--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ হঠাতে গৰজি উঠিব পাৰে বিদ্ৰোহীৰ বন্দুক, তথাপি ভয় নাই জনতাৰ। 'অপহৰণৰ উৎসৱ'ৰ বিৰুদ্ধে সেয়ে ওলাই আহিল হাজাৰ হাজাৰ জনতা।
"এনএছচিএন (কে-ৱাইএ) নিপাত যাওঁক" শ্লোগান দি অৰুণাচল প্ৰদেশৰ টিৰাপ-চাংলাং-লংডিং (টিচিএল) অঞ্চলৰ শ শ গাওঁবাসীয়ে শেহতীয়াকৈ  নিষিদ্ধ ঘোষিত সংগঠনটোৰ সদস্যই সংঘটিত কৰি অহা অপহৰণৰ বিৰুদ্ধে এক প্ৰতিবাদী সমদল উলিয়ায়।

 লক্ষ্যণীয়ভাৱে  সীমান্তৱৰ্তী ৰাজ্যখনৰ তিনিখন জিলাক ভাৰত চৰকাৰে অশান্ত অঞ্চল বুলি ঘোষণা কৰিছে। টিৰাপ-চাংলাং-লংডিং  এই তিনি খন জিলাত এতিয়াও চলি আছে এনএছচিএন (কে-ৱাই) ৰ একপ্ৰকাৰৰ সমান্তৰাল চৰকাৰ । বিদ্ৰোহী সংগঠনটোৰ অত্যাচাৰৰ বিৰোধিতা কৰি ৱাঞ্চো পৰিষদে অৰুণাচল প্ৰদেশৰ ৰাজ্যপাল বি.ডি. মিশ্ৰলৈ  এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে।  

স্মাৰকপত্ৰ খনত কোৱা হৈছে—" টিচিএল অঞ্চলত বিদ্ৰোহ-আক্ৰান্ত অঞ্চল হিচাপে চিহ্নিত হোৱাৰ পিছতো পৰিস্থিতিৰ সুযোগ লৈ, দেশ বিৰোধী উপাদানবোৰে  "অপহৰণ উৎসৱ"পাতিছে। এই কাৰ্য নিৰৱচ্ছিন্নভাৱে চলি আছে। বিদ্ৰোহী গোটসমূহৰ তথাকথিত আত্ম-নিয়ন্ত্ৰণৰ  উন্মাদ কাৰ্যকলাপৰ বাবে টিচিএল অঞ্চলৰ লোকসকল যথেষ্ট ক্ষতিগ্ৰস্ত হৈছে," স্মাৰকপত্ৰখনত আৰু কোৱা হৈছে, "টিচিএল অঞ্চল পিছ পৰি থকাৰ মূল কাৰণ হৈছে বিদ্ৰোহীয়ে সৃষ্টি কৰা  সমস্যা।"
যোৱা কেইমাহমানত উক্ত তিনি খন জিলাত এনএছচিএন (কে-ৱাইএ)-এ কেইবাজনো লোকক  অপহৰণ কৰি নিছে। চাটং গাঁৱৰ গাওঁবুঢ়া টিংফো লুখামককো বিদ্ৰোহীয়ে শেহতীয়াকৈ অপহৰণ কৰিছে।

 এনে অপহৰণৰ নাটকৰ যৱনিকা বিচাৰিয়েই শেহতীয়াকৈ হাজাৰ হাজাৰ লোকে 'নো এক্সটৰ্চন', 'নো কিডনেপিং'  আদি শ্ল'গান লিখা প্লেকাৰ্ড আৰু বেনাৰ হাতত লৈ এনএছচিএন কে-ৱাইৰ  বিৰুদ্ধে হুংকাৰ দিয়ে।

 লক্ষ্যণীয় কথাটো হ'ল নিৰাপত্তা বাহিনীৰ বাবে আটাইতকৈ ডাঙৰ অসুবিধাটো হৈছে এয়াই  যে সংগঠনটোৱে চুবুৰীয়া ৰাজ্য নাগালেণ্ডৰ মন জিলাক এক সুৰক্ষিত আশ্ৰয়স্থল হিচাপে ব্যৱহাৰ কৰি আছে, য'ত তেওঁলোকে ভাৰত চৰকাৰৰ সৈতে হোৱা  যুদ্ধবিৰতি উপভোগ কৰি আছে। সেইস্থানত থাকিয়েই সংগঠনটোৱে অৰুণাচলৰ সীমান্তৱৰ্তী জিলা তিনি খনত  অপহৰণ আৰু ধন দাবীৰ দৰে ঘটনা ঘটাই গৈছে বুলি অভিযোগ উঠিছে। সংগঠনটোৰ এনে কাৰ্যৰ বিৰুদ্ধে  তিৰাপ-চাংলাং-লংডিং পিপলছ ফ'ৰামকো  জাগ্ৰত হ'বলৈ বাঞ্চো কাউন্সিলে আহ্বান জনাইছে।

টিচিএল পিপলছ ফ'ৰামৰ সভাপতি নগুংটিম চাংমীয়ে  বিদ্ৰোহী সংগঠনটোক এনে কৰ্মৰ পৰা বিৰত থাকিবলৈ আহ্বান জনোৱাৰ লগতে টিচিএল অঞ্চলত আত্মসমৰ্পণ কৰা কেডাৰসকলৰ বাবে পুনৰ্সংস্থাপন পেকেজ ঘোষণা কৰিবলৈ চৰকাৰক দাবী জনাইছে।




FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা