--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২২ এপ্ৰিলত সংঘটিত হোৱা পেহেলগাম আক্ৰমণক লৈ শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ দেশ। এই ঘটনাৰ পাছতেই পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰিছে ভাৰতে। সিন্ধু জলচুক্তি বাতিলকে ধৰি কেইবাটাও কঠোৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত চৰকাৰে। তাৰ মাজতে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়েও পাকিস্তানৰ বিৰুদ্ধে কঠোৰ স্থিতি গ্ৰহণ কৰাৰ সিদ্ধান্ত লৈছে।

পাকিস্তানলৈ ড্ৰাই ফ্ৰুইটছৰ ৰপ্তানি বন্ধৰ সিদ্ধান্ত লৈছে মধ্যপ্ৰদেশৰ একাংশ ব্যৱসায়ীয়ে। ব্যৱসায়ীসকলৰ মতে ইন্দোৰৰ পৰা পাকিস্তানলৈ ৫০ৰ পৰা ১০০ কোটি টকাৰ ড্ৰাই ফ্ৰুইটছ, চেনি আৰু অন্যান্য গেলামালৰ সামগ্ৰী ৰপ্তানি কৰা হয়। ইয়াৰ জৰিয়তে পাকিস্তানীসকলৰ যথেষ্ট চাহিদা পূৰণ হয়।

কিন্তু এতিয়া ব্যৱসায়ীসকলে এই ৰপ্তানি বন্ধ কৰি দিছে। তেওঁলোকৰ মতে পাকিস্তানলৈ নপঠিয়ালেও আন কেইবাখনো দেশে তেওঁলোকৰ পৰা সামগ্ৰী ক্ৰয় কৰে।

ইন্দোৰৰ পৰা পাকিস্তানলৈ চেনী, কাজু, আখৰোট আৰু বাদাম আদি ৰপ্তানি কৰা হয়। 


উল্লেখ্য যে পেহেলগামত পাকিস্তানী সন্ত্ৰাসবাদীৰ গুলীচালনাত ইন্দোৰৰ বাসিন্দা সুজিত কুমাৰ নাথনিয়ালৰো মৃত্যু হয়। তেওঁৰ কন্যাৰ ভৰিতো গুলী লাগে। তেতিয়াৰে পৰা সমগ্ৰ ইন্দোৰ চহৰত বিশেষকৈ বাণিজ্যিক ক্ষেত্ৰত পাকিস্তানৰ বিৰুদ্ধে ব্যাপক ক্ষোভ দেখা গৈছে।পাকিস্তানলৈ বিভিন্ন সামগ্ৰী প্ৰেৰণ নকৰাৰ সিদ্ধান্ত লয় ব্যৱসায়ী সন্থাই ।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ