--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩ জুনত মুক্তি পাব নতুন ছবি ‘পৃথ্বীৰাজ’। ছবিখনৰ প্ৰচাৰৰ বাবে বিভিন্ন ঠাইলৈ গৈছে বলীউড ছুপাৰষ্টাৰ অক্ষয় কুমাৰ। ইফালে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিঙৰ টুইট দেখি অক্ষয় কুমাৰে অংগনবাড়ীৰ শিশুসকলৰ ত্ৰাণকৰ্তা হৈ কাষত থিয় দিয়া দেখা গ’ল। অংগনবাড়ীৰ শিশুসকলৰ বাবে ১ কোটি টকাৰ সাহায্য আগবঢ়াইছে বলীউডৰ খিলাড়ী খ্যাত অক্ষয় কুমাৰে। 

অক্ষয় কুমাৰৰ এই বৰঙণিৰ কথা শিৱৰাজ চৌহানে নিজে ঘোষণা কৰিছে। কিছুদিন পূৰ্বে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে টুইটাৰযোগে জনাইছিল যে, ‘অংগনৱাড়ীৰ শিশু সকলৰ বিকাশৰ বাবে ধনৰ প্ৰয়োজন। এই ধন সংগ্ৰহ কৰিবলৈ ৰাজপথত ভিক্ষা কৰিব বুলিও জনাইছিল মুখ্যমন্ত্ৰীগৰাকীয়ে। মুখ্যমন্ত্ৰী শিৱৰাজৰ টুইটৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি অক্ষয় কুমাৰে কয় যে এই দুখীয়া আৰু অসহায় শিশুসকলৰ বাবে তেওঁ কিবা এটা কৰিব বিচাৰে।

পৰৱৰ্তী সময়ত ভিডিঅ’টো পুনৰ শ্বেয়াৰ কৰি শিৱৰাজ সিঙে কয় যে, অক্ষয়ে মধ্যপ্ৰদেশৰ অংগনবাড়ীৰ শিশুসকলৰ বাবে ১ কোটি টকা দান কৰাৰ প্ৰতিশ্ৰুতি দিছে। তদুপৰি তেওঁ অংগনবাড়ীৰ ৫০ টা শিশুৰ দায়িত্ব লৈছে। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰীয়ে অক্ষয়ক এই সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছে। মুখ্যমন্ত্ৰীগৰাকীৰ টুইটৰ প্ৰতিক্ৰিয়া স্বৰূপে অক্ষয়ে ইম’জীৰে প্ৰণাম জনাইছে।

উল্লেখ্য যে, ‘পৃথ্বীৰাজ’ ছবিখনত সম্ৰাট পৃথ্বীৰাজ চৌহানৰ চৰিত্ৰত অভিনয় কৰিছে অক্ষয় কুমাৰে। মানুষী চিল্লাৰে তেওঁৰ বিপৰীত চৰিত্ৰত এগৰাকী সহযোগীৰ চৰিত্ৰত অভিনয় কৰিছে। ৩ জুনত মুক্তি পাবলগীয়া ছবিখনৰ পূৰ্বে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বাবে ছবিখনৰ বিশেষ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ