--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : যোৱা ২২ এপ্রিলত জম্মূ-কাশ্মীৰ পেহেলগামত হোৱা সন্ত্রাসবাদীৰ আক্ৰমণত ২৬জন পর্যটকৰ মৃত্যু হৈছিল আৰু ইয়াৰ ভিতৰত এজন কাশ্মীৰী মুছলমান ঘোঁৰাচালকো আছিল। সন্ত্রাসবাদীৰ আক্ৰমণটো সংঘটিত হোৱাৰ কেইঘণ্টামানৰ পাছতেই সামাজিক মাধ্যমৰ প্লেটফর্মমূহত 'অল আইজ অন পেহেলগাম' বুলি এটা বাক্য প্ৰচাৰ হৈছিল। 

ইনষ্টাগ্ৰাম আৰু এক্সতো এই বাক্যষাৰ ভাইৰেল হৈ পৰিছিল। সন্ত্রাসবাদীৰ আক্ৰমণৰ পাছত বিধ্বস্ত হৈ পৰা পেহেলগামৰ বেছৰন উপত্যকাটোৰ ছবি সন্নিবিষ্ট কৰি ভুক্তভোগী লোকসকলৰ বাবে ন্যায় আৰু শান্তি বিচাৰি এই বাক্যষাৰ প্ৰচাৰ কৰিছে বিভিন্নজনে। 

উল্লেখযোগ্য যে গাজাত চলি থকা যুদ্ধৰ পৰিপ্ৰেক্ষিতত ৰাফাহ অঞ্চলত হোৱা মানৱতাৰ সংকটৰ বাবে ২০২৪ চনত 'অনুৰুপ ধৰণে এই বাক্যষাৰ অল আইজ অন বাফাহ' বুলি সামাজিক মাধ্যমত ব্যাপকভাৱে প্রচাৰ হৈছিল যাতে এই মানৱতাৰ সংকটৰ প্রতি বিশ্ব সমুদায়ৰ দৃষ্টি নিবদ্ধ কৰিব পাৰে।

উৎসঃ দৈনিক জনমভূমি

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ