--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৰাজপথত মৃত্যুৰ কিৰিলি। এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে ৭জনকৈ লোকে। ড্ৰাইভাৰসহ নিহত একেটা পৰিয়ালৰ আটাইকেইজন লোক। উত্তৰ প্ৰদেশৰ বৰেইলী জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। দুৰ্ঘটনাটোৰ তথ্য লাভ কৰাৰ লগে লগে আৰক্ষীয়ে সেই স্থানত উপস্থিত হৈ মৃতদেহকেইটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে। 

জানিব পৰা অনুসৰি বৰেইলী জিলাৰ ফতেহগঞ্জ থানা এলেকাত ৰাষ্ট্ৰীয় ঘাইপথৰ শংখা দলঙৰ ওচৰত এখন এম্বুলেন্স আৰু মিনি ট্ৰাকৰ মাজত তীব্ৰ সংঘৰ্ষ হয়। দুৰ্ঘটনাটোত এম্বুলেন্সত থকা ৭ জন লোকৰ থিতাতে মৃত্যু হয়। মঙলবাৰে পুৱা দিল্লীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ এজন ৰোগীক লৈ পিলিভীটলৈ যোৱা এখন এম্বুলেন্স ডিভাইডাৰত উঠাৰ ফলত মিনি ট্ৰাকৰ লগত সংঘৰ্ষ হয়। দুৰ্ঘটনাত মৃত্যু হোৱা সকলো লোকেই পিলিভীটৰ বাসিন্দা। ভোজীপুৰা থানা এলেকাৰ অন্তৰ্গত ৰামপুৰা গাঁৱৰ বাসিন্দা মেহেন্দী হাছান নামৰ যুৱকজন আছিল এম্বুলেন্সখনৰ চালক। সন্দেহ কৰা অনুসৰি পুৱাৰ ভাগত চালকৰ চিলমিলকৈ টোপনি আহিছিল, সেই সময়তেই এম্বুলেঞ্চ গৈ পথৰ কাষৰ ডিভাইডাৰত প্ৰচণ্ড জোৰে খুন্দা মাৰে আৰু দুৰ্ঘটনাটো সংঘটিত হয়। যাৰ ফলত পলকতে নিঃশেষ হৈ যায় এটা পৰিয়াল। 

নিহতসকল হৈছে খুৰশ্বিদ (৫০), তেওঁৰ পত্নী ছামিৰণ (৪৫), পুত্ৰ আৰিফ (১৯), ভগ্নী ছাগিৰ বানো (৫৩), ভতিজা মহম্মদ জাফৰ (২০), সমীৰৰ ভগ্নী নাছৰিন (২৩) আৰু ড্ৰাইভাৰ মেহেন্দী হাছান (৩২)। জানিব পৰা গৈছে যে খুৰছিদৰ পত্নী ছামিৰণ বেগমৰ পেটৰ অস্ত্ৰোপচাৰ হৈছিল বৰেইলীৰ এখন ব্যক্তিগত চিকিৎসালয়ত। স্বাস্থ্যৰ অৱনতি ঘটাত চিকিৎসকে তেওঁৰ কেন্সাৰ ৰোগ হোৱা বুলি কৈ দিল্লীৰ এইমছলৈ পঠিয়াই দিয়ে। 

৩০ মে’ত তেওঁ এম্বুলেন্সেৰে দিল্লী এইমছলৈ গৈছিল। কিন্তু ছামিৰণ বেগমৰ স্বাস্থ্য ইমানেই বেয়া হৈ পৰিছিল যে তেওঁক হাস্পতাল কৰ্তৃপক্ষই ভৰ্তি কৰিবলৈ অস্বীকাৰ কৰি ঘৰলৈ নিবলৈ কয়। এই কথাত দুখ পাই তেওঁলোক ঘৰলৈ উভতি আহিছিল। তেতিয়াই ৰাজপথতে দুৰ্ঘটনা সংঘটিত হোৱাত আটাইকেইজনে প্ৰাণ হেৰুৱায়। দুৰ্ঘটনাটো ইমানেই ভয়ংকৰ আছিল যে পাছত এম্বুলেঞ্চখন কাটিহে মৃতদেহকেইটা উদ্ধাৰ কৰে আৰক্ষীয়ে। বৰেইলীৰ পথ দুৰ্ঘটনাক লৈ গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। বিদেহ আত্মাৰ শান্তিৰ বাবে প্ৰাৰ্থনা কৰি মুখ্যমন্ত্ৰীয়ে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
নেপালৰ কাৰাগাৰৰ পৰা পলায়ন ১৩,০০০ বন্দীৰ
অলৌকিক ঘটনা! এজন মানুহক তিনি বছৰৰ মূৰে মূৰে সাপে দংশন কৰাৰ পাছতো কৰিব পৰা নাই একো ক্ষতি
নগাঁৱৰ মেট্ৰ' হাস্পতালত শিশুৰ মৃত্যুক লৈ উত্তপ্ত পৰিস্থিতি
AMCHত ভয়ংকৰ ঘটনা! প্ৰসূতি বিভাগৰ ICUৰ পৰা নৱজাতক সলনিৰ গুৰুতৰ অভিযোগ
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়