৰৰ সৈতে হোৱা  যুদ্ধবিৰতি উপভোগ কৰি আছে। সেইস্থানত থাকিয়েই সংগঠনটোৱে অৰুণাচলৰ সীমান্তৱৰ্তী জিলা তিনি খনত  অপহৰণ আৰু ধন দাবীৰ দৰে ঘটনা ঘটাই গৈছে বুলি অভিযোগ উঠিছে। সংগঠনটোৰ এনে কাৰ্যৰ বিৰুদ্ধে  তিৰাপ-চাংলাং-লংডিং পিপলছ ফ'ৰামকো  জাগ্ৰত হ'বলৈ বাঞ্চো কাউন্সিলে আহ্বান জনাইছে।

টিচিএল পিপলছ ফ'ৰামৰ সভাপতি নগুংটিম চাংমীয়ে  বিদ্ৰোহী সংগঠনটোক এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে টিচিএল অঞ্চলত আত্মসমৰ্পণ কৰা কেডাৰসকলৰ বাবে পুনৰ্সংস্থাপন পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ