--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ জুনত মুক্তি পাব নতুন ছবি ‘পৃথ্বীৰাজ’। ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ গৈছে বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙৰ টুইট দেখি অক্ষয় কুমাৰে অংগনবাড়ীৰ শিশুসকলৰ ত্ৰাণকৰ্তা হৈ কাষত থিয় দিয়া দেখা গ’ল। অংগনবাড়ীৰ শিশুসকলৰ বাবে ১ কোটি টকাৰ সাহায্য আগবঢ়াইছে বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰে। 

অক্ষয় কুমাৰৰ এই বৰঙণিৰ কথা শিৱৰাজ চৌহানে নিজে ঘোষণা কৰিছে। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে জনাইছিল যে, ‘অংগনৱাড়ীৰ শিশু সকলৰ বিকাশৰ বাবে ধনৰ প্ৰয়োজন। এই ধন সংগ্ৰহ কৰিবলৈ ৰাজপথত ভিক্ষা কৰিব বুলিও জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী শিৱৰাজৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অক্ষয় কুমাৰে কয় যে এই দুখীয়া আৰু অসহায় শিশুসকলৰ বাবে তেওঁ কিবা এটা কৰিব বিচাৰে।

পৰৱৰ্তী সময়ত ভিডিঅ’টো পুনৰ শ্বেয়াৰ কৰি শিৱৰাজ সিঙে কয় যে, অক্ষয়ে মধ্যপ্ৰদেশৰ অংগনবাড়ীৰ শিশুসকলৰ বাবে ১ কোটি টকা দান কৰাৰ প্ৰতিশ্ৰুতি দিছে। তদুপৰি তেওঁ অংগনবাড়ীৰ ৫০ টা শিশুৰ দায়িত্ব লৈছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অক্ষয়ক এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰতিক্ৰিয়া স্বৰূপে অক্ষয়ে ইম’জীৰে প্ৰণাম জনাইছে।

উল্লেখ্য যে, ‘পৃথ্বীৰাজ’ ছবিখনত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। মানুষী চিল্লাৰে তেওঁৰ বিপৰীত চৰিত্ৰত এগৰাকী সহযোগীৰ চৰিত্ৰত অভিনয় কৰিছে। ৩ জুনত মুক্তি পাবলগীয়া ছবিখনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ