--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : ধনৰ যেন সোঁত বৈছে ভাৰতীয় জনতা পাৰ্টীলৈ। বছৰটোতে শ শ কোটিৰ বৰঙণি লাভ কৰিবলৈ সক্ষম হৈছে দলটোৱে। তাৰ তুলনাত কংগ্ৰেছকে ধৰি বাকী দলবোৰে লাভ কৰা বৰঙণিৰ পৰিমাণ হৈছে তেনেই নগণ্য। ইলেকচন কমিছনে এই তথ্য প্ৰকাশ কৰিছে।

২০২০-২১ বৰ্ষত ভাৰতীয় জনতা পাৰ্টীয়ে ৪৭৭.৫ কোটি টকাৰ বৰঙণি লাভ কৰিবলৈ সক্ষম হৈছে। তাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছে মাত্ৰ ৭৪.৫০ কোটি। এই ধন বিজেপিয়ে লাভ কৰা মুঠ বৰঙণিৰ মাত্ৰ ১৫ শতাংশ। দুয়োটা দলে বিগত বিত্তীয় বৰ্ষ লাভ কৰা বৰঙণিৰ পৰিমাণ দাখিল কৰে আৰু নিৰ্বাচন আয়োগে এই হিচাপ ৰাজহুৱা কৰে। বিজেপিয়ে এই সময়ছোৱাত বিভিন্ন প্ৰতিষ্ঠান, ইলেক্ট’ৰেল ট্ৰাষ্ট আৰু ব্যক্তি বিশেষৰ পৰা লাভ কৰা বৰঙণিৰ পৰিমাণ হৈছে ৪,৭৭,৫৪,৫০,০৭৭।

বিজেপিয়ে যোৱা ১৪ মাৰ্চতে নিৰ্বাচন আয়োগৰ ওচৰত তেওঁলোকে ২০২০-২১ বিত্তীয় বৰ্ষত লাভ কৰা বিপুল পৰিমাণৰ বৰঙণিৰ তথ্য প্ৰকাশ কৰে। কংগ্ৰেছে বিভিন্ন প্ৰতিষ্ঠান আৰু ব্যক্তি বিশেষৰ পৰা লাভ কৰা বৰঙণিৰ পৰিমাণ ৭৪,৫০,৪৯,৭৩১ বুলি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, বিভিন্ন ৰাজনৈতিক দলে ২০হাজাৰ টকাতকৈ অধিক ধন দলৰ পুঁজিলৈ বৰঙণি লাভ কৰিলে সেয়া তেওঁলোকে নিৰ্বাচন আয়োগৰ ওচৰত দাখিল কৰিব লাগে। কেন্দ্ৰকে ধৰি দেশৰ সৰহসংখ্যক ৰাজ্যতে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ সুবাদতে বিজেপিয়ে লাভ কৰা বৰঙণিৰ পৰিমাণ ব্যাপক হোৱা বুলি অনুমান কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ