--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ‘ভাৰতৰ একাংশ ঈৰ্ষাপৰায়ণ লোকে মই ব্যৰ্থ হোৱাটো বিচাৰিছিল’ টীম ইণ্ডিয়াৰ প্ৰাক্তন মুখ্য প্ৰশিক্ষক ৰবি শাস্ত্ৰীয়ে ব্ৰিটিছ সংবাদ মাধ্যমক দিয়া এটা সাক্ষাৎকাৰত এনে বিস্ফোৰক মন্তব্য কৰিছে। ভাৰতীয় দলৰ দায়িত্বত থাকোতে তেওঁক বাৰে বাৰে আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছিল  বুলি দাবী ৰবি শাস্ত্ৰীৰ।

অলপতে, ইংলেণ্ড ক্ৰিকেট দলৰ সঞ্চালক হিচাপে নিযুক্তি দিয়া হৈছে ৰবাৰ্ট কীকক। আগন্তুক দিনত তেওঁ কেনেধৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ'বলাগিব? এই সন্দৰ্ভত, শাস্ত্ৰীয়ে এটা ব্ৰিটিছ সংবাদ মাধ্যমত সাক্ষাৎকাৰ দিছিল। তাত তেওঁ ক'লে, ‘মোৰ ওচৰত প্ৰশিক্ষণৰ কোনো বেজ নাছিল। লেভেল ১ বা লেভেল ২ৰ কোনো বেজ নাছিল। তদুপৰি, ভাৰতৰ দৰে এখন দেশ য'ত একাংশ ঈৰ্ষাপৰায়ণ লোকে মই ব্যৰ্থ হোৱাটো বাৰে বাৰে বিচাৰিছিল তেতিয়া মই মোৰ ছাল ডাঠ কৰি লৈছিলো। আপোনালোকে ব্যৱহাৰ কৰি থকা ডিউকৰ বলতকৈ ডাঠ। ৰবাৰ্টেও কাম কৰোঁতে তেওঁৰ ছাল এনেদৰে ডাঠ কৰি তুলিব লাগিব। ’

ৰবাৰ্ট কীয়ে সন্মুখীন হ’বলগীয়া প্ৰত্যাহ্বানসমূহৰ বিষয়ে ক'বলৈ যাওঁতে ভাৰতীয়সকলক আক্ৰমণৰ লক্ষ্য কৰি লোৱা বুলি পুনৰ সংবাদ মাধ্যমত চৰ্চা হোৱা দেখা গৈছে। ভাৰতীয় দলৰ প্ৰশিক্ষকৰ পদ ত্যাগ কৰাৰ পাছতো কোনবাখিনিত যেন ৰবি শাস্ত্ৰীৰ আক্ষেপ ৰৈ গৈছে। সিংহাসন হেৰুওৱাৰ বাবে শাস্ত্ৰীয়ে পৰোক্ষভাৱে যে সৌৰভ গাংগুলীকে  দোষাৰোপ কৰিছে সেয়া আৰু বুজিবলৈ বাকী নাই ক্ৰীড়ানুৰাগীৰ। কাৰ্যকাল শেষ হোৱাৰ পাছত স্বেচ্ছাই প্ৰশিক্ষকৰ পদ ত্যাগ কৰা শাস্ত্ৰীয়ে কেইবাবাৰো ব'ৰ্ডৰ সভাপতিক আক্ৰমণ কৰা দেখা গৈছে। 

দৰাচলতে, শাস্ত্ৰীয়ে ২০১৬ চনত ভাৰতীয় দলৰ মুখ্য প্ৰশিক্ষক হোৱাৰ দৌৰত আছিল। তাৰ আগতে, শাস্ত্ৰীয়ে ভাৰতীয় দলৰ সঞ্চালক হিচাপে কাম কৰিছিল। কিন্তু সৌৰভ গাংগুলী, শচীন তেণ্ডুলকাৰ আৰু ভিভিএছ লক্ষ্মণৰ ক্ৰিকেট উপদেষ্টা সমিতিয়ে অনিল কুম্বলেক প্ৰশিক্ষকৰ দায়িত্ব দিছিল। অনিল কুম্বলেৰ সেই স্থিতি বেছি দিন স্থায়ী নহ'ল। এবছৰৰ পাছত প্ৰশিক্ষকৰ পদ ত্যাগ কৰে অনিল কুম্বলেই। টীম ইণ্ডিয়াৰ প্ৰশিক্ষকৰ সিংহাসনত বহিছিল ৰবি শাস্ত্ৰী।তথাপি, সৌৰভৰ সৈতে শাস্ত্ৰীৰ বাদানুবাদৰ অন্ত পৰা নাছিল।ব্ৰিটিছ সংবাদ মাধ্যমৰ আগত দিয়া সাক্ষাত্‍কাৰত শাস্ত্ৰীয়ে সৌৰভ গাংগুলীকে লক্ষ্য কৰি লোৱা বুলি এতিয়া সৰ্বত্ৰে চৰ্চা হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ