--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভাৰতৰ একাংশ ঈৰ্ষাপৰায়ণ লোকে মই ব্যৰ্থ হোৱাটো বিচাৰিছিল’ টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ব্ৰিটিছ সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত এনে বিস্ফোৰক মন্তব্য কৰিছে। ভাৰতীয় দলৰ দায়িত্বত থাকোতে তেওঁক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল  বুলি দাবী ৰবি শাস্ত্ৰীৰ।

অলপতে, ইংলেণ্ড ক্ৰিকেট দলৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ৰবাৰ্ট কীকক। আগন্তুক দিনত তেওঁ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলাগিব? এই সন্দৰ্ভত, শাস্ত্ৰীয়ে এটা ব্ৰিটিছ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছিল। তাত তেওঁ ক'লে, ‘মোৰ ওচৰত প্ৰশিক্ষণৰ কোনো বেজ নাছিল। লেভেল ১ বা লেভেল ২ৰ কোনো বেজ নাছিল। তদুপৰি, ভাৰতৰ দৰে এখন দেশ য'ত একাংশ ঈৰ্ষাপৰায়ণ লোকে মই ব্যৰ্থ হোৱাটো বাৰে বাৰে বিচাৰিছিল তেতিয়া মই মোৰ ছাল ডাঠ কৰি লৈছিলো। আপোনালোকে ব্যৱহাৰ কৰি থকা ডিউকৰ বলতকৈ ডাঠ। ৰবাৰ্টেও কাম কৰোঁতে তেওঁৰ ছাল এনেদৰে ডাঠ কৰি তুলিব লাগিব। ’

ৰবাৰ্ট কীয়ে সন্মুখীন হ’বলগীয়া প্ৰত্যাহ্বানসমূহৰ বিষয়ে ক'বলৈ যাওঁতে ভাৰতীয়সকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি পুনৰ সংবাদ মাধ্যমত চৰ্চা হোৱা দেখা গৈছে। ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰাৰ পাছতো কোনবাখিনিত যেন ৰবি শাস্ত্ৰীৰ আক্ষেপ ৰৈ গৈছে। সিংহাসন হেৰুওৱাৰ বাবে শাস্ত্ৰীয়ে পৰোক্ষভাৱে যে সৌৰভ গাংগুলীকে  দোষাৰোপ কৰিছে সেয়া আৰু বুজিবলৈ বাকী নাই ক্ৰীড়ানুৰাগীৰ। কাৰ্যকাল শেষ হোৱাৰ পাছত স্বেচ্ছাই প্ৰশিক্ষকৰ পদ ত্যাগ কৰা শাস্ত্ৰীয়ে কেইবাবাৰো ব'ৰ্ডৰ সভাপতিক আক্ৰমণ কৰা দেখা গৈছে। 

দৰাচলতে, শাস্ত্ৰীয়ে ২০১৬ চনত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দৌৰত আছিল। তাৰ আগতে, শাস্ত্ৰীয়ে ভাৰতীয় দলৰ সঞ্চালক হিচাপে কাম কৰিছিল। কিন্তু সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ আৰু ভিভিএছ লক্ষ্মণৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে অনিল কুম্বলেক প্ৰশিক্ষকৰ দায়িত্ব দিছিল। অনিল কুম্বলেৰ সেই স্থিতি বেছি দিন স্থায়ী নহ'ল। এবছৰৰ পাছত প্ৰশিক্ষকৰ পদ ত্যাগ কৰে অনিল কুম্বলেই। টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ সিংহাসনত বহিছিল ৰবি শাস্ত্ৰী।তথাপি, সৌৰভৰ সৈতে শাস্ত্ৰীৰ বাদানুবাদৰ অন্ত পৰা নাছিল।ব্ৰিটিছ সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাত্‍কাৰত শাস্ত্ৰীয়ে সৌৰভ গাংগুলীকে লক্ষ্য কৰি লোৱা বুলি এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?