--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ আছামৰ উদ্যোগত নেহৰু ষ্টেডিয়ামস্থিত দেশভক্ত তৰুণৰাম ফুকন ইনড’ৰ ষ্টেডিয়ামত দুদিনীয়াকৈ আৰম্ভ হোৱা তৃতীয় লিয়ংথাং ছট’কান কাৰাটে ছেম্পিয়নশ্বিপ দেওবাৰে নিশা সফলতাৰে সমাপ্ত হয়৷ অসমৰ যোৰহাট, নগাঁও, দৰং, কামৰূপ, কামৰূপ (মঃ), নলবাৰী আদি বিভিন্ন জিলাৰ উপৰি চুবুৰীয়া মেঘালয়ৰপৰা মুঠ ৭০০তকৈয়ো অধিক খেলুৱৈয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত যোৰহাটৰ ৰেড ড্ৰেগন মাৰ্চিয়েল আৰ্ট একাডেমী দলে শ্ৰেষ্ঠ দলৰ সন্মান অৰ্জন কৰিবলৈ সক্ষম হয়৷ 

দলটোৱে মুঠ ১২টা সোণৰ পদক লাভ কৰে৷ আনহাতে, গুৱাহাটীৰ ইউনিফাইড কাৰাটে গীল্ড দলে ৮টা সোণৰ পদকসহ ৰাণাৰ্ছ আপ বঁটা লাভ কৰে৷ আনহাতে আয়োজক দল লিয়ংথাং ছট’কান কাৰাটে স্কুল অব্ অসম দলে ৫টা সোণ, ৫টা ৰূপ আৰু ১২টা ব্ৰঞ্জৰ পদক লাভ কৰে৷ প্ৰতিযোগিতাৰ প্ৰথমদিনা ১২ বছৰ বয়সৰপৰা ছিনিয়ৰ কেটেগ’ৰীলৈকে আৰু দ্বিতীয়দিনা ৬ বছৰ অনূৰ্ধ্বৰপৰা ১১ বছৰ বয়সলৈকে বিভিন্ন কেটেগ’ৰীৰ প্ৰতিযোগিতাসমূহ সম্পন্ন হয়৷ প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে মেঘালয়ৰ কাৰাটে গুৰু তথা সদৌ মেঘালয় কাৰাটে এছ’চিয়েশ্যনৰ প্ৰাক্তন সাধাৰণ সম্পাদক প্ৰয়াত শ্বিহান ষ্টীফেন লিয়ঙৰ পুত্ৰ ছান লিয়ঙে অংশগ্ৰহণ কৰে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?