--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ গৰমে পশ্চিমবংগ দৰে দহিছে ঝাৰখণ্ডক। অথচ প্ৰচণ্ড গৰমতো নিয়মীয়া বিদ্যুৎ সেৱা লাভ কৰা নাই আৱাসীয়ে। গ্ৰামাঞ্চলৰ কথা বাদেই চহৰাঞ্চলতো ঘণ্টাৰ পাছত ঘণ্টা ধৰি বন্ধ আছে বিদ্যুৎ যোগান।এনেকৈ সঘনাই হোৱা লোডশ্বেডিঙৰ বাবে ক্ষুব্ধ হৈ পৰিছে ধোনী পত্নী।  সাক্ষী ধোনীৰ প্ৰশ্ন, ‘আমি বিদ্যুৎ ৰাহি কৰিবলৈ চেষ্টা কৰিছোঁ, তেন্তে ইমান লোডশ্বেডিং কিয়?’ 

সোমবাৰে এক টুইটযোগে সাক্ষী ধোনীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁৰ প্ৰশ্ন, ‘ঝাৰখণ্ডৰ কৰদাতা হিচাপে মই জানিব বিচাৰো, ইমান বছৰ ধৰি ঝাৰখণ্ডত কিয় ইমান বিদ্যুৎ সংকট? আমি যিমান পাৰোঁ সিমান বিদ্যুৎ সঞ্চয় কৰিবলৈ চেষ্টা কৰিছো। তথাপি ইমান সমস্যা কিয়?’ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনীৰ পত্নী টুইটাৰত ইমান সক্ৰিয় নহয়। আজিৰ পৰা এবছৰ পূৰ্বে এটা টুইট কৰিছিল সাক্ষীয়ে। কিন্তু শেহতীয়াকৈ ঝাৰখণ্ডৰ বিদ্যুৎ সংকটে বিৰক্ত কৰি তুলিছে ধোনী পত্নীক। স্বভাৱতে অতিষ্ঠ হৈ পৰিছে তেওঁ। তেওঁ কাৰো নাম উল্লেখ কৰি টুইট কৰা নাছিল যদিও হেমন্ত সোৰেন নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰকে যে সাক্ষীয়ে লক্ষ্য কৰি কথাষাৰ কৈছিল তাত কোনো সন্দেহ নাই।

মন কৰিবলগীয়া যে, এই মুহূৰ্তত গ্ৰীষ্মৰ গৰমত দহিছে ঝাৰখণ্ড। ৰাজ্যখনৰ বেছিভাগ অঞ্চলৰ তাপমাত্ৰা দিনৰ ভাগত ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰত থকা দেখা গৈছে। সিংভূম, কোডাৰ্মা, গিৰিদিহ আদি জিলাত ইতিমধ্যে তাপ প্ৰবাহ আৰম্ভ হৈছে। আগন্তুক সময়ত,এই তাপ প্ৰবাহ ৰাঁচী, বোকাৰো, পালামুৰ দৰে জিলালৈ বিয়পি পৰিব পাৰে। অৱশ্যে, এই তাপ প্ৰবাহৰ মাজত, ঝাৰখণ্ডৰ বেছিভাগ জিলাত নিয়মীয়াকৈ লোডশ্বেডিং হৈ আছে। চহৰাঞ্চলত নিয়মীয়াকৈ ৫ ঘণ্টাৰ বিদ্যুৎকৰ্তন কৰা হৈছে আৰু গ্ৰাম্য এলেকাবোৰত দিনটোৰ ৭-৮ ঘণ্টা বিদ্যুত্‍ নাথাকেই। ফলস্বৰূপে, সাধাৰণ মানুহৰ জীৱনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।  সাধাৰণ মানুহৰ এনে দুৰ্বিসহ অৱস্থা দেখিয়েই অসন্তুষ্টি প্ৰকাশ কৰিছে ধোনী পত্নী সাক্ষীয়ে। ঝাৰখণ্ডৰ এই বিদ্যুৎ সংকট কোনো নতুন কথা নহয়। বছৰ বছৰ ধৰি চলি আহিছে এই সমস্যা। গৰমৰ দিনবোৰৰ অহাৰ লগতে লগতে আৰম্ভ হয় লোড শ্বেডিং। দুদিন পূৰ্বে ঝাৰখণ্ডৰ শক্তিমন্ত্ৰী আৰ কে সিঙে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে বিষয়টো আলোচনা কৰিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যপন্থা হাত লোৱা নেদেখি একপ্ৰকাৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সাক্ষী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?