--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : লক্ষ্য সদায় স্থিৰ আৰু ভাগ্য সদশয় হ’লে সফলতা এদিন আহিবই। এই কথা প্ৰমাণ কৰিলে বলীউডৰ বিতৰ্কিত অভিনেত্ৰীগৰাকীয়ে। বিতৰ্ক আৰু সমালোচনাই সততে লগ নেৰা বলীউডৰ ‘ড্ৰামা কুইন হিচাপে পৰিচিত ৰাখী সাৱন্ত। এটা সময়ত ৰাখী সাৱন্তে মুকেশ আম্বানীৰ পৰিয়ালত দাসী হিচাপে কাম কৰিছিল। আজি সেই ছোৱালীজনীয়ে অভিনয় আৰু নৃত্যশৈলীৰে অগণন ভাৰতীয়ৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে।

 ১০ বছৰীয়া ছোৱালী ৰাখী সাৱন্তৰ এই যাত্ৰা সহজ নাছিল। অতি সাধাৰণ পৰিয়ালৰ পৰা আহিছিল তেওঁ। মাক হস্পিতালৰ মেনেজাৰ আৰু দেউতাক পুলিচ কনিষ্টবল আছিল। তেওঁ অতি ৰক্ষণশীল পৰিয়ালৰ আছিল। কিন্তু সৰুৰে পৰা তেওঁ নাচি খুব ভাল পাইছিল। কিন্তু পৰিয়ালে তেওঁক কেতিয়াও নাচিবলৈ দিয়া নাছিল। আনকি ককাকে চুলি কাটিছিল, যাতে তেওঁ কোনো নৃত্যতে অংশ ল’ব নোৱাৰে। কিন্তু ৰাখী সাৱন্তই কেতিয়াও নিজৰ সপোনক বাধা দিব পৰা নাছিল। সকলো অসুবিধাৰ বিপৰীতে গৈ তেওঁ নিজৰ সপোনক বাস্তৱ ৰূপ দিয়াৰ বাবে ঘৰৰ পৰা ওলাই আহিছিল। কিন্তু বলীউডত কাম পোৱাটো ইমান সহজ নাছিল। ১০ বছৰ বয়সত যেতিয়া মুকেশ আম্বানীৰ ভাতৃ অনিল আম্বানী আৰু টিনা মুনিমৰ বিয়া হৈছিল তেতিয়া তেওঁ মাত্ৰ ৫০ টকাতে খাদ্য পৰিৱেশন কৰিছিল।

 কিন্তু ইমানৰ পাছতো তেওঁ কেতিয়াও হাৰ নামানিলে।আৰম্ভণিতে তেওঁ বলীউডত সৰু সৰু আইটেম গানত নাচিছিল। সৰু সৰু চৰিত্ৰতো অভিনয় কৰিছিল। ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ ‘মাই হুত চুমা খোৱা দৃশ্যত অভিনয় কৰাৰ পাছত তেওঁ লাইমলাইটলৈ আহে। ‘নাচ বলিয়ত তেওঁ মিকা সিঙৰ সৈতে ৰাজহুৱা চুমা এটাও কৰিছিল যিয়ে তেওঁক অতি জনপ্ৰিয় কৰি তুলিছিল। এই ঘটনাই জোকাৰি গৈছে তেওঁৰ ব্যক্তিগত জীৱনত। পাছলৈ তেওঁ ‘ৰাখী সাৱন্ত কা স্বয়ম্বৰ, ‘বিগ বছ ছিজন-১৪ আদি ৰিয়েলিটি শ্বত অংশ লৈ যথেষ্ট সমালোচিত হৈছিল। হিন্দীৰ বাহিৰেও তেওঁ তেলেগু, মাৰাঠী, তামিল, কানাড়া আদি ভাষাত অভিনয় কৰিছে। এক কথাত কবলৈ গলে বলীউডত চলি থকা বিতৰ্কক তেওঁ সংগ কৰি চলিছিল। হয়তো সেইবাবেই তেওঁ ইমান জনপ্ৰিয়।

 তেওঁৰ প্ৰকৃত নাম নিৰু বেদা। পাছত তেওঁ বলীউড নাম সলনি কৰে। আমেৰিকাৰ ৰিতেশৰ সৈতে তেওঁৰ বিবাহ হৈছিল। কিন্তু দীপক কলাৰৰ সৈতে ‘লাইভ ফুল বেড’ক লৈ তেওঁ চৰম বিতৰ্কিত হৈ পৰিছিল। পৰৱৰ্তী সময়ত ‘বিগ বছ’ৰ প্ৰতিযোগী ইলেশ পাৰুজানৱালাৰ সৈতে সম্পৰ্ক গঢ়ি তোলে। কিন্তু সেই সম্পৰ্ক বেছিদিন নিটিকিল। এটা সাক্ষাৎকাৰত ৰাখীয়ে কয় যে তেওঁ কেৱল টকাৰ বাবেহে এই এংগেজমেণ্ট কৰিছিল। এক কথাত ক’বলৈ গলে তেওঁ বাৰে বাৰে বিতৰ্কৰ সন্মুখীন হৈ আহিছে। ২০১৪ চনত তেওঁ ৰাজ্যৰ আম জনতা পাৰ্টীৰ হৈ লোকসভা নিৰ্বাচনত থিয় দি পৰাস্ত হৈছিল। পৰৱৰ্তী সময়ত তেওঁ আৰপিআইত যোগদান কৰে আৰু এই দলৰ পৰাই তেওঁ ৰাজ্যৰ উপ-সভাপতি হয়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ