--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : লক্ষ্য সদায় স্থিৰ আৰু ভাগ্য সদশয় হ’লে সফলতা এদিন আহিবই। এই কথা প্ৰমাণ কৰিলে বলীউডৰ বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে। বিতৰ্ক আৰু সমালোচনাই সততে লগ নেৰা বলীউডৰ ‘ড্ৰামা কুইন হিচাপে পৰিচিত ৰাখী সাৱন্ত। এটা সময়ত ৰাখী সাৱন্তে মুকেশ আম্বানীৰ পৰিয়ালত দাসী হিচাপে কাম কৰিছিল। আজি সেই ছোৱালীজনীয়ে অভিনয় আৰু নৃত্যশৈলীৰে অগণন ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

 ১০ বছৰীয়া ছোৱালী ৰাখী সাৱন্তৰ এই যাত্ৰা সহজ নাছিল। অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছিল তেওঁ। মাক হস্পিতালৰ মেনেজাৰ আৰু দেউতাক পুলিচ কনিষ্টবল আছিল। তেওঁ অতি ৰক্ষণশীল পৰিয়ালৰ আছিল। কিন্তু সৰুৰে পৰা তেওঁ নাচি খুব ভাল পাইছিল। কিন্তু পৰিয়ালে তেওঁক কেতিয়াও নাচিবলৈ দিয়া নাছিল। আনকি ককাকে চুলি কাটিছিল, যাতে তেওঁ কোনো নৃত্যতে অংশ ল’ব নোৱাৰে। কিন্তু ৰাখী সাৱন্তই কেতিয়াও নিজৰ সপোনক বাধা দিব পৰা নাছিল। সকলো অসুবিধাৰ বিপৰীতে গৈ তেওঁ নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু বলীউডত কাম পোৱাটো ইমান সহজ নাছিল। ১০ বছৰ বয়সত যেতিয়া মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানী আৰু টিনা মুনিমৰ বিয়া হৈছিল তেতিয়া তেওঁ মাত্ৰ ৫০ টকাতে খাদ্য পৰিৱেশন কৰিছিল।

 কিন্তু ইমানৰ পাছতো তেওঁ কেতিয়াও হাৰ নামানিলে।আৰম্ভণিতে তেওঁ বলীউডত সৰু সৰু আইটেম গানত নাচিছিল। সৰু সৰু চৰিত্ৰতো অভিনয় কৰিছিল। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ‘মাই হুত চুমা খোৱা দৃশ্যত অভিনয় কৰাৰ পাছত তেওঁ লাইমলাইটলৈ আহে। ‘নাচ বলিয়ত তেওঁ মিকা সিঙৰ সৈতে ৰাজহুৱা চুমা এটাও কৰিছিল যিয়ে তেওঁক অতি জনপ্ৰিয় কৰি তুলিছিল। এই ঘটনাই জোকাৰি গৈছে তেওঁৰ ব্যক্তিগত জীৱনত। পাছলৈ তেওঁ ‘ৰাখী সাৱন্ত কা স্বয়ম্বৰ, ‘বিগ বছ ছিজন-১৪ আদি ৰিয়েলিটি শ্বত অংশ লৈ যথেষ্ট সমালোচিত হৈছিল। হিন্দীৰ বাহিৰেও তেওঁ তেলেগু, মাৰাঠী, তামিল, কানাড়া আদি ভাষাত অভিনয় কৰিছে। এক কথাত কবলৈ গলে বলীউডত চলি থকা বিতৰ্কক তেওঁ সংগ কৰি চলিছিল। হয়তো সেইবাবেই তেওঁ ইমান জনপ্ৰিয়।

 তেওঁৰ প্ৰকৃত নাম নিৰু বেদা। পাছত তেওঁ বলীউড নাম সলনি কৰে। আমেৰিকাৰ ৰিতেশৰ সৈতে তেওঁৰ বিবাহ হৈছিল। কিন্তু দীপক কলাৰৰ সৈতে ‘লাইভ ফুল বেড’ক লৈ তেওঁ চৰম বিতৰ্কিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত ‘বিগ বছ’ৰ প্ৰতিযোগী ইলেশ পাৰুজানৱালাৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। কিন্তু সেই সম্পৰ্ক বেছিদিন নিটিকিল। এটা সাক্ষাৎকাৰত ৰাখীয়ে কয় যে তেওঁ কেৱল টকাৰ বাবেহে এই এংগেজমেণ্ট কৰিছিল। এক কথাত ক’বলৈ গলে তেওঁ বাৰে বাৰে বিতৰ্কৰ সন্মুখীন হৈ আহিছে। ২০১৪ চনত তেওঁ ৰাজ্যৰ আম জনতা পাৰ্টীৰ হৈ লোকসভা নিৰ্বাচনত থিয় দি পৰাস্ত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আৰপিআইত যোগদান কৰে আৰু এই দলৰ পৰাই তেওঁ ৰাজ্যৰ উপ-সভাপতি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ