--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ সীমান্তত পুনৰ যুদ্ধ বিৰতি চুক্তি ভংগ কৰিলে পাকিস্তানৰ সেনাই৷   জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) কেইবাটাও শিবিৰত পাক সেনাই আক্ৰমণ কৰাৰ খবৰ আহিছে৷ বৃহস্পতিবাৰে নিশাৰে পৰা পাক সেনাৰ ধাৰাবাহিক গুলীচালনাত দুজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হৈছে। 

এই ঘটনাত এজন স্থানীয় গাওঁবাসীও আঘাতপ্ৰাপ্ত হৈছে।বিএছএফে প্ৰকাশ কৰা  মতে, বৃহস্পতিবাৰে নিশাৰে পৰা  কোনো প্ৰৰোচনা অবিহনেই পাকিস্তানী সৈন্যই আৰ্ণিয়া-সুচেতগড় খণ্ডৰ পাঁচটা সীমান্ত চৌকিত আক্ৰমণ কৰে। পাকিস্তানী ৰেঞ্জাৰ বাহিনীৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদীয়েও  এই আক্ৰমণত অংশগ্ৰহণ কৰে। বিএছএফেও পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ওলোটাই গুলীবৰ্ষণ কৰে৷ 

ছেপ্টেম্বৰত, পাকিস্তানী সৈন্যই জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ওচৰত আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ চৌকিসমূহত আক্ৰমণ কৰিছিল। জম্মু, চাম্বা আৰু পুঞ্চ জিলাত ধাৰাবাহিক আক্ৰমণত কেইবাজনো বিএছএফ জোৱান আহত হৈছিল। 

চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে পাক সেনাৰ এই   পৰিকল্পিত আক্ৰমণৰ উদ্দেশ্য হৈছে  শীতকালৰ পূৰ্বে  পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীসকলক ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিয়া৷ অৱশ্যে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাক সেনাৰ সেই চেষ্টা ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ