--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ আছামৰ উদ্যোগত নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আৰম্ভ হোৱা তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপ দেওবাৰে নিশা সফলতাৰে সমাপ্ত হয়৷ অসমৰ যোৰহাট, নগাঁও, দৰং, কামৰূপ, কামৰূপ (মঃ), নলবাৰী আদি বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া মেঘালয়ৰপৰা মুঠ ৭০০তকৈয়ো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমী দলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷ 

দলটোৱে মুঠ ১২টা সোণৰ পদক লাভ কৰে৷ আনহাতে, গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড দলে ৮টা সোণৰ পদকসহ ৰাণাৰ্ছ আপ বঁটা লাভ কৰে৷ আনহাতে আয়োজক দল লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ অসম দলে ৫টা সোণ, ৫টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক লাভ কৰে৷ প্ৰতিযোগিতাৰ প্ৰথমদিনা ১২ বছৰ বয়সৰপৰা ছিনিয়ৰ কেটেগ’ৰীলৈকে আৰু দ্বিতীয়দিনা ৬ বছৰ অনূৰ্ধ্বৰপৰা ১১ বছৰ বয়সলৈকে বিভিন্ন কেটেগ’ৰীৰ প্ৰতিযোগিতাসমূহ সম্পন্ন হয়৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ কাৰাটে গুৰু তথা সদৌ মেঘালয় কাৰাটে এছ’চিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত শ্বিহান ষ্টীফেন লিয়ঙৰ পুত্ৰ ছান লিয়ঙে অংশগ্ৰহণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ