--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধনৰ যেন সোঁত বৈছে ভাৰতীয় জনতা পাৰ্টীলৈ। বছৰটোতে শ শ কোটিৰ বৰঙণি লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে। তাৰ তুলনাত কংগ্ৰেছকে ধৰি বাকী দলবোৰে লাভ কৰা বৰঙণিৰ পৰিমাণ হৈছে তেনেই নগণ্য। ইলেকচন কমিছনে এই তথ্য প্ৰকাশ কৰিছে।

২০২০-২১ বৰ্ষত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭৭.৫ কোটি টকাৰ বৰঙণি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৭৪.৫০ কোটি। এই ধন বিজেপিয়ে লাভ কৰা মুঠ বৰঙণিৰ মাত্ৰ ১৫ শতাংশ। দুয়োটা দলে বিগত বিত্তীয় বৰ্ষ লাভ কৰা বৰঙণিৰ পৰিমাণ দাখিল কৰে আৰু নিৰ্বাচন আয়োগে এই হিচাপ ৰাজহুৱা কৰে। বিজেপিয়ে এই সময়ছোৱাত বিভিন্ন প্ৰতিষ্ঠান, ইলেক্ট’ৰেল ট্ৰাষ্ট আৰু ব্যক্তি বিশেষৰ পৰা লাভ কৰা বৰঙণিৰ পৰিমাণ হৈছে ৪,৭৭,৫৪,৫০,০৭৭।

বিজেপিয়ে যোৱা ১৪ মাৰ্চতে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকে ২০২০-২১ বিত্তীয় বৰ্ষত লাভ কৰা বিপুল পৰিমাণৰ বৰঙণিৰ তথ্য প্ৰকাশ কৰে। কংগ্ৰেছে বিভিন্ন প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ পৰা লাভ কৰা বৰঙণিৰ পৰিমাণ ৭৪,৫০,৪৯,৭৩১ বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিভিন্ন ৰাজনৈতিক দলে ২০হাজাৰ টকাতকৈ অধিক ধন দলৰ পুঁজিলৈ বৰঙণি লাভ কৰিলে সেয়া তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে। কেন্দ্ৰকে ধৰি দেশৰ সৰহসংখ্যক ৰাজ্যতে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ সুবাদতে বিজেপিয়ে লাভ কৰা বৰঙণিৰ পৰিমাণ ব্যাপক হোৱা বুলি অনুমান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ