--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে ঘোষণা কৰে যে - পেহেলগামৰ হত্যাকাৰীবোৰক পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি বিচৰা হ'ব আৰু তেওঁ প্রতিশ্রুতি দিয়ে যে 'প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক চিনাক্ত কৰা হ'ব, সিহঁতৰ সন্ধান উলিওৱা হ'ব তথা শাস্তি বিহা হ'ব।' 

২৬জন লোকৰ মৃত্যু হোৱা নৃশংস পেহেলগাম আক্ৰমণৰ পাছত প্ৰথম বাৰৰ বাবে দিয়া ভাষণত বিহাৰৰ মধুবনীত প্ৰধানমন্ত্ৰীয়ে হিন্দীৰ মাজতে কিছু সময় ইংৰাজীত ভাষণ দিয়ে আৰু বিশ্বলৈ এটা বার্তা প্ৰেৰণ কৰে।

তেওঁ কয়, 'আজি বিহাৰৰ মাটিৰ পৰা মই সমগ্র বিশ্বক কৈছোঁ। ভাৰতে প্রতিটো সন্ত্রাসবাদী আৰু সিহঁতৰ পৃষ্ঠপোষকক চিনাক্ত কৰিব, সিহঁতৰ সন্ধান উলিয়াব তথা শাস্তি দিব। আমি পৃথিৱীৰ অন্তিম স্থানলৈকে খেদি খেদি সিহঁতক বিচাৰিম। সন্ত্রাসবাদে ভাৰত উদ্যম ভাঙিব নোৱাৰে। সন্ত্রাসবাদে শাস্তি নোপোৱাকৈ নাথাকে।' 

প্রধানমন্ত্রী মোদীয়ে আৰু কয়, 'ন্যায় নিশ্চিত কৰিবলৈ সকলো প্রচেষ্টাই হাতত লোৱা হ'ব। সমগ্র দেশেই এই সংকল্পত এক হৈ আছে। মানৱতাত বিশ্বাসী সকলোৱেই আমাৰ সৈতে আছে। আমাৰ সৈতে থকা বিভিন্ন দেশ আৰু সেইবোৰৰ নেতাক মই ধন্যবাদ জনাইছোঁ।' তেওঁ আৰু কয়, 'মই স্পষ্ট ভাষাৰে ক'বলৈ বিচাৰোঁ যে এই সন্ত্রাসবাদীকেইটা আৰু যিবোৰে এই ষড়যন্ত্ৰ ৰচনা কৰিলে, সিহঁতে কল্পনা কৰিব নোৱৰা শাস্তি পাব। ১৪০ কোটি ভাৰতীয়ৰ ইচ্ছাশক্তিয়ে এতিয়া সন্ত্রাসবাদীৰ প্ৰভুসকলৰ পিঠি ভাঙি দিব।' 

এই জনসভাখনৰ আৰম্ভণিতে মোদীয়ে উপস্থিত লোকসকলক এক মিনিট সময় মৌনতা অৱলম্বন কৰি পেহেলগাম আক্ৰমণত মৃত্যু হোৱাসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি আগবঢ়াবলৈ অনুৰোধ কৰে। পঞ্চায়তীৰাজৰ অনুষ্ঠানটোত আজি প্রধানমন্ত্রীয়ে ১৩,৪৮০ কোটি টকা মূল্যৰ বিভিন্ন উন্নয়ন প্রকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰে। তেওঁ বিহাৰত পি এম এ ৱাই-জিৰ ১ লাখ তথা পি এম এ বাই-ইউৰ ৫৪,০০০ ঘৰৰ চাবি হস্তান্তৰ কৰি 'গৃহ প্ৰৱেশ' অনুষ্ঠান সম্পন্ন কৰে। প্ৰধানমন্ত্ৰীয়ে বিহাৰৰ ২ লাখ আত্মসহায়ক গোটৰ মাজত ৯৩০ কোটি টকা বিতৰণ কৰে। তদুপৰি মোদীয়ে সমগ্র দেশৰ পি এম এ বাই-জিৰ ১০ লাখ হিতাধিকাৰীলৈ কিস্তি মুকলি কৰাৰ উপৰি পি এম এ ৱাই-জিৰ নতুন ১৫ লাখ হিতাধিকাৰীলৈ অনুমোদন পত্র হস্তান্তৰ কৰে।

উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ