--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : নগা শান্তি চুক্তি ৰূপায়নৰ দিশত আহি পৰা প্ৰতিবন্ধকতা আঁতৰ কৰাৰ চেষ্টাত বাৰম্বাৰ যতি পৰা দেখিবলৈ পোৱা গৈছে। নগা সমস্যা সমাধানৰ বাবে কেন্দ্ৰৰ সৈতে আলোচনাৰত এনএছচিএন-এ বান্ধি দিয়া কঠোৰ চৰ্তৰ পৰা তিলমানো লৰচৰ হ’বলৈ অস্বীকাৰ কৰি অহাৰ পৰিপ্ৰেক্ষিতত সৃষ্টি হৈছে অচলাৱস্থাৰ। নগা বিদ্ৰোহীৰ সমস্যাক সঠিকভাৱে সমাধান কৰাৰ ক্ষেত্ৰত এতিয়া খোচৰা গাঠি হৈ পৰিছে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী। যি দুটা দাবী পূৰণ কৰাৰ ক্ষেত্ৰত বাৰম্বাৰ অপৰাগতা প্ৰকাশ কৰিছে কেন্দ্ৰীয় চৰকাৰে।

শেহতীয়া তথ্য অনুসৰি কেন্দ্ৰীয় চৰকাৰে নগা সমস্যা সমাধানৰ ক্ষেত্ৰত এনএছচিএন(আইএম)এ দাবী কৰা সুকীয়া পতাকা আৰু সংবিধান সাংস্কৃতিক প্ৰতীকধৰ্মী ৰূপত প্ৰদান কৰিলে সেয়া গ্ৰহণ কৰিবলৈ অস্বীকাৰ কৰিছে বিদ্ৰোহী সংগঠনটোৱে। সংগঠনটোৰ মুখপত্ৰ ‘নাগালিম ভইচ’ৰ শেহতীয়া সংস্কৰণৰ সম্পাদকীয়ত কোৱা হৈছে যে, নাগা জাতীয় পতাকা নগাসকলৰ ৰাজনৈতিক পৰিচয়ৰ প্ৰতীক। ই আলোচনাযোগ্য বা আপোচযোগ্য নহয়। সেয়েহে নাগা পতাকাক সাংস্কৃতিক পতাকাক সাংস্কৃতিক পতাকা হিচাপে ব্যৱহাৰ কৰাটো কোনোপধ্যেই সংগঠনটোৱে মানি নলয়। কেন্দ্ৰীয় চৰকাৰে চুক্তি অনুসৰি দিবলৈ সন্মত হোৱা পৃথক নাগা পতাকাখন এখন সাংস্কৃতিক পতাকাহে হ’ব আৰু কোনো ৰাজনৈতিক তথা চৰকাৰী কাৰ্যসূচীত ইয়াক ব্যৱহাৰ কৰিব নোৱাৰিব বুলি প্ৰকাশ হোৱা বাতৰিৰ পাছতে এই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে সংগঠনটোৱে।

এনএছটিএনৰ এনে আপোচহীন স্থিতিয়ে উত্তৰ পূবত স্থায়ী শান্তি প্ৰতিষ্ঠাৰ সপোন আৰু কিছুদূৰ পিছুৱাই লৈ যোৱাৰ আশংকা কৰা হৈছ। উল্লেখ্য যে, কেন্দ্ৰীয় চৰকাৰে জম্মু-কাশ্মীৰৰ দৰে ৰাজ্যৰ পৰা অনুচ্ছেদ ৩৭০ আৰু ৩৫-ক প্ৰত্যাহাৰৰ জৰিয়তে তেওঁলোকৰ পৃথক পতাকা তথা বিশেষ মৰ্যাদা কাঢ়ি লৈছে। ইয়াক লৈ এতিয়াও অব্যাহত আছে বিতৰ্ক। এনে পৰিপ্ৰেক্ষিতত নগালেণ্ডৰ বাবে পৃথক পতাকা আৰু সংবিধান দিবলৈ কেন্দ্ৰ সন্মত হ’ব নে নাই সেয়া এক ডাঙৰ প্ৰশ্ন হিচাপে চিহ্নিত হৈছে।

উল্লেখ্য যে, কিছুমাহ পূ্ৰ্বে শান্তি আলোচনাৰ কেন্দ্ৰৰ প্ৰতিনিধি এ কে মিশ্ৰ আলোচনা প্ৰক্ৰিয়া পুনৰ আৰম্ভ কৰাৰ বাবে উপস্থিত হৈছিল ডিমাপুৰত। আই বিৰ প্ৰাক্তন বিশেষ সঞ্চালকগৰাকীয়ে এনএছচিএনৰ হেমৰন শিবিৰত সংগঠনটোৰ সাধাৰণ সম্পাদক থুইংগালেং মুইভাৰ সৈতে অনানুষ্ঠানিক আলোচনাতো মিলিত হৈছিল। এনএছচিএন-আইএমৰ হেমৰনত থকা মুখ্য কাৰ্যালয়ত প্ৰথমবাৰলৈ এনে আলোচনা অনুষ্ঠিত হৈছিল। এনে পৰিপ্ৰেক্ষিতত শান্তি আলোচনা প্ৰক্ৰিয়াই গতি লোৱাৰ সম্ভাৱনা দেখিবলৈ পোৱা গৈছিল। কিন্তু এনএছটিএনৰ আপোচহীন স্থিতি তথা কেন্দ্ৰৰ অমনীয়তাই এই সম্ভাৱনাক পুনৰ অনিশ্চয়তালৈ থেলি দিয়া পৰিলক্ষিত হৈছে।

স্মৰ্তব্য যে, বিগত ছটা দশকে নগা জাতীয়তাবাদী সংগঠনবোৰে এখন সাৰ্বভৌম নাগালেণ্ডৰ দাবীৰে কেন্দ্ৰৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে। এই সময়ছোৱাত নগা জাতীয়তাবাদী সংগ্ৰাম তথা তেওঁলোকৰ সশস্ত্ৰ সংগ্ৰামে কেইবাটাও বিভাগত বিভক্ত হৈ পৰিছিল। তাৰ ভিতৰত অন্যতম আছিল এনছচিএন-আইএম বা ইছাক মুইভা গোট। এই গোটটোৱেই হৈছে এই সংগ্ৰামী সংগঠনবোৰৰ ভিতৰত সৰ্ববৃহত।

১৯৯৭ চনত এনএছচিএন আইএম-এ কেন্দ্ৰৰ সৈতে এখন শান্তি চুক্তি স্বাক্ষৰ কৰে আৰু আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰে। তাৰ পাছত আন সাতটা গোটেও এই পদাংক অনুসৰণ কৰে। এনএছচিএন আইএম গোটে নাগালেণ্ডৰ বাবে পৃথক পতাকা আৰু পৃথক সংবিধানৰ দাবী তোলে আৰু ২০১৫ চনত এখন ফ্ৰেমৱৰ্ক চুক্তি স্বাক্ষৰ কৰে। এই দাবীয়েই নগা শান্তি আলোচনাৰ বাটত এক খোঁচৰা গাঠি লগোৱা দেখা যায়। ২০১৯ চনত চৰকাৰ আৰু এনএছচিএন আইএম-এ এখন শান্তি চুক্তি স্বাক্ষৰ কৰিবলৈ সন্মত হয়। কিন্তু পৃথক সংবিধানৰ বিষয়টো এইক্ষেত্ৰত বাদ দিয়া হয় আৰু এখন চৰ্তসাপেক্ষ পতাকা দিয়াৰ সিদ্ধান্ত কৰা হয়। যিখন পতাকা কোনো চৰকাৰী অনুষ্ঠান বা কাৰ্যসূচীত ব্যৱহাৰ কৰিব নোৱাৰিব বুলি কোৱা হৈছিল। কিন্তু এনএছচিএনৰ অনমনীয় স্থিতিৰ পাছতে পৃথক পতাকা আৰু সংবিধানৰ বিষয়টোক লৈ কেন্দ্ৰই আলোচনা কৰিবলৈ বাধ্য হৈ পৰিছে  যদিও এই সম্পৰ্কত এতিয়াও সমাধানসূত্ৰ ওলোৱা নাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ