--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তীব্ৰ গৰমে পশ্চিমবংগ দৰে দহিছে ঝাৰখণ্ডক। অথচ প্ৰচণ্ড গৰমতো নিয়মীয়া বিদ্যুৎ সেৱা লাভ কৰা নাই আৱাসীয়ে। গ্ৰামাঞ্চলৰ কথা বাদেই চহৰাঞ্চলতো ঘণ্টাৰ পাছত ঘণ্টা ধৰি বন্ধ আছে বিদ্যুৎ যোগান।এনেকৈ সঘনাই হোৱা লোডশ্বেডিঙৰ বাবে ক্ষুব্ধ হৈ পৰিছে ধোনী পত্নী।  সাক্ষী ধোনীৰ প্ৰশ্ন, ‘আমি বিদ্যুৎ ৰাহি কৰিবলৈ চেষ্টা কৰিছোঁ, তেন্তে ইমান লোডশ্বেডিং কিয়?’ 

সোমবাৰে এক টুইটযোগে সাক্ষী ধোনীয়ে নিজৰ ক্ষোভ প্ৰকাশ কৰিছে। তেওঁৰ প্ৰশ্ন, ‘ঝাৰখণ্ডৰ কৰদাতা হিচাপে মই জানিব বিচাৰো, ইমান বছৰ ধৰি ঝাৰখণ্ডত কিয় ইমান বিদ্যুৎ সংকট? আমি যিমান পাৰোঁ সিমান বিদ্যুৎ সঞ্চয় কৰিবলৈ চেষ্টা কৰিছো। তথাপি ইমান সমস্যা কিয়?’ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক ধোনীৰ পত্নী টুইটাৰত ইমান সক্ৰিয় নহয়। আজিৰ পৰা এবছৰ পূৰ্বে এটা টুইট কৰিছিল সাক্ষীয়ে। কিন্তু শেহতীয়াকৈ ঝাৰখণ্ডৰ বিদ্যুৎ সংকটে বিৰক্ত কৰি তুলিছে ধোনী পত্নীক। স্বভাৱতে অতিষ্ঠ হৈ পৰিছে তেওঁ। তেওঁ কাৰো নাম উল্লেখ কৰি টুইট কৰা নাছিল যদিও হেমন্ত সোৰেন নেতৃত্বাধীন ঝাৰখণ্ড চৰকাৰকে যে সাক্ষীয়ে লক্ষ্য কৰি কথাষাৰ কৈছিল তাত কোনো সন্দেহ নাই।

মন কৰিবলগীয়া যে, এই মুহূৰ্তত গ্ৰীষ্মৰ গৰমত দহিছে ঝাৰখণ্ড। ৰাজ্যখনৰ বেছিভাগ অঞ্চলৰ তাপমাত্ৰা দিনৰ ভাগত ৪০ ডিগ্ৰী চেলচিয়াছৰ ওপৰত থকা দেখা গৈছে। সিংভূম, কোডাৰ্মা, গিৰিদিহ আদি জিলাত ইতিমধ্যে তাপ প্ৰবাহ আৰম্ভ হৈছে। আগন্তুক সময়ত,এই তাপ প্ৰবাহ ৰাঁচী, বোকাৰো, পালামুৰ দৰে জিলালৈ বিয়পি পৰিব পাৰে। অৱশ্যে, এই তাপ প্ৰবাহৰ মাজত, ঝাৰখণ্ডৰ বেছিভাগ জিলাত নিয়মীয়াকৈ লোডশ্বেডিং হৈ আছে। চহৰাঞ্চলত নিয়মীয়াকৈ ৫ ঘণ্টাৰ বিদ্যুৎকৰ্তন কৰা হৈছে আৰু গ্ৰাম্য এলেকাবোৰত দিনটোৰ ৭-৮ ঘণ্টা বিদ্যুত্‍ নাথাকেই। ফলস্বৰূপে, সাধাৰণ মানুহৰ জীৱনৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে।  সাধাৰণ মানুহৰ এনে দুৰ্বিসহ অৱস্থা দেখিয়েই অসন্তুষ্টি প্ৰকাশ কৰিছে ধোনী পত্নী সাক্ষীয়ে। ঝাৰখণ্ডৰ এই বিদ্যুৎ সংকট কোনো নতুন কথা নহয়। বছৰ বছৰ ধৰি চলি আহিছে এই সমস্যা। গৰমৰ দিনবোৰৰ অহাৰ লগতে লগতে আৰম্ভ হয় লোড শ্বেডিং। দুদিন পূৰ্বে ঝাৰখণ্ডৰ শক্তিমন্ত্ৰী আৰ কে সিঙে কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ সৈতে বিষয়টো আলোচনা কৰিছিল যদিও এতিয়ালৈকে কোনো ধৰণৰ কাৰ্যপন্থা হাত লোৱা নেদেখি একপ্ৰকাৰ চৰকাৰৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিছে সাক্ষী।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ