--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত মৃত্যুৰ কিৰিলি। এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে। ড্ৰাইভাৰসহ নিহত একেটা পৰিয়ালৰ আটাইকেইজন লোক। উত্তৰ প্ৰদেশৰ বৰেইলী জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

জানিব পৰা অনুসৰি বৰেইলী জিলাৰ ফতেহগঞ্জ থানা এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ শংখা দলঙৰ ওচৰত এখন এম্বুলেন্স আৰু মিনি ট্ৰাকৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত এম্বুলেন্সত থকা ৭ জন লোকৰ থিতাতে মৃত্যু হয়। মঙলবাৰে পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন ৰোগীক লৈ পিলিভীটলৈ যোৱা এখন এম্বুলেন্স ডিভাইডাৰত উঠাৰ ফলত মিনি ট্ৰাকৰ লগত সংঘৰ্ষ হয়। দুৰ্ঘটনাত মৃত্যু হোৱা সকলো লোকেই পিলিভীটৰ বাসিন্দা। ভোজীপুৰা থানা এলেকাৰ অন্তৰ্গত ৰামপুৰা গাঁৱৰ বাসিন্দা মেহেন্দী হাছান নামৰ যুৱকজন আছিল এম্বুলেন্সখনৰ চালক। সন্দেহ কৰা অনুসৰি পুৱাৰ ভাগত চালকৰ চিলমিলকৈ টোপনি আহিছিল, সেই সময়তেই এম্বুলেঞ্চ গৈ পথৰ কাষৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু দুৰ্ঘটনাটো সংঘটিত হয়। যাৰ ফলত পলকতে নিঃশেষ হৈ যায় এটা পৰিয়াল। 

নিহতসকল হৈছে খুৰশ্বিদ (৫০), তেওঁৰ পত্নী ছামিৰণ (৪৫), পুত্ৰ আৰিফ (১৯), ভগ্নী ছাগিৰ বানো (৫৩), ভতিজা মহম্মদ জাফৰ (২০), সমীৰৰ ভগ্নী নাছৰিন (২৩) আৰু ড্ৰাইভাৰ মেহেন্দী হাছান (৩২)। জানিব পৰা গৈছে যে খুৰছিদৰ পত্নী ছামিৰণ বেগমৰ পেটৰ অস্ত্ৰোপচাৰ হৈছিল বৰেইলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁৰ কেন্সাৰ ৰোগ হোৱা বুলি কৈ দিল্লীৰ এইমছলৈ পঠিয়াই দিয়ে। 

৩০ মে’ত তেওঁ এম্বুলেন্সেৰে দিল্লী এইমছলৈ গৈছিল। কিন্তু ছামিৰণ বেগমৰ স্বাস্থ্য ইমানেই বেয়া হৈ পৰিছিল যে তেওঁক হাস্পতাল কৰ্তৃপক্ষই ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰি ঘৰলৈ নিবলৈ কয়। এই কথাত দুখ পাই তেওঁলোক ঘৰলৈ উভতি আহিছিল। তেতিয়াই ৰাজপথতে দুৰ্ঘটনা সংঘটিত হোৱাত আটাইকেইজনে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পাছত এম্বুলেঞ্চখন কাটিহে মৃতদেহকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰেইলীৰ পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ