--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কাশ্মীৰ সীমান্তত পুনৰ যুদ্ধ বিৰতি চুক্তি ভংগ কৰিলে পাকিস্তানৰ সেনাই৷   জম্মুৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত ভাৰতীয় সীমান্ত সুৰক্ষা বাহিনীৰ (বিএছএফ) কেইবাটাও শিবিৰত পাক সেনাই আক্ৰমণ কৰাৰ খবৰ আহিছে৷ বৃহস্পতিবাৰে নিশাৰে পৰা পাক সেনাৰ ধাৰাবাহিক গুলীচালনাত দুজন বিএছএফ জোৱান গুৰুতৰভাৱে আহত হৈছে। 

এই ঘটনাত এজন স্থানীয় গাওঁবাসীও আঘাতপ্ৰাপ্ত হৈছে।বিএছএফে প্ৰকাশ কৰা  মতে, বৃহস্পতিবাৰে নিশাৰে পৰা  কোনো প্ৰৰোচনা অবিহনেই পাকিস্তানী সৈন্যই আৰ্ণিয়া-সুচেতগড় খণ্ডৰ পাঁচটা সীমান্ত চৌকিত আক্ৰমণ কৰে। পাকিস্তানী ৰেঞ্জাৰ বাহিনীৰ লগতে পাকিস্তানী সন্ত্ৰাসবাদীয়েও  এই আক্ৰমণত অংশগ্ৰহণ কৰে। বিএছএফেও পাকিস্তানী সেনাৰ গুলীচালনাৰ প্ৰত্যুত্তৰত ওলোটাই গুলীবৰ্ষণ কৰে৷ 

ছেপ্টেম্বৰত, পাকিস্তানী সৈন্যই জম্মু আৰু কাশ্মীৰৰ নিয়ন্ত্ৰণ ৰেখাৰ (এলঅ'চি) ওচৰত আৰু আন্তঃৰাষ্ট্ৰীয় সীমান্তত বিএছএফৰ চৌকিসমূহত আক্ৰমণ কৰিছিল। জম্মু, চাম্বা আৰু পুঞ্চ জিলাত ধাৰাবাহিক আক্ৰমণত কেইবাজনো বিএছএফ জোৱান আহত হৈছিল। 

চোৰাংচোৱা সূত্ৰই প্ৰকাশ কৰা মতে পাক সেনাৰ এই   পৰিকল্পিত আক্ৰমণৰ উদ্দেশ্য হৈছে  শীতকালৰ পূৰ্বে  পাকিস্তান অধিকৃত কাশ্মীৰৰ পৰা সন্ত্ৰাসবাদীসকলক ভাৰতত অনুপ্ৰৱেশ কৰিবলৈ সুবিধা কৰি দিয়া৷ অৱশ্যে ভাৰতীয় নিৰাপত্তা বাহিনীয়ে পাক সেনাৰ সেই চেষ্টা ব্যৰ্থ কৰিবলৈ সক্ষম হৈছে৷ 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ