--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম আক্ৰমণক লৈ শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। এই ঘটনাৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতে। সিন্ধু জলচুক্তি বাতিলকে ধৰি কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। তাৰ মাজতে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়েও পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

পাকিস্তানলৈ ড্ৰাই ফ্ৰুইটছৰ ৰপ্তানি বন্ধৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়ে। ব্যৱসায়ীসকলৰ মতে ইন্দোৰৰ পৰা পাকিস্তানলৈ ৫০ৰ পৰা ১০০ কোটি টকাৰ ড্ৰাই ফ্ৰুইটছ, চেনি আৰু অন্যান্য গেলামালৰ সামগ্ৰী ৰপ্তানি কৰা হয়। ইয়াৰ জৰিয়তে পাকিস্তানীসকলৰ যথেষ্ট চাহিদা পূৰণ হয়।

কিন্তু এতিয়া ব্যৱসায়ীসকলে এই ৰপ্তানি বন্ধ কৰি দিছে। তেওঁলোকৰ মতে পাকিস্তানলৈ নপঠিয়ালেও আন কেইবাখনো দেশে তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰে।

ইন্দোৰৰ পৰা পাকিস্তানলৈ চেনী, কাজু, আখৰোট আৰু বাদাম আদি ৰপ্তানি কৰা হয়। 


উল্লেখ্য যে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ গুলীচালনাত ইন্দোৰৰ বাসিন্দা সুজিত কুমাৰ নাথনিয়ালৰো মৃত্যু হয়। তেওঁৰ কন্যাৰ ভৰিতো গুলী লাগে। তেতিয়াৰে পৰা সমগ্ৰ ইন্দোৰ চহৰত বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে ব্যাপক ক্ষোভ দেখা গৈছে।পাকিস্তানলৈ বিভিন্ন সামগ্ৰী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লয় ব্যৱসায়ী সন্থাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ