--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : বহু চৰ্চিত ৰাম মন্দিৰৰ বাবে বুধবাৰৰ দিনটো হ’ব এটা গুৰুত্বপূৰ্ণ দিন।  ৰাম মন্দিৰ নিৰ্মাণৰ আৰু এটা গুৰুত্বপূৰ্ণ ঢাপ আগবাঢ়িব বুধবাৰৰ দিনটোত। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাম মন্দিৰ নিৰ্মাণৰ নতুন পৰ্বৰ শুভাৰম্ভণিৰ বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰিব।

অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ কাম দ্ৰুতগতিত আগবাঢ়িছে। মন্দিৰ নিৰ্মাণৰ প্ৰথম পৰ্যায় সম্পূৰ্ণ হোৱাৰ পাছত, বুধবাৰৰ পৰা দ্বিতীয় পৰ্যায়ৰ অধীনত গৰ্ভগৃহ নিৰ্মাণৰ কাম আৰম্ভ হ'ব। এই উপলক্ষে, গৰ্ভগৃহৰ প্ৰথম শিলাখণ্ড স্থাপন কৰা হ'ব। উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ, উপ মুখ্যমন্ত্ৰী কেশৱ প্ৰসাদ মৌৰ্য, ৰাম জন্মভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসৰ সভাপতি নৃত্য গোপাল দাস, সাধাৰণ সম্পাদক ম্পত ৰায় আৰু প্ৰায় ২৫০ জন সাধু, ৰাজনৈতিক ব্যক্তি আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকিব এই কাৰ্যসূচীত। প্ৰথম শিলাখণ্ড স্থাপন কৰাৰ পাছত, গৰ্ভগৃহৰ কাম ২০২৩ চনৰ ডিচেম্বৰৰ ভিতৰত সম্পূৰ্ণ হ'ব আৰু আশা কৰা হৈছে যে ২০২৪ চনৰ জানুৱাৰীত মকৰ সংক্ৰান্তিৰ দিনা ৰামলালা নিজৰ মন্দিৰত স্থাপিত'ব। মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে গৰ্ভগৃহ নিৰ্মাণৰ প্ৰথমটো শিলা স্থাপন কৰিব বুলি প্ৰকাশ কৰিছে ৰাম মন্দিৰ নিৰ্মাণ কৰ্তৃপক্ষই।

ৰাম মন্দিৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ ৰায় যদিও ২০১৯ চনৰ ৯ নৱেম্বৰ প্ৰদান কৰা হৈছিল কিন্তু মন্দিৰ নিৰ্মাণৰ প্ৰস্তুতি ১৯৮৯ চনৰে পৰা আৰম্ভ হৈছিল। ১৯৮৯ চনত, প্ৰথমে শিলা পূজন বা শিলা ন্যাসৰ সৈতে প্ৰথমে ৰাম ভক্তসকলৰ পৰা ইটা আহ্বান কৰা হৈছিল। পৰৱৰ্তী বছৰত, ১৯৯০ চনৰ ছেপ্টেম্বৰত অযোধ্যাত বিশ্ব হিন্দু পৰিষদৰ এটা কাৰ্যসূচী আৰম্ভ কৰা হৈছিল। এই কাৰ্যসূচীত গুলপীয়া শিলেৰে মন্দিৰ নিৰ্মাণৰ বাবে শিল খোদাই কৰাৰ কাম আৰম্ভ কৰা হৈছিল। পূৰ্বৰ ৰাম মন্দিৰৰ নক্সা অনুসৰি, ৰাম মন্দিৰ নিৰ্মাণৰ সপক্ষে ন্যায়ালয়ৰ ৰায়ৰ সময়লৈ ৬০ৰ পৰা ৬৫ শতাংশ কাম সম্পূৰ্ণ হৈছিল, কিন্তু ৰাম মন্দিৰৰ সপক্ষে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্তৰ পাছত, নক্সা সলনি কৰা হৈছিল আৰু মন্দিৰৰ গাঁথনি ডাঙৰ কৰা হৈছিল। এনে পৰিস্থিতিত, এতিয়া ৪০ শতাংশ শিলৰ কাম সম্পূৰ্ণ হৈছে।

গুলপীয়া শিলেৰে নিৰ্মাণ কৰা ৰাম মন্দিৰৰ গৰ্ভগৃহৰ কাম বুধবাৰে আৰম্ভ হ'ব। এই গুলপীয়া বালিৰ শিলবোৰ ৰাজস্থানৰ ভৰতপুৰৰ বংশী পাহাৰৰ, নগৰ শৈলীৰ শিল্পকৰ্ম খোদিত কৰা হৈছে, আগতে এই শিলবোৰৰ কাম সম্পূৰ্ণৰূপে হাতেৰে কৰা হৈছিল, কিন্তু এতিয়া মন্দিৰ নিৰ্মাণৰ কাম ত্বৰান্বিত হোৱাৰ পাছত, এতিয়া যন্ত্ৰ ব্যৱহাৰ কৰা হৈছে। মন্দিৰৰ পুৰণি নক্সা অনুসৰি ইয়াৰ উচ্চতা ১২৮ ফুট, প্ৰস্থ ১৪০ ফুট আৰু দৈৰ্ঘ্য ২৫৫ ফুট হোৱাৰ কথা আছিল। অৱশ্যে, নক্সা সলনি হোৱাৰ পাছত, মন্দিৰৰ উচ্চতা এতিয়া ১৬১ ফুট হ', প্ৰস্থ হ’ব ২৫৫ ফুট আৰু দৈৰ্ঘ্য ৩৫০ ফুট হ'ব। মন্দিৰটোত মুঠ ৪ লাখ ঘনফুট শিলা স্থাপন কৰা হ'ব। 


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ